কলকাতাৰ দুৰ্গা পূজাঃ পৰম্পৰা আৰু উমৈহতীয়া সংস্কৃতিৰ এক অনন্য পৰিচয়

Story by  atv | Posted by  [email protected] • 2 h ago
কলকাতাৰ দূৰ্গা পূজা
কলকাতাৰ দূৰ্গা পূজা
 
অনিতা

ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যৰ দেশ, আৰু এই বৈচিত্ৰ্যৰ আটাইতকৈ সুন্দৰ প্ৰকাশ উৎসৱৰ ৰূপত দেখা যায়। বংগৰ দুৰ্গা পূজা উৎসৱ কেৱল ধৰ্মীয় বিশ্বাসৰ প্ৰতীক নহয়; সামাজিক সম্প্ৰীতি, শিল্প, সংস্কৃতি, সাম্প্ৰদায়িক সম্প্ৰীতিৰো নিদৰ্শন। বিশেষকৈ কলকাতাৰ দুৰ্গা পূজাৰ ভব্যতা আৰু চহকী পৰম্পৰাৰ বাবে ই বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে।

ইউনেস্কোৱে ২০২১ চনত ইয়াক "মানৱতাৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য" বুলি চিহ্নিত কৰিছিল। হিন্দু উৎসৱ হোৱাৰ পিছতো দূৰ্গা পূজাত মুছলমান সম্প্ৰদায়ৰ পৰাও বৃহৎসংখ্যক লোকৰ অংশগ্ৰহণ দেখা যায়।

দুৰ্গা পূজাৰ ইতিহাস শ শ বছৰৰ আগৰ। বংগত ইয়াৰ উৎপত্তি ষোড়শ শতিকাৰ পৰা বুলি ধাৰণা কৰা হয় যদিও ১৮ শতিকাৰ শেষৰ ফালে সংগঠিত ৰূপত ইয়াৰ আৱিৰ্ভাৱ হয়। প্ৰথম অৱস্থাত এই পূজা বৃহৎ মাটিৰ মালিক পৰিয়াল (জমিদাৰী বাৰোৱাৰী পূজা)ৰ মাজতে সীমাবদ্ধ আছিল। ধনী পৰিয়ালসমূহে নিজৰ শক্তি আৰু প্ৰতিপত্তি প্ৰদৰ্শনৰ বাবে ডাঙৰ পূজাৰ আয়োজন কৰিছিল।
 

কলকাতাৰ এখন দূৰ্গা পূজাত একাংশ মহিলাই ৰং লগোৱাৰ মুহূৰ্ত
 
১৭৯০ৰ দশকত "বাৰোৱাৰী পৰম্পৰা" বা সাৰ্বজনীন দুৰ্গা পূজা আৰম্ভ হয়। বাৰজন বন্ধুৱে জনসাধাৰণৰ অংশগ্ৰহণেৰে পূজাৰ আয়োজন কৰে। আজিও এই পৰম্পৰা অব্যাহত আছে। বিংশ শতিকাত কলকাতা ব্যৱসায়িক আৰু সাংস্কৃতিক কেন্দ্ৰ হৈ পৰাৰ লগে লগে দুৰ্গা পূজা অধিক ভব্য আৰু কলাত্মক হৈ পৰে। পৰৱৰ্তী সময়ত সমগ্ৰ দেশ আৰু বিশ্বতে ইয়াক উদযাপন কৰা হয়।

ইতিহাসবিদ ড° পাৰ্থ চেটাৰ্জীয়ে কৈছে, "কলকাতাৰ দুৰ্গা পূজা কেৱল দেৱীৰ পূজা নহয়; ই বাংলা সমাজৰ সামূহিক চেতনা, শিল্প আৰু আধুনিকতাৰ সংগম।" দুৰ্গা পূজাৰ আৰম্ভণি হয় ‘মহলয়া’ৰ পৰা। এই অনুষ্ঠানত ‘মহিষাসুৰ মৰ্দিনী’ আবৃত্তি কৰা হয়। ইয়াৰ পিছত সপ্তমী, অষ্টমী, নৱমী, বিজয়াদশমীৰ দিনালৈ দেৱীক পূজা কৰা হয়। মন্ত্ৰোচাৰণ, ঢাকৰ তাল, ধুনুচি নৃত্য, দেৱীৰ মূৰ্তিৰ সন্মুখত সন্ধি পূজা—এই সকলোবোৰ পৰম্পৰাই বংগৰ আত্মাক প্ৰতিফলিত কৰে।

