জুবিনৰ চিতাৰ জুই দেখি ৰৈ ৰৈ বিনালে অসম আৰু অসমীয়াই

Story by  atv | Posted by  [email protected] • 1 Months ago
দপদপাই জ্বলিছে জুবিন গাৰ্গৰ চিতাৰ জুই
দপদপাই জ্বলিছে জুবিন গাৰ্গৰ চিতাৰ জুই
 
মুকুট শৰ্মা / গুৱাহাটী

আৰম্ভ হ'ল জুবিনবিহীন এক নতুন সময়, এক নতুন যুগ। অসম আৰু অসমীয়াই আজিৰ পৰা সাগৰসম দুখ বুকুত লৈ কটাব লাগিব জুবিনবিহীন এক নতুন জীৱন। কাৰণ, অসম আৰু অসমীয়াৰ হৃদস্পন্দন জুবিন গাৰ্গ আজি পঞ্চভূতত বিলীন গৈ গ'ল। মাটিত মিহলি হৈ গ'ল জুবিন নামৰ সেই স্বাধীন, নিৰ্ভীক, মহান আৰু যাদুকৰী সত্ত্বা। সোণাপুৰৰ সেউজে আৱৰা ভূমিত জুবিনে চিৰদিনৰ বাবে বিশ্ৰাম ল'লে। প্ৰকৃতিক মনে-প্ৰাণে ভাল পোৱা শিল্পীগৰাকী এতিয়া প্ৰকৃতিৰ বুকুত গভীৰ প্ৰশান্তিৰে শুই আছে। 
 
'মৃত্যু এতিয়া সহজ, মৃত্যু এতিয়া উছৱ', "আকাশে গাতে ল’বৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই দিবলে" বুলি গান জুৰিবলৈ এতিয়া আৰু নাহে প্ৰাণৰ শিল্পীগৰাকী। অজস্ৰজনক কন্দুৱাই, অজস্ৰজনৰ হৃদয় তোলপাৰ লগাই মৰণ নামৰ নদীত উটি গ'ল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। অসমীয়াৰ বুকুত চিৰযুগলৈ শোকৰ হেন্দুলনি তুলি তেওঁ অজান দেশলৈ গুছি গ’ল। বৃহৎ শূন্যতাই আগুৰি ধৰিছে অসমৰ আকাশ-বতাহ।
 
এনে সময়তে জুবিনৰ চিতাত দপদপাই জ্বলি উঠা জুইৰ উত্তপ্ত শিখা দেখি আজি আকৌ এবাৰ ৰৈ ৰৈ বিনালে অসম আৰু অসমীয়াই। চিতাৰ পৰা ওলোৱা আকাশমুখী ধোঁৱাৰ সাক্ষী হৈ অগণন জনতাই গালে--"মায়াবিনী ৰাতিৰ বুকুত, দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি, হিয়াৰ কোণত...তুমি যে মোৰ শুকান মনত, নিয়ৰৰে চেঁচা টোপাল, নামি অহা, ৰ’দৰে নৈ, মোৰ দেহত প্ৰতি পুৱা, ধুমুহাৰ স’তে মোৰ, বহু যুগৰে নাচোন...।"
উল্লেখ্য যে, গুৱাহাটীৰ নিকটৱৰ্তী সোণাপুৰৰ হাতিমুৰাত আজি দুপৰীয়া প্ৰায় ১২.২০ বজাত ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন হয় জুবিন গাৰ্গৰ শেষকৃত্য। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ, ভগ্নী পমী বৰঠাকুৰ, পিতৃ কপিল বৰঠাকুৰ আদিৰ উপস্থিতিত প্ৰয়াত শিল্পীজনক শেষ বিদায় জনোৱা হয়। ভগ্নী পমী বৰঠাকুৰ, আত্মীয় ৰাহুল গৌতম শৰ্মা আৰু অৰুণ গাৰ্গে জুবিন গাৰ্গৰ মুখাগ্নি কৰে। 
 
