গুৱাহাটী
অসম ক্ৰিকেট সন্থাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাৰিজন খেলুৱৈক নিলম্বন কৰিছে৷ এক প্ৰেছ বিবৃতিৰ জৰিয়তে অসম ক্ৰিকেট সন্থাই প্ৰকাশ কৰিছে এই কথা৷ ক্ৰিকেট খেলৰ সৈতে জড়িত দুৰ্নীতিৰ অভিযোগত নিলম্বন কৰা হৈছে অমিত সিনহা, ঈশান আহমেদ, অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰীক৷ খেলুৱৈ চাৰিগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাতো এজাহাৰ দাখিল কৰিছে অসম ক্ৰিকেট সন্থাই।
উল্লেখযোগ্য যে, বিভিন্ন পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰি খেলুৱৈকেইগৰাকীৰ বিৰুদ্ধে ২৬ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ লক্ষ্ণৌত অনুষ্ঠিত চৈয়দ মুস্তাক আলী ট্ৰফী ২০২৫ৰ সময়ত অসম দলৰ বৰ্তমানৰ একাংশ খেলুৱৈক প্ৰভাৱিত আৰু উচটনি দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগৰ পিছতে বি চি চি আইৰ দুৰ্নীতি বিৰোধী আৰু নিৰাপত্তা শাখাই তদন্ত আৰম্ভ কৰিছে ৷ অসম ক্ৰিকেট সন্থাইও আৰম্ভ কৰিছে অপৰাধমূলক গোচৰ।
অসম ক্ৰিকেট সন্থাই বিবৃতিখনত উল্লেখ কৰিছে যে, "প্ৰথম দৃষ্টিত দেখা যায় যে ওপৰত উল্লেখ কৰা চাৰিজন খেলুৱৈ গুৰুতৰ অসৎ আচৰণত জড়িত হৈ খেলৰ মৰ্যাদা কলংকিত কৰা দেখা গৈছে৷ খেলুৱৈসকলক নিলম্বন কৰাৰ উদ্দেশ্য আছিল পৰিস্থিতি যাতে তীব্ৰতৰ নহয় ৷ সেয়েহে নিলম্বনৰ সময়ছোৱাত খেলুৱৈসকলক ‘অসম ক্ৰিকেট সন্থা, জিলা শাখা বা সংযুক্ত ক্লাবৰ অধীনত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ যিকোনো প্ৰতিযোগিতা বা মেচত অংশগ্ৰহণ কৰা আৰু মেচ ৰেফাৰী, প্ৰশিক্ষক, আম্পায়াৰ ইত্যাদিকে ধৰি ক্ৰিকেট সম্পৰ্কীয় যিকোনো কামত লিপ্ত হোৱা’ত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ তদন্তৰ চূড়ান্ত ফলাফল আৰু/বা সংঘৰ পৰৱৰ্তী কোনো সিদ্ধান্ত নোহোৱালৈকে নিলম্বন প্ৰযোজ্য থাকিব ৷"
বিবৃতিটোত লগতে কোৱা হৈছে যে, "সকলো জিলা সন্থাই এই নিৰ্দেশ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু নিজৰ অধীনস্থ ক্লাব আৰু ক্ৰিকেট একাডেমীসমূহক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে অৱগত কৰা হৈছে ৷ অসম ক্ৰিকেট সন্থাই খেলৰ অখণ্ডতা আৰু মনোভাৱ ৰক্ষাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰিছে আৰু স্বচ্ছতা, অনুশাসন আৰু নৈতিক আচৰণৰ উচ্চতম মানদণ্ড বজাই ৰাখিব।"