ভাৰতৰ বিভিন্ন দৰগাহত পোহৰৰ উৎসৱ দীপাৱলী

Story by  atv | Posted by  Munni Begum • 3 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
ডাঃ ফিৰদৌছ খান
 
দীপাৱলী হৈছে হিন্দু ধৰ্মালম্বী লোকসকলৰ এক প্ৰধান উৎসৱ। ঈদৰ দিনাখন যিদৰে কেৱল মুছলমানসকলে অকলে ছেৱাই নাখায়, আন ধৰ্মৰ লোকেও এই উৎসৱত সমানে অংশ গ্ৰহণ কৰি সুস্বাদু ছেৱাইৰ যোৱাদ লয়। ঠিক একেদৰে দীপাৱলী উদযাপনৰ ক্ষেত্ৰতো সকলো ধৰ্মৰ লোকে একত্ৰিত হৈ পোহৰৰ উৎসৱটি উদযাপন কৰা পৰিলক্ষিত হয়। এই ক্ষেত্ৰত শিশুসকল আগৰণুৱা, কিয়নো বহু মুছলমান শিশুৱেও মাটিৰ চাকিৰ লগতে বজাৰৰ পৰা  আখৈ, চেনিৰ মিঠাই, আতচবাজী আদি ক্ৰয় কৰি ঘৰলৈ লৈ আহে।  
 
দীপাৱলীৰ সময়ত বজাৰত বিভিন্ন প্ৰকাৰৰ পৰম্পৰাগত মিঠাই প্ৰচুৰ পৰিমাণে পোৱা যায়। গাঁৱে-ভূঞে খুব চাহিদা থকা গুড়ৰ লাড়ু, বেচনৰ লাড়ু আৰু পেথাই আদি পৰম্পৰাগত মিঠাইয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। বহু মুছলমান লোকৰ ঘৰৰ চৌহদও দীপাৱলীৰ দিনা চাকি আৰু লাইটৰ পোহৰেৰে আলোকিত হৈ পৰে, কিয়নো চাৰিওফালৰ ঘৰবোৰ পোহৰেৰে উজ্বলি থকাত, তেওঁলোকেও নিজৰ ঘৰখন আন্ধাৰ কৰি ৰাখিব নিবিচাৰে। সেয়েহে নিজৰ চোতালত লাইট জ্বলাই পোহৰাই ৰখা দেখা যায়।   
 
দীপাৱালীৰ বাবে কেৱল মন্দিৰে সজোৱাই নহয়, দীপাৱলীৰ নিশা দৰগাহতো চাকি জ্বলোৱা হয়। এই পৰম্পৰা যুগ যুগ ধৰি চলি আহিছে। ই আমাৰ গংগা-জামুনি সংস্কৃতিৰ এক প্ৰতীক। 
 

হজৰত নিজামুদ্দিন আউলিয়াৰ দৰগাহত মাটিৰ চাকি জ্বলোৱা এক দৃশ্য
 
দৰগাহ হজৰত নিজামুদ্দিন আউলিয়া
 
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অৱস্থিত হজৰত নিজামুদ্দিন আউলিয়াৰ দৰগাহ দীপাৱলীৰ দিনা ব্যাপকভাৱে আলোকিত হৈ পৰে। দৰগাহৰ চৌহদটো ৰং বিৰঙি লাইটেৰে সজাই তোলা হয়। দীপাৱলীৰ নিশা দৰগাহত মাটিৰ চাকি জ্বলোৱা হয়। ভক্তসকলে মাটিৰ চাকি, তেল, শলিতা আদি দৰগাহলৈ লৈ আহে আৰু জ্বলাই দিয়ে। ইয়াৰ পিছতে মিঠাই বিতৰণ কৰি ইজনে সিজনক দীপাৱলীৰ শুভেচ্ছা জনায়।
 
ইয়াত জ্বলোৱা চাকিবোৰৰ ভিতৰত পৰা কিছু চাকি দৰগাহলৈ অহা মানুহবোৰে নিজৰ লগত লৈ যোৱাটোও প্ৰায়ে লক্ষণীয়। কিয়নো তেওঁলোকৰ মতে, এই চাকিটো হজৰত নিজামুদ্দিন আউলিয়াৰ আশীৰ্বাদ। এই চাকিটো ঘৰত ৰাখিলে তেওঁলোকৰ ধন-সম্পত্তি বৃদ্ধি পাব আৰু সমৃদ্ধিও আহিব। দিল্লীকে ধৰি ভাৰতৰ অন্যান্য দৰগাহবোৰো দীপাৱলীত পোহৰেৰে আলোকিত কৰা হয়।  
 

