শতবৰ্ষ প্ৰাচীন বঙালপুখুৰীৰ দুৰ্গা পূজা

Story by  atv | Posted by  Munni Begum • 7 h ago
প্ৰাচীন বঙালপুখুৰীৰ দুৰ্গা পূজা
প্ৰাচীন বঙালপুখুৰীৰ দুৰ্গা পূজা
 
  স্বপ্না দাস
 
বঙালপুখুৰী.... যোৰহাটৰ এটা ঐতিহাসিক অঞ্চল বঙালপুখুৰী। এটা ইতিহাসপ্ৰসিদ্ধ পুখুৰীক কেন্দ্ৰ কৰি যোৰহাটৰ এই অঞ্চলটোৰ নাম বঙালপুখুৰী হয় বুলি স্থানীয়ভাৱে লোকবিশ্বাস প্ৰচলিত। উল্লেখ্য যে, বঙালপুখুৰীৰ সৈতে অসমৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় সম্পৰ্কিত হৈ আছে।
 
যোৰহাটৰ দক্ষিণ প্ৰান্তৰ ন-আলিৰ পাৰ্শ্বৱৰ্তী অঞ্চলস্থিত বঙালপুখুৰী নামৰ জলাশয়টোৰ সৈতে বদন বৰফুকন আৰু ৰূপসিং বঙালৰ নামো সম্পৃক্ত। 'ইতিহাসে সোঁৱৰা ছশটা বছৰ' গ্ৰন্থৰ ২৪২ পৃষ্ঠাত উল্লেখ থকা মতে বাৰ্মাৰ পৰা সৈন্য আনি সৰ্বসাধাৰণৰ ওপৰত নিৰ্বিচাৰে নানা তৰহৰ অত্যাচাৰ চলোৱা অসমৰ ইতিহাসৰ এগৰাকী খলনায়ক হিচাপে পৰিচিত বদন বৰফুকনক হত্যা কৰি এই পুখুৰীটোতে হেনো ৰূপসিং বঙালে বদনক কটা দাখন ধুইছিল। 
 
বদন বৰফুকনৰ এক প্ৰতিনিধিত্বমূলক ছবি
 
১৭৩৯ শক--- অৰ্থাৎ ১৮১৮ চনৰ কথা। শাওণ মাহৰ কোনো এটা দিনত বদন বৰফুকনে স্নানৰ বাবে যাবৰ সময়ত চিপাহী এগৰাকীৰ সহযোগত চুবেদাৰ ৰূপসিং বঙালে তেওঁক কাটি যোৰহাটৰ এই পুখুৰীটোতেই দা ধুইছিল বুলি জনা যায়। বদন বধৰ পুৰস্কাৰ হিচাপে ৰূপসিং বঙালক সিকিও আগবঢ়োৱা হৈছিল হেনো। কিছুসংখ্যক স্থানীয় লোকে ক'ব খোজে যে, ৰূপসিং বঙালৰ স্মৃতিতেই যোৰহাটৰ দক্ষিণ প্ৰান্তত থকা ঐতিহাসিক পুখুৰীটো বঙালপুখুৰী হিচাপে পৰিচিত। 
 
তেতিয়া অসমত থকা বাহিৰৰ লোকক 'বঙাল' বুলিছিল। ৰূপসিং চুবেদাৰ বংগৰ মানুহ আছিল; সেয়েহে তেওঁক কোৱা হৈছিল 'ৰূপসিং বঙাল' বুলি। ঐতিহাসিক বঙালপুখুৰীৰ সৈতে আহোম ৰাজত্বকালৰ স্মৃতিও জড়িত। ব্ৰিটিছে অসমতো গোজেই গজালি হোৱাৰ পিছত আহোম ৰাজপৰিয়াল আৰু ৰাজবিষয়াৰ বহুসংখ্যক লোকে যোৰহাটৰ বঙালপুখুৰী আৰু ৰজাবাৰী অঞ্চলত বাস কৰিছিল বুলি জনা যায়। বঙালপুখুৰীত প্ৰধানকৈ ৰাজপৰিয়াল, বিষয়া, ব্রাহ্মণ, কলিতা আদি লোকে বাস কৰিছিল বুলি ঠাৱৰ কৰাৰ বিপৰীতে আহোম ৰাজত্বকালত দেশৰ আৰু ৰজাঘৰীয়াৰ সুৰক্ষাত নিয়োজিত কৰ্মচাৰীয়ে হেনো বাঘচোঙত বাস কৰিছিল।
 
