ধৰ্মীয় মেৰুকৰণ নে দৰিদ্ৰতা? গো-বিতৰ্কৰ আঁৰত লুকাই থকা প্ৰকৃত ছবিখন

Story by  atv | Posted by  Nikunja Nath • 2 h ago
ধৰ্মীয় মেৰুকৰণ নে দৰিদ্ৰতা? গো-বিতৰ্কৰ আঁৰত লুকাই থকা প্ৰকৃত ছবিখন
ধৰ্মীয় মেৰুকৰণ নে দৰিদ্ৰতা? গো-বিতৰ্কৰ আঁৰত লুকাই থকা প্ৰকৃত ছবিখন
 
 জফৰ সৰেশৱালা
 
গো-মাংস বা 'বীফ'ক লৈ আমাৰ সমাজত সততে এক বিতৰ্ক চলি অহা দেখা যায়। যদি আপোনাৰ ঘৰত গো-মাংস (বীফ) থাকে, তেন্তে আপুনি এজন অপৰাধী। হিন্দু সমাজৰ একাংশৰ মনত বদ্ধমূল ধাৰণা আছে যে মুছলমানসকলৰ বাবে গো-মাংস ভক্ষণ কৰাটো ধৰ্মীয়ভাৱে এক ডাঙৰ পুণ্যৰ কাম। আচলতে কথাটো তেনে নহয়। ইছলামত ক’তো এই কথা কোৱা হোৱা নাই যে আপুনি কেৱল গো-মাংস খাব লাগিব। গো-মাংস খোৱাটো বৈধ, কিন্তু ই কোনো পুণ্যৰ কাম নহয়। আপুনি ছাগলীৰ মাংস, মাছ বা উটৰ মাংসও খাব পাৰে। আনকি গো-মাংস মুছলমানসকলৰ প্ৰধান খাদ্যও নহয়। আহক, আমি এবাৰ বাবৰৰ দিনলৈ উভতি যাওঁ।
 
'বাবৰনামা'ত, যিখন প্ৰথম মোগল সম্ৰাটগৰাকীয়ে তেওঁৰ জীৱনৰ শেষ সময়ত নিজৰ পুত্ৰলৈ দি যোৱা নিৰ্দেশনা বা উপদেশৰ সংকলন, তাত কোৱা হৈছে: "বোপাই, যদি তুমি এই দেশত শাসন কৰিব বিচৰা, তেন্তে এই দেশৰ মানুহৰ বিশ্বাসক সন্মান কৰিবা। তেওঁলোকে গো পূজা কৰে, সেয়েহে তুমি গো-মাংস খোৱাৰ পৰা বিৰত থাকিবা। তেওঁলোকে গৰুক পৱিত্ৰ জ্ঞান কৰে আৰু যথেষ্ট শ্ৰদ্ধা কৰে। গতিকে গো-মাংসত কেতিয়াও হাত নিদিবা।"
 
মাংসৰ বাবে আন বহু বিকল্প আছে- যেনে বলধ, ম'হ, উট আৰু ছাগলী। সমগ্ৰ মোগল শাসনকালত, আনকি ঔৰংজেৱৰ দিনতো গো-হত্যা নিষিদ্ধ আছিল। ব্ৰিটিছ শাসনকালতহে গো-মাংসৰ আমদানি বৃদ্ধি পাইছিল, কাৰণ ইউৰোপীয়সকলে গো-মাংস খাইছিল। প্ৰকৃততে, ভাৰতলৈ গো-মাংস তেওঁলোকেই লৈ আহিছিল।
মই হিন্দুসকলৰ আগত এই পাৰ্থক্যটো স্পষ্টকৈ দাঙি ধৰিব বিচাৰোঁ। ভাৰতে স্বাধীনতা লাভ কৰাৰ ঠিক পিছতেই, ১৯৫৫ চনত এছিয়াৰ সৰ্ববৃহৎ ইছলামিক শিক্ষানুষ্ঠান- 'দাৰুল উলুম দেওবন্দ'-এ এক ফতোৱা জাৰি কৰিছিল। তাত কোৱা হৈছিলঃ "বিভিন্ন সম্প্ৰদায়ৰ মাজত শান্তি আৰু পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত, আমি মুছলমানসকলক নিৰ্দেশ দিছোঁ যে তেওঁলোকে কুৰবানীৰ বাবে গো-মাংস ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক, কাৰণ ইয়াৰ বিকল্প আছে।"
 
