ড০ শ্বাহনাৱাজ কুৰেশ্বী: বস্তি অঞ্চলক শিক্ষাৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা এজন ব্যক্তি

Story by  atv | Posted by  Munni Begum • 4 h ago
ড০ শ্বাহনাৱাজ কুৰেশ্বী
ড০ শ্বাহনাৱাজ কুৰেশ্বী
 
জেব আখতাৰ / ৰাঁচী
 
ৰাঁচীৰ বিখ্যাত এলবাৰ্ট এক্কা চ'কৰ পৰা মাত্ৰ ডেৰ কিলোমিটাৰ নিলগত অৱস্থিত গুদ্ৰী কুৰেশ্বী মহল্লাক পৌৰ নিগমে আনুষ্ঠানিকভাৱে বস্তি হিচাপে ঘোষণা কৰিছে। এই স্থানতে জন্ম হৈছিল ড০ শ্বাহনাৱাজ কুৰেশ্বীৰ। অঞ্চলটোৰ বেছিভাগ লোকে দৈনিক মজুৰি আৰু সৰু সৰু চাকৰি কৰি জীৱন নিৰ্বাহ কৰিছিল। এই অঞ্চলত শিক্ষাৰ অভাৱ স্পষ্ট ৰূপত দেখা গৈছিল। সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক দিশত অঞ্চলবাসী পিছপৰি আছিল।
 
কিন্তু ড০ কুৰেশ্বীয়ে সেই কাহিনী সলনি কৰিলে। কঠোৰ পৰিশ্ৰম আৰু দূৰদৰ্শিতাৰ জৰিয়তে তেওঁ সেই ম্লান পোহৰক শিক্ষাৰ উজ্জ্বল শিখালৈ ৰূপান্তৰিত কৰিছিল। তেওঁৰ সপোন আছিল--'প্ৰতিটো শিশুৰ বাবে শিক্ষা' আৰু ইয়াক বাস্তৱায়িত কৰাৰ বাবে তেওঁ নিজৰ জীৱন উৎসৰ্গা কৰিছিল।
 
শ্বাহনৱাজ কুৰেশ্বীয়ে তেওঁৰ বিদ্যালয়ৰ ছাত্ৰীৰ সৈতে
 
১৯৯৩ চনত নেচনেল লিটাৰেচি মিছন (National Literacy Mission)ৰ সৈতে কাম কৰি থকাৰ সময়তে ড° কুৰেশ্বীয়ে নিজৰ চুবুৰীত এখন নৈশ বিদ্যালয় আৰম্ভ কৰে। গাঁওখনৰ বৃদ্ধ পুৰুষ-মহিলাসকলে দিনটোৰ কাম আৰু সন্ধিয়াৰ নামাজ পঢ়াৰ অন্তত হাতত বহী আৰু কলম লৈ নৈশ বিদ্যালয়লৈ আহে। 
 
ধিমিক-ধামাককৈ জ্বলি থকা কেৰাচিনৰ লেম্প এটাৰ তলত আখৰ চিনাক্ত কৰি থকা বৃদ্ধ পুৰুষ-মহিলাসকলৰ  বলিৰেখাযুক্ত আঙুলিবোৰে আশাৰ এক শক্তিশালী প্ৰতীক হৈ পৰে। এই ক্লাছবোৰ সম্পূৰ্ণ বিনামূলীয়া আছিল, আনকি লেম্পৰ তেলও স্থানীয় মানুহে যোগান ধৰিছিল। বস্তি বিকাশ মঞ্চ (Slum Development Forum) নামেৰে আৰম্ভ হোৱা এই আন্দোলনে অতি কম সময়ৰ ভিতৰতে ৰাঁচীৰ অন্যান্য দৰিদ্ৰ অঞ্চললৈ বিয়পি পৰে আৰু সাক্ষৰতাৰ এক নতুন জোৱাৰৰ জন্ম দিয়ে।
 
১৯৮২ চনত স্থানীয় মছজিদৰ কাষৰ সৰু এটুকুৰা ভূমিত কুৰাইছ একাডেমী (Quraish Academy)ৰ ভেটি স্থাপন কৰা হয়। সমাজকৰ্মী হুছেইন কাছিম কাছ্চিৰ প্ৰচেষ্টাৰে মাত্ৰ দুটা শ্ৰেণীকোঠাৰে এই প্ৰতিষ্ঠানটো আৰম্ভ হৈছিল। দুটা দশকৰ পাছত যেতিয়া বিদ্যালয়খনৰ অৱনতি হ’বলৈ ধৰিলে, তেতিয়া ড০ শ্বাহনৱাজে সম্পাদকৰ দায়িত্ব ল’লে। 
 