যোৰহাটৰ ইতিহাসপ্ৰসিদ্ধ বঙালপুখুৰীত শতবৰ্ষ প্ৰাচীন দুৰ্গা পূজা এভাগ অনুষ্ঠিত কৰা হৈ আহিছে। অৱশ্যে এই পূজাভাগ পোনতে বঙালপুখুৰীত উদ্‌যাপিত হোৱা নাছিল। ইয়াৰ পৰিবৰ্তে আনুমানিক ১৯১০ চনত হাবিচুকৰ নামঘৰৰ কাষত এইভাগ দুৰ্গা পূজাৰ আৰম্ভণি হৈছিল বুলি জনা যায়। বিভিন্ন কাৰণত কিছুবছৰৰ পিছৰ পৰাই পূজাভাগ হাবিচুকৰ পৰিৱৰ্তে পোনতে পানীকল‌ ফিল্ডৰ ৰাজকুমাৰৰ পদূলিয়ে পদূলিয়ে আৰু তাৰ পৰৱৰ্তী সময়ত ডাঃ জীৱ শইকীয়াৰ ঘৰৰ সন্মুখৰ মুকলি পথাৰত আয়োজন কৰা হৈছিল। 
 
ৰাইজ আছিল স্থায়ী স্থানৰ সন্ধানত। তেনে সময়তে স্থানীয় জনগণৰ ইচ্ছাক সন্মান প্ৰদৰ্শন কৰি ইতিপূৰ্বে ৰাজহুৱা অনুষ্ঠানৰ বাবে ভূমি দান কৰা বলোদেৱ শৰ্মা খাউণ্ডে বঙালপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ উপৰি পূজাভাগ অনুষ্ঠিতকৰণৰ বাবেও ভূমি দান কৰাত তাত দুৰ্গা পূজাভাগ স্থায়ীভাৱে উদ্‌যাপনৰ ব্যৱস্থা কৰা হয়। সেইসূত্ৰে প্ৰথমতে হাবিচুক আৰু তাৰ পিছত অস্থায়ীভাৱে একাধিক স্থানত আয়োজনৰ পিছত ১৯২৫ চনৰ পৰা উল্লিখিত দুৰ্গা পূজাভাগ বঙালপুখুৰীত উদ্‌যাপিত হৈ আহিছে। অস্থায়ী চালিৰ তলত বেছ কিছুবছৰ ধৰি পূজাভাগ আয়োজনৰ পিছত বিপিন বৰঠাকুৰ আৰু লক্ষ্মী কটকীৰ নেতৃত্বত বঙালপুখুৰী পূজা উদযাপন সমিতিয়ে পূজা মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে যদিও আয়তীসকলে এতিয়াও ৰভাৰ তলতেই বহে হেনো। 
 