শান্তি বজাই ৰখাৰ বাবে, যদি মই আপোনাৰ বিশ্বাসক সন্মান কৰিব বিচাৰোঁ আৰু তাৰ বাবে যদি মই মোৰ নিজৰ ৰীতি-নীতিও ত্যাগ কৰিবলগীয়া হয়, তেন্তে ঈশ্বৰৰ চকুত সেয়াই সৰ্বশ্ৰেষ্ঠ আৰু গুৰুত্বপূৰ্ণ দায়িত্ব। এই সকলোবোৰ কোৱাৰ লগতে মই এটা কথা স্পষ্ট কৰিব বিচাৰোঁ যে, বৰ্তমান গো-মাংসক লৈ যিমান হুলস্থূল বা আতংকৰ সৃষ্টি কৰা হৈছে, সেয়া কেৱল নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰিব বিচৰা একাংশ লোকৰহে কাম।
 
গৰুৰ মাংস আৰু ম'হৰ মাংসৰ মাজৰ পাৰ্থক্যটো স্পষ্ট হোৱাটো অতি প্ৰয়োজনীয়। দেশৰ প্ৰায় ২৪খন ৰাজ্যত গো-হত্যাৰ ওপৰত নিষেধাজ্ঞা আছে। কিন্তু তাৰ পিছতো ভাৰত হৈছে বিশ্বৰ আটাইতকৈ বৃহৎ গো-মাংস ৰপ্তানিকাৰী দেশ। বহু মানুহে নাজানে যে এই ৰপ্তানি হোৱা মাংস প্ৰকৃততে ম'হৰহে, গৰুৰ নহয়। যোৱা কেইবাবছৰ ধৰি, সমগ্ৰ বিশ্বত ব্যৱহাৰ হোৱা মুঠ গো-মাংসৰ ২০ শতাংশ কেৱল ভাৰতৰ পৰাই ৰপ্তানি কৰা হয়।
 
কিন্তু গৰুৰ সৈতে জড়িত সমগ্ৰ অৰ্থনৈতিক চক্ৰটোৰ কেন্দ্ৰবিন্দুত মুছলমানসকল নাই। আমাৰ দেশত মূলতঃ কৃষকসকলৰ ওচৰতহে গৰু থাকে। তেওঁলোকে গৰুবোৰ ব্যৱসায়ীসকলক বিক্ৰী কৰে আৰু ব্যৱসায়ীসকলে সেইবোৰ কছাইখানালৈ লৈ যায়। দেশৰ ৯৯ শতাংশৰো অধিক কৃষক হৈছে হিন্দু। যেতিয়া গৰু কটা হয়, তেতিয়া হাড়বোৰ জিলেটিন প্ৰস্তুত কৰা কোম্পানীয়ে লৈ যায়, তেজখিনি ঔষধ আৰু প্ৰসাধন সামগ্ৰী উদ্যোগৰ লোকে লৈ যায় আৰু ছালখন চামৰা উদ্যোগৰ লোকে লৈ যায়।
 

এই উদ্যোগসমূহৰ মালিক মূলতঃ হিন্দু লোকসকল, যিসকলে গৰুৰ পৰা উৎপাদিত উপ-সামগ্ৰীসমূহ ব্যাপক হাৰত ৰপ্তানি কৰে। কিন্তু আমাৰ আইনখন বৰ আচৰিত ধৰণৰ। যদি আপোনাৰ ঘৰত গো-মাংস পোৱা যায়, তেন্তে আপুনি অপৰাধী। কিন্তু যদি আপুনি গৰুৰ চামৰা, হাড় বা তেজৰ সৈতে ধৰা পৰে, তেন্তে আপুনি অপৰাধী নহয়। গৰুৰ চামৰা, হাড়, তেজ আৰু চৰ্বিৰ দৰে উপ-সামগ্ৰী ব্যৱহাৰ কৰা উদ্যোগবোৰক কিয় লক্ষ্য কৰি লোৱা নহয়?
 