ক্ৰিকেটাৰ এম এছ ধোনীৰ সৈতে শ্বাহনৱাজ কুৰেশ্বী আৰু অন্যান্য
 
স্কুলখনক মধ্য বিদ্যালয়ৰ পৰা হাইস্কুললৈ উন্নীত কৰিবলৈ তেওঁ বহুত কষ্ট কৰিছিল। তেওঁ ব্যক্তিগতভাৱে ড্ৰপআউট ছোৱালীৰ ঘৰলৈ গৈছিল, তেওঁলোকৰ পিতৃ-মাতৃক পতিয়ন নিয়াইছিল যে শিক্ষাই তেওঁলোকৰ ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত কৰিব। লাহে লাহে ছোৱালীবোৰ স্কুললৈ ঘূৰি আহিল আৰু স্কুলখন পুনৰ জীপাল হৈ উঠিল।
 
প্ৰতি শনিবাৰে ড° কুৰেশ্বীয়ে ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰেৰণাদায়ক ছেচনৰ আয়োজন কৰিছিল। ক্ৰিকেটাৰ ছাবা কৰিম, কমেডিয়ান এহছান কুৰেশ্বী, সাংবাদিক বিজয় পাঠক, শিক্ষাবিদ ড° জাভেদ আহমদ আদি বহু পৰিচিত ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবলৈ আহিছিল। ইয়াৰ ফলত বিদ্যালয়খনে বছৰৰ পিছত বছৰ ধৰি মেট্ৰিক পৰীক্ষাত ১০০% উত্তীৰ্ণ ফলাফল লাভ কৰিবলৈ আৰম্ভ কৰিলে।সাংসদ সুবোধ কান্ত সাহাইৰ সহযোগত বিদ্যালয়খনৰ বাবে এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হয়। ড০ জাভেদ কুদ্দুছে এটা বিজ্ঞান পৰীক্ষাগাৰ স্থাপন কৰাত সহায় কৰিছিল, আৰু ৰাঁচী ছাউথৰ ৰটাৰী ক্লাবে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ছটা শৌচাগাৰ নিৰ্মাণ কৰিছিল। 
 
এইদৰে উৎকৃষ্টতাৰ স্বীকৃতি স্বৰূপে কুৰাইশ একাডেমীয়ে লাভ কৰে ঝাৰখণ্ড ৰত্ন বঁটা। আজি তাত ১০০০ৰো অধিক ছাত্ৰ-ছাত্ৰী পঢ়ি আছে। ইতিবাচক দৃষ্টিভংগী আৰু একনিষ্ঠাৰ বলত মানুহে জীৱনত কি লাভ কৰিব পাৰে, তাৰ এক জীৱন্ত উদাহৰণ হিচাপে থিয় দিছে একাডেমীখনে। বিড়ম্বনাৰ কথাটো হ’ল, এটা সময়ত ড০ শ্বাহনৱাজে নিজেই স্কুল এৰিবলগীয়া হৈছিল। ছেইণ্ট পল স্কুলৰ তালিকাৰ পৰা তেওঁৰ নাম আঁতৰাই দিয়া হৈছিল কাৰণ তেওঁৰ পৰিয়ালে মাত্ৰ ২৭ টকা মাচুল দিব পৰা নাছিল।
 
ৰাঁচী আৰক্ষীৰ পৰা বঁটা গ্ৰহণ কৰিছে শ্বাহনৱাজ কুৰেশ্বী
 
এবছৰৰ পাছত মাতৃ আমনা খাতুনৰ সহায়ত তেওঁ কুৰাইশ একাডেমীত পুনৰ পঢ়া-শুনা আৰম্ভ কৰে, যিখন বিদ্যালয়ক তেওঁ পিছলৈ নিজে ৰূপান্তৰিত কৰে। চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰ সময়লৈকে স্থানীয় পঞ্চায়তে তেওঁক সৰু ল’ৰা-ছোৱালীক পঢ়োৱাৰ দায়িত্ব দিছিল আৰু ইয়াৰ পৰা তেওঁ মাহে ৩৫ টকা উপাৰ্জন কৰিছিল। সেই সৰু দায়িত্বশীল কাৰ্য্যই শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ আজীৱন অভিযানৰ বীজ সদৃশ হৈ পৰিল। তেওঁৰ নেতৃত্বৰ গুণক স্বীকৃতি দি ৱাইএমচিএ (YMCA)ৰ সম্পাদক ৱু-হান-চু ডেভিদ আৰু শিৱপ্ৰসাদ ৰবিয়ে তেওঁক ইছলাম নগৰ কেন্দ্ৰৰ দায়িত্ব দিয়ে। পিছলৈ তেওঁ পাঁচ বছৰ ধৰি বিশ্ববিদ্যালয়ৰ ৱাইএমচিএৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। 
 