দীপাৱলীৰ দিনা হাজী আলী দৰগাহৰ চৌহদত চাকি জ্বলাই পোহৰৰ উৎসৱ উদযাপন
 
দৰগাহ হাজী আলী 
 
মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইৰ ৱৰ্লি উপকূলৰ ওচৰৰ এটা দ্বীপত অৱস্থিত চৈয়দ হাজী আলী শ্বাহ বুখাৰী (আল্লাহ তা‘আলাই)ৰ দৰগাহ। ইয়াক হাজী আলী দৰগাহ বুলিও কোৱা হয়। দীপাৱলীৰ দিনা এই দৰগাহৰ চৌহদত চাকি জ্বলাই পোহৰৰ উৎসৱ উদযাপন কৰা হয়। তেওঁ আল্লাহৰ শেষ ৰাছুল হজৰত মহম্মদ (ছাঃ)ৰ বংশধৰ অন্যতম আছিল। তেওঁৰ অনুগামীসকলৰ ভিতৰত সকলো ধৰ্মৰ লোক অন্তৰ্ভুক্ত হৈ আছে। তেওঁলোকে নিজৰ বিশ্বাস অনুযায়ী তেওঁৰ দৰগাহ দৰ্শন কৰি সকলোৰে লগত নিজৰ আনন্দৰ ভাগ বতৰা কৰে। দীপাৱলীত বৈদ্যুতিক লাইটেৰে সজাই তোলে দৰগাহৰ চৌহদত নিশা মাটিৰ চাকি জ্বলোৱা হয়। বৈদ্যুতিক লাইট আৰু মাটিৰ চাকিৰ পোহৰত দৰগাহৰ বগা মছজিদটোৰ অনন্য সৌন্দৰ্য্যই সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে।  
 

দৰগাহ দেৱা শ্বৰীফত দীপাৱলী উদযাপন
 
দৰগাহ দেৱা শ্বৰীফ
 
উত্তৰ প্ৰদেশৰ বাৰাবাংকি জিলাৰ দেৱা চহৰত অৱস্থিত হাজী ৱাৰিছ আলী শ্বাহ (ৰাঃ)ৰ দৰগাহ। ইয়াতো দীপাৱলীৰ দিনা চাকি জ্বলোৱা পৰম্পৰা আছে। তেওঁ আল্লাহৰ শেষ নবী হজৰত মহম্মদ (ছাঃ)ৰ বংশধৰ আছিল। তেওঁৰ পিতৃ কুৰবান আলী শ্বাহ (ৰাঃ)ও এজন প্ৰখ্যাত সন্ত আছিল। উল্লেখযোগ্য যে, হাজী ৱাৰিছ আলী শ্বাহ (ৰাঃ)ৰ অনুগামীসকলৰ ভিতৰত সৰহ সংখ্যক হিন্দু অনুগামী আছে। প্ৰতি বছৰে দীপাৱলীৰ দিনা তেওঁলোকে দৰগাহ চৌহদত চাকি জ্বলাই আলোকিত কৰি মিঠাই বিতৰণ দীপাৱলী পালন কৰি আহিছে।   
দীপাৱলীৰ দিনা ব্যাপকভাৱে পোহৰেৰে আলোকিত কিছৌছা শ্বৰীফ দৰগাহ
 
কিছৌছা শ্বৰীফ দৰগাহ 
 
উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰ জিলাৰ আশ্ৰফপুৰ কিছৌছা চহৰত অৱস্থিত চুলতান চৈয়দ মখদুম আশ্ৰফ জাহাংগীৰ চেমনানী (আল্লাহ তা'আলাই তেওঁৰ ওপৰত)ৰ দৰগাহ। এই দৰগাহৰ চৌহদতো দীপাৱলীৰ দিনা ব্যাপকভাৱে পোহৰেৰে আলোকিত কৰা হয়। তেওঁ ইৰাণৰ চেমনানত জন্মগ্ৰহণ কৰি ভাৰতত চিষ্টি শৃংখলাৰ বহু পৰিমাণে প্ৰচাৰ কৰিছিল। সকলো ধৰ্মৰ লোকে তেওঁৰ দৰগাহলৈ যায়, যাৰ বাবে ইয়াতো দীপাৱলী পালন কৰা হয়। দীপাৱলীৰ সময়ত ন-কইনাৰ দৰে সজাই তোলা হয় দৰগাহটো। নিশা মাটিৰ চাকি আৰু লাইট জ্বলোৱা হয় আৰু মিঠাই বিতৰণ কৰা হয়। 
 

দীপাৱলীৰ দিনা চাকি জ্বলাই আলোকিত কৰা হয় দৰগাহ ছাবিৰ পাক
 
দৰগাহ ছাবিৰ পাক
 
উত্তৰাখণ্ডৰ ৰূৰকীস্থিত কলিয়ৰ শ্বৰীফত থকা হজৰত মখদুম আলাউদ্দিন আলী আহমেদ (আল্লাহ তা‘আলাই)ৰ দৰগাহতো দীপাৱলীৰ দিনা চাকি জ্বলাই আলোকিত কৰা হয়। ছাবিৰ পাক আৰু ছাবিৰ পিয়া কলিয়ৰী নামেৰেও জনাজাত এইখন দৰগাহত দীপাৱলীত বৃহৎ সংখ্যক দৰ্শনাৰ্থীৰ সমাগম ঘটে। দীপাৱলীৰ নিশা এই দৰগাহটো চাকিৰ পোহৰেৰে উজ্বলি উঠে। মাটিৰ চাকি আৰু লাইটৰ ধুনীয়া শাৰীবোৰ দৰগাহৰ চৌদিশে দেখা যায়। ৰাইজে মিঠাই বিতৰণ কৰি ইজনে সিজনক দীপাৱলীৰ শুভেচ্ছা জনায়।  
 