সৰুসজাইৰ পৰা সোণাপুৰলৈকে শেষ যাত্ৰাৰ সময়তো মৰমৰ শিল্পী জুবিন গাৰ্গে জনতাৰ অকুণ্ঠ মৰম, চেনেহ আৰু শ্ৰদ্ধা লাভ কৰে। সমগ্ৰ পথৰ দুয়োকাষে ৰৈ থকা জনতাই তেওঁক পুষ্পাঞ্জলি অৰ্পণ কৰি উচুপি উঠে। 
মঙলবাৰে পুৱতি নিশা জিএমচিএইচত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সোণাপুৰলৈ লৈ যোৱা হয়। হিন্দু ধৰ্মীয় বৈদিক নিয়মেৰে জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰে পুৰোহিত তুষাৰ ভাগৱতীয়ে। তেওঁৰ সৈতে থাকে আন এগৰাকী পুৰোহিত পংকজ শৰ্মা। শেষকৃত্যৰ অনুষ্ঠানত চণ্ডাল হিচাপে থাকে ধৃতিমালা, জয়ন্ত বৰুৱা, ললিত নাথ আৰু হিৰণ্য দাস।
মন্ত্ৰমুগ্ধকৰ গান, হৃদয়স্পৰ্শী কণ্ঠৰে দেশে-বিদেশে অজস্ৰজনৰ হৃদয়ত স্থান দখল কৰা জুবিন গাৰ্গৰ অবিশ্বাস্য বিদায়ত আজি শোকস্তব্ধ অসমৰ জন-জীৱন। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ অসহ্যকৰ খবৰ শুনাৰে পৰা সমগ্ৰ অসম আজিও স্তব্ধ আৰু নিৰৱ হৈ আছে। প্ৰাণৰ শিল্পীগৰাকীৰ নশ্বৰদেহ গৃহভূমিত উপস্থিত হোৱাৰে পৰা যোৱা দুদিনত অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠী, প্ৰতিটো প্ৰজন্মৰ লাখ লাখ লোক স্বতঃস্ফূতভাৱে ওলাই আহি জুবিন গাৰ্গক শেষ বিদায় জনায়। 
 
গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সৃষ্টি হোৱা বিশাল জনসমুদ্ৰই নতুন ইতিহাসৰ সূচনা কৰে। ভাৰতৰ কোনো ব্যক্তিৰ মৃত্যুত এইধৰণৰ জনসমাৱেশ, এইধৰণৰ মৰম-আদৰ পূৰ্বে কাহানিও দেখিবলৈ পোৱা নাই। লুইতৰ পাৰত এইধৰণৰ জনসমুদ্ৰ হয়তো আৰু কেতিয়াও অসমবাসীয়ে প্ৰত্যক্ষ নকৰিব। অসম আৰু অসমীয়াক এইদৰে একতাৰ দোলেৰে বান্ধি থৈ অজান মুলুকলৈ গ'লগৈ আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ।
 
যাদুকৰী কণ্ঠৰে প্ৰতিটো প্ৰজন্মৰ হৃদয় জয় কৰা জুবিন গাৰ্গ এই পৃথিৱীত নাথাকিলেও কিন্তু তেওঁৰ গীতে এতিয়াও আমাক হহুৱাব, এতিয়াও আমাক কন্দুৱাব। কাৰণ, অসমীয়াৰ সুখত জুবিন, দুখত জুবিন। প্ৰেমত জুবিন, বিৰহ-বেদনাত জুবিন। বিহুত জুবিন, পূজাত জুবিন। জাতিৰ পৰিচয় জুবিন, অসমীয়াৰ পৰিচয় জুবিন। জুবিন আমাৰ সত্ত্বা, জুবিন আমাৰ আবেগ। জুবিনৰ মৃত্যু হ'ব নোৱাৰে, অসমীয়াৰ অমৃত কণ্ঠ হৈ জুবিন সদায় জীয়াই থাকিব আমাৰ হৃদয়, আমাৰ প্ৰাণত। জাতিয়ে কেতিয়াও জুবিনক পাহৰিব নোৱাৰে। জুবিন অমৰ, জুবিন অবিনশ্বৰ।