গো-মাংস বা 'বীফ'ক লৈ আমাৰ সমাজত সততে এক বিতৰ্ক চলি অহা দেখা যায়। যদি আপোনাৰ ঘৰত গো-মাংস (বীফ) থাকে, তেন্তে আপুনি এজন অপৰাধী। হিন্দু সমাজৰ একাংশৰ মনত বদ্ধমূল ধাৰণা আছে যে মুছলমানসকলৰ বাবে গো-মাংস ভক্ষণ কৰাটো ধৰ্মীয়ভাৱে এক ডাঙৰ পুণ্যৰ কাম। আচলতে কথাটো তেনে নহয়। ইছলামত ক’তো এই কথা কোৱা হোৱা নাই যে আপুনি কেৱল গো-মাংস খাব লাগিব। গো-মাংস খোৱাটো বৈধ, কিন্তু ই কোনো পুণ্যৰ কাম নহয়। আপুনি ছাগলীৰ মাংস, মাছ বা উটৰ মাংসও খাব পাৰে। আনকি গো-মাংস মুছলমানসকলৰ প্ৰধান খাদ্যও নহয়। আহক, আমি এবাৰ বাবৰৰ দিনলৈ উভতি যাওঁ।
'বাবৰনামা'ত, যিখন প্ৰথম মোগল সম্ৰাটগৰাকীয়ে তেওঁৰ জীৱনৰ শেষ সময়ত নিজৰ পুত্ৰলৈ দি যোৱা নিৰ্দেশনা বা উপদেশৰ সংকলন, তাত কোৱা হৈছে: "বোপাই, যদি তুমি এই দেশত শাসন কৰিব বিচৰা, তেন্তে এই দেশৰ মানুহৰ বিশ্বাসক সন্মান কৰিবা। তেওঁলোকে গো পূজা কৰে, সেয়েহে তুমি গো-মাংস খোৱাৰ পৰা বিৰত থাকিবা। তেওঁলোকে গৰুক পৱিত্ৰ জ্ঞান কৰে আৰু যথেষ্ট শ্ৰদ্ধা কৰে। গতিকে গো-মাংসত কেতিয়াও হাত নিদিবা।"
#DarulUloom#Deoband had issued a Directive in 1955:”In the interest of Peace ✌️CoExistence between Communities We advise #Muslims to Refrain from offering #Cow for Sacrifice during #EidAlAdha & Otherwise because Alternatives are Available”Lets abide by it in Letter & Spirit
— zafar sareshwala 🇮🇳 (@zafarsareshwala) May 18, 2026
মই হিন্দুসকলৰ আগত এই পাৰ্থক্যটো স্পষ্টকৈ দাঙি ধৰিব বিচাৰোঁ। ভাৰতে স্বাধীনতা লাভ কৰাৰ ঠিক পিছতেই, ১৯৫৫ চনত এছিয়াৰ সৰ্ববৃহৎ ইছলামিক শিক্ষানুষ্ঠান- 'দাৰুল উলুম দেওবন্দ'-এ এক ফতোৱা জাৰি কৰিছিল। তাত কোৱা হৈছিলঃ "বিভিন্ন সম্প্ৰদায়ৰ মাজত শান্তি আৰু পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত, আমি মুছলমানসকলক নিৰ্দেশ দিছোঁ যে তেওঁলোকে কুৰবানীৰ বাবে গো-মাংস ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক, কাৰণ ইয়াৰ বিকল্প আছে।"
শান্তি বজাই ৰখাৰ বাবে, যদি মই আপোনাৰ বিশ্বাসক সন্মান কৰিব বিচাৰোঁ আৰু তাৰ বাবে যদি মই মোৰ নিজৰ ৰীতি-নীতিও ত্যাগ কৰিবলগীয়া হয়, তেন্তে ঈশ্বৰৰ চকুত সেয়াই সৰ্বশ্ৰেষ্ঠ আৰু গুৰুত্বপূৰ্ণ দায়িত্ব। এই সকলোবোৰ কোৱাৰ লগতে মই এটা কথা স্পষ্ট কৰিব বিচাৰোঁ যে, বৰ্তমান গো-মাংসক লৈ যিমান হুলস্থূল বা আতংকৰ সৃষ্টি কৰা হৈছে, সেয়া কেৱল নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰিব বিচৰা একাংশ লোকৰহে কাম।
গৰুৰ মাংস আৰু ম'হৰ মাংসৰ মাজৰ পাৰ্থক্যটো স্পষ্ট হোৱাটো অতি প্ৰয়োজনীয়। দেশৰ প্ৰায় ২৪খন ৰাজ্যত গো-হত্যাৰ ওপৰত নিষেধাজ্ঞা আছে। কিন্তু তাৰ পিছতো ভাৰত হৈছে বিশ্বৰ আটাইতকৈ বৃহৎ গো-মাংস ৰপ্তানিকাৰী দেশ। বহু মানুহে নাজানে যে এই ৰপ্তানি হোৱা মাংস প্ৰকৃততে ম'হৰহে, গৰুৰ নহয়। যোৱা কেইবাবছৰ ধৰি, সমগ্ৰ বিশ্বত ব্যৱহাৰ হোৱা মুঠ গো-মাংসৰ ২০ শতাংশ কেৱল ভাৰতৰ পৰাই ৰপ্তানি কৰা হয়।
কিন্তু গৰুৰ সৈতে জড়িত সমগ্ৰ অৰ্থনৈতিক চক্ৰটোৰ কেন্দ্ৰবিন্দুত মুছলমানসকল নাই। আমাৰ দেশত মূলতঃ কৃষকসকলৰ ওচৰতহে গৰু থাকে। তেওঁলোকে গৰুবোৰ ব্যৱসায়ীসকলক বিক্ৰী কৰে আৰু ব্যৱসায়ীসকলে সেইবোৰ কছাইখানালৈ লৈ যায়। দেশৰ ৯৯ শতাংশৰো অধিক কৃষক হৈছে হিন্দু। যেতিয়া গৰু কটা হয়, তেতিয়া হাড়বোৰ জিলেটিন প্ৰস্তুত কৰা কোম্পানীয়ে লৈ যায়, তেজখিনি ঔষধ আৰু প্ৰসাধন সামগ্ৰী উদ্যোগৰ লোকে লৈ যায় আৰু ছালখন চামৰা উদ্যোগৰ লোকে লৈ যায়।
এই উদ্যোগসমূহৰ মালিক মূলতঃ হিন্দু লোকসকল, যিসকলে গৰুৰ পৰা উৎপাদিত উপ-সামগ্ৰীসমূহ ব্যাপক হাৰত ৰপ্তানি কৰে। কিন্তু আমাৰ আইনখন বৰ আচৰিত ধৰণৰ। যদি আপোনাৰ ঘৰত গো-মাংস পোৱা যায়, তেন্তে আপুনি অপৰাধী। কিন্তু যদি আপুনি গৰুৰ চামৰা, হাড় বা তেজৰ সৈতে ধৰা পৰে, তেন্তে আপুনি অপৰাধী নহয়। গৰুৰ চামৰা, হাড়, তেজ আৰু চৰ্বিৰ দৰে উপ-সামগ্ৰী ব্যৱহাৰ কৰা উদ্যোগবোৰক কিয় লক্ষ্য কৰি লোৱা নহয়?