খিচড়ি, লাবড়া, পেড়া, মিঠাইৰ টোপোলা এই উৎসৱৰ এক বিশেষ অংশ। বিজয়দশমীৰ দিনা হাওৰা দলং পাৰ হৈ দেৱীৰ মূৰ্তি হুগলী নদীত বিসৰ্জন দি মানুহক আৱেগিকভাৱে সংযোগ কৰা হয়। বিদায়ৰ সময়ত ভক্তসকলে ‘সেন্দুৰ খেলা’ (সেন্দুৰৰ এক অনুষ্ঠান) কৰে। ইয়াত পুৰুষ-মহিলাই ইজনে সিজনৰ মুখ আৰু শৰীৰত সেন্দুৰ লগায়। সেন্দুৰেৰে অংকন কৰা মানুহৰ মুখবোৰ চাবলগীয়া দৃশ্য। 

কলকাতাৰ দুৰ্গা পূজাৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ’ল ইয়াৰ মণ্ডপৰ বিষয়বস্তু, যিবোৰ শিল্প আৰু সৃষ্টিশীলতাৰ সংমিশ্ৰণ। প্ৰতি বছৰে শ শ মণ্ডপ এটা নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত আধাৰিত হয়। কেতিয়াবা ঐতিহাসিক কীৰ্তিচিহ্ন প্ৰদৰ্শন কৰে, বা কেতিয়াবা সামাজিক বিষয়ত গুৰুত্ব দিয়া হয়।

মণ্ডপৰ জনপ্ৰিয় বিষয়বস্তুৰ ভিতৰত পৰিষ্কাৰ-পৰিচ্ছন্নতা, নাৰী সবলীকৰণ, পৰিৱেশ সুৰক্ষা, গ্ৰাম্য জীৱন, ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী ইত্যাদি। গোলকীয় স্বীকৃতি লাভ কৰি সমগ্ৰ বিশ্বৰ পৰা মানুহে এই পেণ্ডেলসমূহ চাবলৈ আহে। এই কাৰণেই দুৰ্গা পূজাই বংগৰ অৰ্থনীতিও শক্তিশালী কৰে। কলকাতাৰ মণ্ডপ নিৰ্মাতা সুব্ৰত দাসে কয় যে মণ্ডপ কেৱল পূজাস্থলী নহয়, ই এক জীৱন্ত আৰ্ট গেলেৰী। 

"শিল্পীসকলে সেইবোৰ সৃষ্টি কৰিবলৈ মাহৰ পিছত মাহ ধৰি কঠোৰ পৰিশ্ৰম কৰে। সেইবাবেই মানুহে গোটেই নিশা শাৰী পাতি থিয় হৈ সেইবোৰ চায়।"-তেওঁ কয়। কলকাতাৰ দুৰ্গা পূজাৰ আটাইতকৈ সুকীয়া বৈশিষ্ট্য হ’ল কেৱল হিন্দুৱে নহয়, মুছলমান সম্প্ৰদায়েও বিশেষভাৱে পূজাত অংশগ্ৰহণ কৰে। ১৮ শতিকাৰ পৰাই বহু মুছলমান শিল্পীয়ে মূৰ্তি নিৰ্মাণ, পেণ্ডেল সজোৱা, ঢাক-ঢোল বজোৱা আদি কামত সক্ৰিয়ভাৱে জড়িত হৈ আছে। দুৰ্গা পূজা উদযাপনৰ বাবে মুছলমান মালিক আৰু নবাবেও আৰ্থিক সাহায্য আগবঢ়াইছে। উদাহৰণ স্বৰূপে, মুছলমান শিল্পীসকলে কলকাতাৰ কুমহাৰতোলীত দুৰ্গা মূৰ্তি সৃষ্টিৰ কাম কৰে। 

