আৰিফুল ইছলাম/ গুৱাহাটী
অদম্য হেঁপাহ, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰম থাকিলে যে যিকোনো লক্ষ্যত উপনীত হ’ব পাৰি, তাকেই পুনৰবাৰ প্ৰমাণ কৰিলে ৰঙিয়াৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে। মঙ্গলবাৰে ঘোষণা কৰা চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়াৰ অভিজ্ঞান একাডেমীৰ ছাত্ৰী পাকিজা বেগমে তর্ক শাস্ত্র আৰু দৰ্শনত ১০০ ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে।
ৰঙিয়াৰ হাৰেজ আলী আৰু ছালেহা বেগমৰ কন্যা পাকিজা বেগমে মুঠ ৯০.৪৭% নম্বৰ লাভ কৰাৰ লগতে ৰাজনীতি বিজ্ঞান আৰু শিক্ষা বিষয়ত ৯১ নম্বৰ, ইংৰাজী আৰু অসমীয়াত ৮৪ নম্বৰ, ভূগোলত ৯৩, তৰ্ক শাস্ত্ৰ আৰু দৰ্শনত ১০০ নম্বৰ লাভকৰি এই পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হৈছে।
ৰঙিয়াৰ অভিজ্ঞান একাডেমীৰ ছাত্ৰী পাকিজা বেগম ৰঙিয়াৰ গোগমালাছাৰ নিবাসী। তেওঁ হাৰেজ আলী আৰু ছালেহা বেগমৰ তৃতীয় সন্তান। মন কৰিবলগীয়া যে পাকিজাৰ পিতৃ এগৰাকী পাচলি ব্যৱসায়ী আৰু মাতৃ এগৰাকী গৃহিনী। যথেষ্ট অসুবিধাৰ পিছতো পাকিজাক পিতৃ-মাতৃয়ে ঘৰতে এক সুন্দৰ পঢ়াৰ পৰিবেশ সৃষ্টি কৰি দিছিল। পাকিজাৰ এই সফলতাৰ আঁৰত তেওঁৰ ধাৰাবাহিক অনুশাসন আৰু একাগ্ৰতা স্পষ্টকৈ প্ৰতিফলিত হৈছে।
পাকিজা বেগম
উল্লেখযোগ্য যে, উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ এই বৃহৎ সফলতাৰ বাবে পাকিজাই পিতৃ-মাতৃৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক বিশেষভাৱে কৃতজ্ঞতা জনাইছে। তেওঁৰ মতে, পিতৃ-মাতৃৰ উৎসাহ আৰু শিক্ষকসকলৰ সঠিক মাৰ্গদৰ্শনেই তেওঁক এই সফলতালৈ লৈ গৈছে।
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পাকিজা বেগমে কয়; "এই সফলতাৰ বাবে মই মোৰ পিতৃ-মাতৃ তথা শিক্ষকগুৰুসকলক বিশেষভাবে ধন্যবাদ জনাওঁ। ওচৰ-চুবুৰীয়াসকলেও মোক যথেষ্ট উৎসাহিত কৰিছিল। বিদ্যালয়ৰ পঢ়াশুনাৰ উপৰিও মই বাহিৰা জ্ঞান আহৰণ কৰি ভাল পাওঁ। বৰ্তমান সমাজত কি চলি আছে, বা বিভিন্ন ডাঙৰ ডাঙৰ বিষয়সমূহ জনাৰ বাবে মই পঢ়ো। বিদ্যালয়ৰ পাঠ্যপুথিৰ উপৰিও মই বাহিৰা বিভিন্ন কিতাপ অধ্যয়ন কৰোঁ। আৰু মই লিখা মেলা কৰি বৰ ভাল পাওঁ।"
"শিক্ষা বৰ্ষৰ আৰম্ভণিৰ পৰাই মই নিয়মীয়াকৈ পঢ়িছিলোঁ। মই বহু মনোযোগেৰে ক্লাছ কৰিছিলোঁ। মই ৰাতি কমকৈ পঢ়িছিলোঁ, দিনত বেছি সময় উলিয়াই পঢ়িছিলোঁ। পৰীক্ষাৰ আগমুহূৰ্ত কিন্তু অলপ বেছি সময় পঢ়িছিলোঁ। প্রায় ৬ ঘণ্টা মান পঢ়া-শুনা কৰিছিলোঁ", পাকিজাই কয়।
পাকিজা বেগম
ইয়াৰ পিছত পাকিজাই স্নাতক ডিগ্ৰীৰ বাবে শিক্ষা বিষয়ত মেজৰ লৈ মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ সিদ্ধান্ত লৈছে। লগতে পাকিজাই ভৱিষ্যতে এগৰাকী ভাল শিক্ষয়িত্ৰী হোৱাৰ সপোন দেখিছে। তাৰোপৰি সমাজখনক বহল অৰ্থত সেৱা কৰিবলৈ IAS হোৱাৰো সপোন পুহি ৰাখিছে পাকিজাই। পাকিজাই বিশ্বাস কৰে যে শিক্ষাৰ প্ৰকৃত উদ্দেশ্য হ’ল সমাজৰ প্ৰতি থকা দায়িত্বসমূহ পালন কৰা আৰু মানৱ সেৱাত ব্ৰতী হোৱা। শিক্ষয়িত্ৰী অথবা IAS হৈ তেওঁ সমাজ সেৱাত নিজকে নিয়োগ কৰাৰ লক্ষ্য স্থিৰ কৰিছে।
পাকিজা বেগমৰ মাতৃ ছালেহা বেগমে কয়; "অভিভাৱক হিচাপে আমি বৰ আনন্দিত হৈছোঁ। আমি পাকিজাক ভালদৰে পঢ়া-শুনা কৰাৰ বাবে যিমান পাৰোঁ ভাল পৰিৱেশ এটা দিবৰ বাবে চেষ্টা কৰিছিলোঁ। আমি তাইৰ সৈতে বহুত কষ্ট কৰিবলগীয়া হোৱা নাই। পঢ়া-শুনাৰ প্ৰতি তাইৰ নিজৰে আগ্ৰহ আৰু ধাউতি আছে।"
উল্লেখযোগ্য যে পাকিজা বেগমে উচ্চতৰ মাধ্যমিকৰ শিক্ষা ৰঙিয়াৰ অভিজ্ঞান একাডেমীত লৈছিল। ৰঙিয়াৰ অৰিমত্ত হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাতো পাকিজাই ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। পাকিজাৰ স্কুলীয়া জীৱনৰ আৰম্ভণি হৈছিল ৰঙিয়া তিনিআলিৰ বুনিয়াদী বিদ্যালয়ৰ পৰা।
উল্লেখযোগ্য যে, পাকিজা চুলতানাৰ এই কৃতিত্বই সমগ্ৰ অঞ্চলটোতে এক আনন্দৰ জোৱাৰ তুলিছে। তেওঁৰ এই সাফল্য কেৱল এটা পৰিয়ালৰ গৌৰৱ নহয়, বৰঞ্চ অনাগত প্ৰজন্মৰ বাবেও এক উৎকৃষ্ট অনুপ্ৰেৰণা।