বঙালপুখুৰী পূজা মন্দিৰ
 
বৈদিক কাৰ্যৰ উপৰি গীত-মাত, নাট আদিৰে মুখৰ হৈ থাকে বঙালপুখুৰীৰ শাৰদীয় বতৰ। ১৯৩০-৩১ চনত স্থানীয় যুৱচামে গীত-মাত-নাটৰ পৰিৱেশ ৰচনা কৰাত উদ্বুদ্ধ হৈ বংগৰ পৰা বিভুচৰণ মুখোপধ্যায়ক মতাই আনি গোলোক চন্দ্ৰ খাউণ্ডে সাংস্কৃতিক যাত্ৰা উলিয়াই বঙালপুখুৰীৰ সাংস্কৃতিক পৰিৱেশক এক নতুন মাত্ৰা দিয়াৰ আৰম্ভণি কৰিছিল বুলি জনা যায়। যজ্ঞানন্দ বৰুৱা, যশোদা প্ৰসাদ বৰগোহাঁই, সৰ্বানন্দ ৰাজকুমাৰ আদিয়ে নাটকৰ পৰিৱেশ ৰচনা কৰা বঙালপুখুৰী নাট মঞ্চায়নৰ ক্ষেত্ৰত এতিয়াও আগৰণুৱা হোৱাৰ উপৰি গণেশ চন্দ্ৰ বৰুৱাই তেওঁৰ পিতৃ ধৰ্মেশ্বৰ বৰুৱাৰ স্মৃতিত স্থায়ী মঞ্চ নিৰ্মাণ কৰাই দি এই কাৰ্যত সহযোগিতা আগবঢ়ায়। ১৯৬০ চনমানত পূৰ্ণ পূজাঘৰৰ ৰূপ পোৱা বঙালপুখুৰী পূজা মন্দিৰত দেৱীচৰণ বৰুৱাৰ স্মৃতিত তেওঁৰ পৰিয়ালে দেৱাল আৰু আনন্দ শৰ্মাৰ সোঁৱৰণত তেওঁৰ পৰিয়ালে মন্দিৰটো সজাই দি বঙালপুখুৰী পূজা মন্দিৰক আজিৰ‌ ৰূপ দিয়ে।
 
আহোম ৰাজ পৰিয়ালৰ স্মৃতি বিজড়িত হৈ আছে বঙালপুখুৰীৰ ঐতিহাসিক দুৰ্গা পূজাৰ সৈতে। এই বিষয়ে স্থানীয় সমাজ সচেতক তথা লেখক ড° শশাঙ্ক জ্যোতি খাউণ্ডে এতিয়াৰ বঙালপুখুৰীৰ পূজাভাগৰ প্ৰাৰম্ভিক সময়ত উদ্‌যাপিত হাবিচুকৰ পূজা সম্পৰ্কত লিখি থৈছে এনেকৈ, "সেই সময়ত হাবিচুকত বেছিসংখ্যক আহোম ৰাজপৰিয়ালৰ লোক আছিল। সেয়েহে আমি অনুমান কৰিব পাৰোঁ এই পূজাভাগৰ আৰম্ভণি বোধহয় আহোম পৰিয়ালৰ মাজৰ পৰাই আৰম্ভ হৈছিল। ইয়াৰ কোনো প্রামাণিক তথ্য আমাৰ হাতত নাই যদিও এটা কথা স্পষ্ট যে, যোৰহাটৰ মাত্ৰ এই পূজাভাগকেই ৰাজকুমাৰ আৰু বৰবড়াৰ পৰিয়ালৰ পদুলিৰ মূৰত দশমীৰ দিনা ৰখা হয়। তেওঁলোকেও পদুলি মূৰতেই দেৱী অর্চনা কৰিছিল আৰু বিদায় দিছিল। ৰাইজে জয়ধ্বনিৰে, উৰুলি আৰু মন্ত্রেৰে আশীর্বাদ দিছিল। অকল সেয়ে নহয়, এই পূজাভাগৰ সভাপতি প্রায় আহোম সম্প্রদায়ৰ ব্যক্তিক ৰাইজে পাতিছিল। এই কার্যবিলাকে এটা কথা স্পষ্ট কৰে যে এই পূজাভাগৰ গুৰিবঠা ধৰিছিল এসময়ত আহোম সম্প্রদায়ৰ লোকসকলে।"  
 
যোৰহাটৰ শতবৰ্ষ প্ৰাচীন বঙালপুখুৰীৰ দুৰ্গা পূজাই অঞ্চলটোৰ মানুহক একত্ৰিত কৰি ৰখাৰ লগতে ধৰ্মীয় আৰু সাংস্কৃতিক দিশতো ওতঃপ্ৰোতভাৱে জড়িত হোৱাৰ সুযোগ দি আহিছে। বঙালপুখুৰীৰ দুৰ্গা পূজা যোৰহাটৰ ঐতিহাসিক দুৰ্গা পূজাসমূহৰ ভিতৰৰ অন্যতম এভাগ দুৰ্গোৎসৱ। 
 
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক)