মৃত্যুৰ পিছতো যেন আৰ্তজনক খুৱালে হিয়াৰ আমঠু জুবিন গাৰ্গে

Story by  Daulat Rahman | Posted by  Munni Begum • 6 h ago
জুবিন গাৰ্গ আৰু তেওঁৰ আদ্যশ্ৰাদ্ধৰ পৰা ৰৈ যোৱা খাদ্য
জুবিন গাৰ্গ আৰু তেওঁৰ আদ্যশ্ৰাদ্ধৰ পৰা ৰৈ যোৱা খাদ্য
 
দৌলত ৰহমান/গুৱাহাটী
 
ছিংগাপুৰত কৰুণ মৃত্যুক আকোঁৱালি লোৱাৰ পূৰ্বে প্ৰখ্যাত সাহিত্যিক ৰীতা চৌধুৰীৰ সৈতে হোৱা অন্তিমটো প’ডকাষ্ট সাক্ষাৎকাৰত  সকলোৰে মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গে কৈছিল যে, তেওঁ হেনো নিজেই খোৱাতকৈ আনক  খুৱাইহে  বেছি ভাল পায়। মৃত্যুৰ পিছতো যেন তেওঁ দুখীয়াক খুৱাই তেওঁৰ এই কথাষাৰ প্ৰমাণ দেখুৱাই থৈ গ'ল। 
 
শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধৰ পৰা ৰৈ যোৱা খাদ্য ক্ৰমে পিঠা-পোনা, দৈ, মিঠাই,  ভাত, দাইল, পনীৰ, খীৰ আৰু পানী বটল আদি বেচৰকাৰী সংস্থা পিপল ইন চাৰ্ভিং আছামে (পিছা) সংগ্ৰহ কৰি সোমবাৰে পুৱতি নিশা ৩ বজালৈকে দুখীয়া লোকসকলৰ মাজত বিতৰণ কৰে। কাহিলীপাৰাত থকা শিল্পীগৰাকীৰ বাসগৃহৰ পৰা বিভিন্ন খাদ্য সামগ্ৰী সংগ্ৰহ কৰি তাৰ পিছত অতি কম সময়ৰ ভিতৰতে দুখীয়াৰ মাজত বিতৰণ কৰাটো পিছাৰ বাবে এক কঠিন কাম আছিল।
 
 
পিছাৰ প্ৰতিষ্ঠাপক, লেখিকা তথা সাংবাদিক সীমা হুছেইনে আৱাজ-দ্য ভইচ'ক জনোৱা মতে, সোমবাৰে নিশা ১১ বজাত জুবিনৰ পৰিয়ালে এন জি অ'টোক ৰৈ যোৱা বৃহৎ পৰিমাণৰ খাদ্যৰ বিষয়ে অৱগত কৰে। 
 
হুছেইনে কয় যে, "হঠাতে মানুহ আৰু অন্যান্য সুবিধাৰ ব্যৱস্থা কৰাটো কঠিন আছিল। কিন্তু মই লগে লগে মনতে সিদ্ধান্ত লৈছিলো যে, জুবিনৰ  বিদায়ী আত্মাৰ চিৰশান্তিৰ বাবে মানুহক খুৱাবলৈ প্ৰস্তুত কৰা খাদ্যৰ এটাও অংশ যাতে অপচয় নহ'ব। আমি দুখন বাহন আৰু কিছুমান স্বেচ্ছাসেৱকৰ ব্যৱস্থা কৰি খাদ্য সংগ্ৰহ কৰি দুখীয়া আৰু ভোকাতুৰ লোকৰ মাজত বিতৰণ কৰিলোঁ।" 
 
পিছাৰ প্ৰতিষ্ঠাপক, লেখিকা তথা সাংবাদিক সীমা হুছেইন আৰু কণ কণ শিশু 
 
সোমবাৰে গোটেই নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদ, গুৱাহাটী ৰেল'ৱে ষ্টেচন, মহানগৰীৰ ভেটাপাৰাৰ বস্তি অঞ্চলত এই খাদ্য বিতৰণ অভিযান অব্যাহত  আছিল। 
 
সীমা হুছেইনে কয়, "জুবিন গাৰ্গে দুখীয়াক খুৱাই ভাল পাইছিল। মানুহে খাদ্য উপভোগ কৰা দেখি মোৰ দুচকু চকুলোৰে উপচি পৰিছিল। যিকি নহওঁক জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ বাবে প্ৰস্তুত কৰা খাদ্যখিনি অপচয় হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ'লোঁ বুলি জানি মই আত্মসন্তুষ্টি লাভ কৰিলোঁ।
 
খাদ্য বিতৰণ কৰাৰ এক দৃশ্য
 
সীমা হুছেইনে কয় যে, প্ৰতি নিশা বহু লোক ভোকত শুবলগীয়া হয়। যেতিয়াই 'পিছা'লৈ কোনো বিয়া অনুষ্ঠান বা আন কোনো অনুষ্ঠানৰ পৰা ফোন আহে যে  যথেষ্ট পৰিমানে খাদ্য ৰৈ গৈছে, আমি সেই অতিৰিক্ত খাদ্য সংগ্ৰহ কৰি লগে লগে দুখীয়া আৰু ভোকাতুৰ লোকৰ মাজত বিতৰণ কৰোঁ। এইবাৰৰ খাদ্য আমাৰ প্ৰিয় জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ বাহিৰে আন কাৰো পৰা সংগ্ৰহ কৰা নাছিলো। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।"