খোৱাজা মইনুদ্দিন হাছান চিষ্টি দৰগাহত দীপাৱলী উদযাপন
 
দৰগাহ খোৱাজা মইনুদ্দিন হাছান চিষ্টি
 
ৰাজস্থানৰ আজমেৰত থকা খোৱাজা মইনুদ্দিন হাছান চিষ্টি (আল্লাহ তা‘আলা)ৰ দৰগাহৰ চৌহদটো দীপাৱলীৰ দিনা আলোক সজ্জাৰে সজাই তোলা হয়, য’ত ৰং-বিৰঙি লাইট আৰু চাকি জ্বলোৱা হয়। খোৱাজাক আল্লাহৰ শেষ নবী হজৰত মহম্মদ (ছাঃ)ৰ বংশধৰ বুলি কোৱা হয়। তেওঁ ভাৰতত চুফী ধৰ্মৰ চিষ্টি শৃংখলা প্ৰচাৰ কৰিছিল। ইৰাণৰ চিষ্ট চহৰত হজৰত ইছহাক শ্বামী (আল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে)ৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এই শৃংখলা বৰ্তমান বিশ্বজুৰি বিয়পি পৰিছে। দীপাৱলীৰ সময়ত এই দৰগাহলৈ দৰ্শনাৰ্থীৰ সমাগম যথেষ্ট বৃদ্ধি পায়।    
 

দীপাৱলীৰ দিনা পোহৰেৰে জিলিকি উঠে কামাৰুদ্দিন শ্বাহ দৰগাহ
 
কামাৰুদ্দিন শ্বাহ দৰগাহ
 
ৰাজস্থানৰ ঝুনঝুনু জিলাত অৱস্থিত কামাৰুদ্দিন শ্বাহ দৰগাহতো দীপাৱলীৰ দিনা পোহৰেৰে জিলিকি উঠে। যি গংগা-জামুনি সংস্কৃতিৰ অন্য এক প্ৰতীক। দীপাৱলীৰ সময়ত দৰগাহটো সুন্দৰকৈ সজাই তোলা হয়। মাটিৰ চাকিৰ লগতে লাইটৰ জিলিকনিবোৰো নিশা আটকধুনীয়া হৈ পৰে। দীপাৱলীৰ নিশা দৰগাহত আতচবাজীও জ্বলোৱা হয় আৰু মিঠাই বিতৰণ কৰা হয়। এই পৰম্পৰা যুগ যুগ ধৰি চলি আহিছে।  
 
স্থানীয় লোকে জনোৱা মতে, চাঞ্চলনাথ মাউণ্ডৰ সন্ত চাঞ্চলনাথৰ সৈতে হজৰত কামৰুদ্দিন শ্বাহৰ গভীৰ বন্ধুত্ব আছিল। কামৰুদ্দিন শ্বাহ তেওঁৰ খানকাত আৰু চাঞ্চলনাথ তেওঁৰ আশ্ৰমত পূজা-পাতল আৰু ধ্যানত মগ্ন হৈ আছিল। কিন্তু যেতিয়াই ইজনে সিজনক লগ পোৱাৰ মন  গৈছিল, তেতিয়াই সিহঁতে নিজৰ নিজৰ ঠাই এৰি ওলাই আহিছিল আৰু বাটত গুড্ডি বজাৰত লগ  হৈছিল। তেওঁলোকৰ বন্ধুত্বৰ বিষয়ে সকলোৱে জানিছিল আৰু বহু দূৰলৈকে চৰ্চা হৈছিল। সেইবাবেই এই দৰগাহটো সাম্প্ৰদায়িক সম্প্ৰীতিৰ জীৱন্ত নিদৰ্শন বুলিও কোৱা হয়।
 
 দীপাৱলীৰ নিশা ডাৱল শ্বাহ ৱালী দৰগাহৰ চৌহদটি চাকিৰ পোহৰেৰে আলোকিত হৈ পৰা এক দৃশ্য
 
দৰগাহ ডাৱল শ্বাহ ৱালী 
 
মধ্যপ্ৰদেশৰ ইন্দোৰত অৱস্থিত হজৰত ডাৱল শ্বাহ ৱালীৰ দৰগাহ। দৈনিক এই দৰগাহ ধূপৰ সুগন্ধিৰে সুগন্ধিত হৈ থাকে। দীপাৱলীৰ নিশা দৰগাহৰ চৌহদটি চাকিৰ পোহৰেৰে আলোকিত হৈ পৰে। দীপাৱলীৰ নিশা ইয়াত হিন্দু ভক্তই চাকি জ্বলাই শুভেচ্ছা জ্ঞাপন কৰে।
 
(লেখক এজন কবি, গল্পকাৰ, আৰু সাংবাদিক)