আলোচনা চক্ৰ, বিতৰ্ক, যুৱ শিবিৰ আৰু সন্মিলনৰ জৰিয়তে তেওঁ শিক্ষা আৰু সামাজিক সচেতনতাৰ বাবে এক শক্তিশালী কণ্ঠস্বৰ হৈ পৰিছিল। ঝাৰখণ্ড যুৱ সন্থাৰ অংশ হিচাপে তেওঁ ১২০ গৰাকীৰো অধিক মহিলা ছাত্ৰীক বৃত্তি লাভ কৰাত সহায় কৰিছিল। উল্লেখ্য যে, আৰ্থিক সংগ্ৰাম আৰু লিখাৰ প্ৰতি থকা আকৰ্ষণে ড° কুৰেশ্বীক ১৯৯৭ চনত সাংবাদিকতাৰ দিশত আগুৱাই লৈ যায়। সেই সময়লৈকে তেওঁ মজলীয়া শিক্ষা গ্ৰহণ কৰি আছিল। তেওঁ বনাঞ্চল প্ৰহৰীৰ বাবে লিখিবলৈ আৰম্ভ কৰে আৰু পিছত প্ৰভাত খবৰ নামৰ সংবাদ পত্ৰত যোগদান কৰে আৰু প্ৰায় ১২ বছৰ তাত জ্যেষ্ঠ উপ-সম্পাদক হিচাপে কাম কৰে।
 
ৰমজানৰ সময়ত ইছলামিক বিষয়ত লিখা তেওঁৰ লেখাবোৰ বহুলভাৱে প্ৰশংসিত হৈছে। ক’ভিড-১৯ মহামাৰীৰ সময়ত তেওঁৰ কেইবাটাও স্পৰ্শকাতৰ প্ৰতিবেদনে পিছপৰা শ্ৰেণীৰ লোকৰ প্ৰকৃত সংগ্ৰাম দেখুৱাইছিল আৰু তেওঁৰ সমন্বয়মুখী সাংবাদিকতাক সকলোৱে একেমুখে প্ৰশংসা কৰিছিল। ২০১০ চনত তেওঁ সাংবাদিকতা এৰি শিক্ষা বিভাগত যোগদান কৰে আৰু ঝাৰখণ্ডৰ চৰকাৰী বিদ্যালয়ৰ পাঠ্যপুথিৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জেচিইআৰটি (JCERT)ৰ গ্ৰুপ লিডাৰ হিচাপে তেওঁ ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ বাবে ৯খন সমাজ বিজ্ঞানৰ পাঠ্যপুথি লিখিছে, যিবোৰ এতিয়াও সমগ্ৰ ৰাজ্যৰ বিদ্যালয়সমূহত প্ৰচলিত হৈ আছে।
 
মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সৈতে শ্বাহনৱাজ কুৰেশ্বী
 
শিক্ষাৰ উন্নতি আৰু দক্ষতা বিকাশৰ লক্ষ্যৰে বিশ্ব বেংকৰ পুঁজিৰে তেজস্বিনী আৰু সম্পুৰ্ণা (Tejaswini and Sampoorna) আদি প্ৰকল্পতো তেওঁ কাম কৰিছিল। শৈক্ষিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা প্ৰকাশন হৰ্ষ জোহৰ সংবাদ (Harsh Johar Samvad)ৰ সম্পাদকীয় মণ্ডলীতো তেওঁৰ নাম আছে।
 
পিছত ড° কুৰেশ্বীয়ে ঝাৰখণ্ডৰ ক্ৰীড়াৰ ইতিহাসৰ ওপৰত পি এইচ ডি ডিগ্ৰী লাভ কৰে। তেওঁৰ গ্ৰন্থ “ঝাৰখণ্ডত মহিলা হকী” (Women’s Hockey in Jharkhand) উদ্বোধন কৰে এফ আই এইচৰ সভাপতি তায়াব ইক্ৰামে। তেওঁৰ আগন্তুক গ্ৰন্থ “ভাৰতত চুফীবাদ আৰু হিন্দু-মুছলমান ঐক্য” (Sufism and Hindu-Muslim Unity in India)ত শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তা থাকিব বুলি পাঠক সমাজে আগ্ৰহেৰে অপেক্ষা কৰিছে।
 
শিক্ষা আৰু সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে ড০ শ্বাহনৱাজ কুৰেশ্বীক ঝাৰখণ্ড চৰকাৰ, স্কুল শিক্ষা আৰু সাক্ষৰতা বিভাগ, ৰাঁচী ছাউথৰ ৰটাৰী ক্লাব, মুছলিম পেছাদাৰী সংস্থা, সদ্ভাৱনা মঞ্চ, দৈনিক জাগৰণ–আইনেক্সটকে ধৰি বহু প্ৰতিষ্ঠানে সন্মানিত কৰিছে।ৰাঁচীৰ বস্তি অঞ্চলৰ এটা ঠেক পথৰ পৰা শিক্ষা সংস্কাৰৰ আগশাৰী ব্যক্তিলৈকে ড০ শ্বাহনাৱাজ কুৰেছিৰ যাত্ৰাই প্ৰমাণ কৰে যে দৃঢ়তা আৰু দৃষ্টিভংগীৰে হাজাৰ হাজাৰ দৰিদ্ৰতা শিশুৰ ভাগ্য সলনি কৰিব পাৰে। তেওঁৰ জীৱন আৰু কৰ্মই আমাক মনত পেলাই দিয়ে যে প্ৰকৃত নায়ক সংগ্ৰামৰ মাজতহে জন্ম পায়।