মাংস উদ্যোগৰ সৈতে জড়িত বৃহৎ সংখ্যক মুছলমান এতিয়া নিয়োগৰ আন বিকল্পৰ ফালে ঢাল খাইছে। সেয়েহে গো-মাংসৰ বিষয়টোৱে এতিয়া আৰু বেছি প্ৰভাৱ পেলাব নোৱাৰে। মই উত্তৰ প্ৰদেশ আৰু বিহাৰৰ বহু অঞ্চললৈ গৈছোঁ। ধৰ্মীয় মেৰুকৰণ এতিয়া অতীত হৈ পৰিছে।
 
আশীৰ দশক আৰু নব্বৈৰ দশকৰ আৰম্ভণিতে এই মেৰুকৰণৰ ৰাজনীতিয়ে কাম কৰিছিল, কিন্তু আজিৰ দিনত মেৰুকৰণ ধনী আৰু দুখীয়াৰ মাজত, সংস্থাপন থকা আৰু নিবনুৱাৰ মাজত আৰু ঘৰ থকা আৰু গৃহহীনৰ মাজতহে দেখা যায়। বালিয়ান, সাক্ষী মহাৰাজ, আদিত্যনাথ আৰু তেওঁলোকৰ দৰে আন লোকসকল অতি সোনকালেই কেৱল ইতিহাসৰ পাততহে আৱদ্ধ হৈ ৰ’ব।
 

এজন সাধাৰণ ভাৰতীয়ই কি বিচাৰে? তেওঁ স্বাস্থ্য, শিক্ষা, উন্নত আন্তঃগাঁথনি আৰু চাকৰি বিচাৰে। শেহতীয়াকৈ বিহাৰৰ ভিতৰুৱা অঞ্চল ভ্ৰমণ কৰাৰ সময়ত মই মোৰ এজন বন্ধুৰ সৈতে মানুহক অতি দুখলগা অৱস্থাত দেখিছিলোঁ। মই বন্ধুগৰাকীক সুধিলোঁ - "এই মানুহবোৰক তোমাৰ হিন্দু যেন লাগিছে নে মুছলমান যেন লাগিছে?" তেওঁ উত্তৰ দিলে - "ইঁহতক দেখোন কেৱল দুৰ্দশাগ্ৰস্ত যেনহে লাগিছে।"
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যিমান সমালোচনা কৰা হৈছে, সেয়া ভিত্তিহীন। মই শ্ৰী মোদীক বহু বছৰ ধৰি জানো। তেওঁ এনে এজন ব্যক্তি যিয়ে বিশ্বাস কৰে যে হিন্দু আৰু মুছলমানৰ মাজৰ সংঘৰ্ষই দেশক পিছুৱাই নিব আৰু কেৱল শান্তি আৰু সম্প্ৰীতিয়েহে দেশক আগুৱাই নিব পাৰে।
 
আগতে এনে কিছুমান উগ্ৰপন্থী বা কট্টৰপন্থী শক্তি আছিল, যিবোৰ সাক্ষী মহাৰাজৰ দৰে লোকতকৈ এশগুণ বেছি শক্তিশালী আছিল। তেওঁলোকে দুটা দশকতকৈয়ো অধিক সময় ধৰি ৰাজত্ব কৰিছিল আৰু মানুহৰ মনত সন্ত্ৰাস বিয়পাইছিল। শ্ৰী মোদীয়ে কেতিয়াও তেওঁলোকৰ নাম লোৱা নাছিল, কিন্তু আজি সেই গোটবোৰ ক'ত গ'ল? আপোনালোকে তেওঁলোকক কিয় ইমান গুৰুত্ব দিয়ে? এনে সকলো কট্টৰপন্থী শক্তিৰ অৱসান লাহে লাহে নিশ্চয়কৈ ঘটিব।
 
(লেখক জফৰ সৰেশৱালা হায়দৰাবাদৰ মৌলানা আজাদ ৰাষ্ট্ৰীয় উৰ্দু বিশ্ববিদ্যালয়ৰ আচাৰ্য আৰু এজন প্ৰতিষ্ঠিত ব্যৱসায়ী। ২০১৫ চনৰ ১১ অক্টোবৰত 'ডেক্কান ক্ৰনিকল' কাকতত প্ৰকাশিত এই লেখাটো আজিও সমানেই প্ৰাসংগিক।)