উল্লেখযোগ্য সংখ্যক মুছলমান শিল্পীয়ে পেণ্ডেল নিৰ্মাণ আৰু সজ্জাৰ কামত জড়িত হৈ আছে। বংগৰ বহু মুছলমান পৰিয়ালে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ঢাক বজোৱাৰ পৰম্পৰা অব্যাহত ৰাখিছে। এএনআইৰ সৈতে হোৱা কথা-বতৰাত অঞ্চলটোৰ দুৰ্গা পূজাৰ আয়োজক তথা সমাজ কৰ্মী মহম্মদ তৌছিফ ৰহমানে কয় যে দেৱী দুৰ্গাৰ মূৰ্তি স্থাপন কৰা হৈছে আৰু হিন্দু সমাজে সঠিক ৰীতি-নীতিৰে পূজা কৰে।
 

মা দূৰ্গাৰ প্ৰতিমা
 
কুমহাৰতোলিৰ এজন মুছলমান ভাস্কৰ্য্য শিল্পী নূৰ আলম শ্বেখে কয়, "আমি সৰুৰে পৰাই মাটি আৰু দেৱী মাৰ মূৰ্তিৰ সৈতে জড়িত হৈ আছো। আমাৰ বাবে ই কেৱল কাম নহয়, ই এক পৰম্পৰা। আমি নিৰ্মাণ কৰা মূৰ্তিবোৰ যেতিয়া মানুহে পূজা কৰে, তেতিয়া আমি গৌৰৱ অনুভৱ কৰো।" পেণ্ডেল নিৰ্মাণত নিয়োজিত মুছলমান শিল্পী ৰেহমান মোল্লাই কয়, "উৎসৱৰ হুলস্থুল, জনসাধাৰণৰ আনন্দ আৰু ভাতৃত্ববোধৰ পৰিৱেশে আমাক বছৰজুৰি কাম কৰিবলৈ অনুপ্ৰাণিত কৰে। দুৰ্গা মা কেৱল হিন্দুৰ নহয়, সকলোৰে।"

ইফালে, কলিকতা বিশ্ববিদ্যালয়ৰ অধ্যাপক আব্দুল কৰিমে কয়, "দুৰ্গা পূজাই ভাৰতীয় সংস্কৃতি কিমান বৈচিত্ৰ্যপূৰ্ণ আৰু সৰ্বাংগীন তাক দেখুৱাইছে। যেতিয়া মুছলমান শিপিনীসকলে দেৱীৰ মূৰ্তি তৈয়াৰ কৰে আৰু হিন্দু ভক্তসকলে ইয়াক পূজা কৰে, তেতিয়া ই ধৰ্মীয় বৈষম্য মচি পেলায়।" অনুমান কৰা হৈছে যে দুৰ্গা পূজাই পশ্চিম বংগৰ অৰ্থনীতিত প্ৰায় ৫০,০০০ কোটি টকাৰ বৰঙণি আগবঢ়ায়। ভাৰত আৰু বহিঃৰাজ্যৰ লাখ লাখ লোকে কলকাতা ভ্ৰমণ কৰি পৰ্যটনক উদগণি যোগায়। বাংলা সাহিত্য, সংগীত, চিনেমাৰ বাবেও দুৰ্গা পূজা অনুপ্ৰেৰণাৰ উৎস। 

কলকাতাৰ দুৰ্গা পূজা কেৱল ধৰ্মীয় উৎসৱ নহয়, সমাজ, সংস্কৃতি, অৰ্থনীতিৰ এক সুবৃহৎ উদযাপন। ইয়াত পেণ্ডেলৰ বিষয়বস্তুৱে শিল্প-কলাক এক নতুন উচ্চতা প্ৰদান কৰে, আৰু মুছলমান সম্প্ৰদায়ৰ অংশগ্ৰহণে ইয়াক গংগা-জামুনি সংস্কৃতিৰ উদাহৰণ কৰি তুলিছে। এই কাৰণেই কলকাতাৰ দুৰ্গা পূজা কেৱল বংগ আৰু ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবে বিশেষ আৰু ব্যতিক্ৰমী।