পৰীক্ষাৰ ফলাফল, দুখন চিনেমা, জীৱন ইত্যাদি

Story by  atv | Posted by  Munni Begum • 49 m ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
  স্বপ্না দাস 
 
সকলো পৰীক্ষাৰ ফলাফলতে উৎকণ্ঠা থাকে, কিন্তু বিশেষকৈ দুটা পৰীক্ষা ক্ৰমে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিন দুটাত শিক্ষাৰ্থীৰ বাদেও অভিভাৱক, শিক্ষাগুৰু, শিক্ষানুষ্ঠান, চুবুৰীয়াৰ আৱেগ, উৎসুকতা আদিৰ সমানেই ব্যস্তও হৈ পৰে সকলো। বৰ্তমান সময়ছোৱাত এই দিনটোত যথেষ্ট ব্যস্ত হৈ পৰা দেখা যায় ছপা তথা বৈদ্যুতিন সংবাদ মাধ্যমৰ উপৰি অন্য বিভিন্ন সামাজিক মাধ্যমসমূহো। 'ভাল' ফলাফলেৰে উত্তীৰ্ণগৰাকীৰ কাষত উপস্থিত থাকি তেওঁ কিদৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল, দিনটোত কিমান ঘণ্টা পঢ়িছিল আদিৰ উপৰি কি পঢ়িব, ক'ত পঢ়িব, জীৱনৰ লক্ষ্য কি অথবা কিদৰে সেই লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিব ইত্যাদি অনেক প্ৰশ্ন কৰাৰোপৰি শুভাশীষ আৰু অনেক প্ৰশংসাৰে উপচাই দিয়া দেখা যায়। 
 
পৰীক্ষাত ভবামতে ফল পোৱা গৰাকীক পিতৃ-মাতৃ, শিক্ষাগুৰু, চুবুৰীয়া, আত্মীয় আদিয়ে অন্তৰৰ পৰা মৰম আৰু আশীৰ্বাদ দিয়ে। সন্তানৰ কৃতকাৰ্যতাত উৎফুল্লিত পিতৃ-মাতৃয়ে শিক্ষাগুৰু, আত্মীয় আৰু চুবুৰীয়া লোকৰ মাজত মিঠাই বিতৰণ কৰি অথবা কিছুমানে ভোজ-ভাতৰ আয়োজনেৰে সুখৰ বহিঃ প্ৰকাশ কৰাও দেখা যায়। একেদৰেই কৃতী ছাত্র-ছাত্ৰীসকলক চৰকাৰেও ধন অথবা লেপটপ বা স্কুটী আদি প্ৰদানেৰে উৎসাহিত কৰি প্ৰশংসা কৰাও আমি দেখি আহিছোঁ। 
 
 
উক্ত দিনটোৰ পৰা কেইবাদিনো ধৰি কৃতী ছাত্ৰ-ছাত্ৰীসকল হৈ পৰে খুব গুৰুত্বপূৰ্ণ! তেওঁলোকক আশীৰ্বাদ, আদৰ, মৰম, প্ৰশংসা, উপহাৰ আদিৰে উপচাই পেলাওঁ আমি সকলোৱে। বিভিন্ন ক্লাব, অনুষ্ঠান, প্ৰতিষ্ঠানেও তেনে কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠান আয়োজনেৰে ঊষ্ম সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়। এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে সফলতা অৰ্জনত সক্ষম হোৱা বাবে প্ৰশংসাৰে উৎসাহিত কৰা এইধৰণৰ কথা বা কাম অতিকৈ আদৰণীয়। সুখ্যাতি, পৰীক্ষাত সফলতা আদি লাভত সন্মান প্ৰদৰ্শন অথবা সম্বৰ্ধনা জ্ঞাপন কার্যৰে ভৱিষ্যতে এখন শিক্ষিত তথা সুস্থ সমাজ নিৰ্মাণৰ অৰ্থে আমাৰ সন্তানসকলে যথেষ্ঠ প্ৰেৰণা লাভ কৰে। কিন্তু একে সময়তে মন কৰিবলগীয়া কথাটো হ'ল--- অনুত্তীৰ্ণ হোৱাসকলক আৰু আশা কৰা ধৰণেৰে ফলাফল‌ লাভ নকৰাসকলকো দুগুণ উৎসাহেৰে পুনৰ চেষ্টাৰ বা পৰৱৰ্তী খোজ দিবলৈ অনুপ্ৰেৰণা যোগোৱা উচিত।
 
আন এটা প্ৰসংগলৈ আহিছোঁ। বৰ্তমান সময়ত আকৌ মেট্ৰিক বা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীক তেওঁলোকৰ পৰীক্ষাৰ ফলাফল জানিব বিচাৰি 'তুমি এইবাৰ মেট্ৰিক/ হায়াৰ চেকেণ্ডাৰী দিছিলা নহয়' বুলি কৈ সৰহসংখ্যকে 'ৰিজাল্ট কেনে হ'ল', 'পাৰ্চেণ্টজ' কিমান পালা', 'কোনটো শাখাত পঢ়িবা'  জাতীয় প্ৰশ্ন সোধাত গুৰুত্ব দিয়ে। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীক আকৌ মেডিকেল, ইঞ্জিনিয়াৰিং নে সাধাৰণভাৱে স্নাতক ডিগ্ৰীৰ বাবে পঢ়িব আদিৰ নিচিনা অনেক প্ৰশ্নৰে একপ্ৰকাৰ ব্যতিব্যস্ত কৰা দেখিবলৈ পাওঁ। 
 
সঁচাকৈয়ে, সময় যেন ভাবিব নোৱৰাধৰণে সলনি হ'ল! আমি সকলো যে কেতিয়া প্ৰতিযোগিতা নামৰ দূৰন্ত ঘোঁৰা দৌৰৰ প্ৰতিযোগী হৈ পৰিলোঁ তলকিবই নোৱাৰিলোঁ। এতিয়া কেৱল এখন গধূৰ মাৰ্কশ্বিটৰ আশা পৰীক্ষাৰ্থীৰ। অভিভাৱকৰো। সকলোৰে এনে অনুভৱ--- মাৰ্কশ্বিটখনেই যেন নিৰ্ধাৰণ কৰে পৰীক্ষাৰ্থীয়ে সফলতা-বিফলতা, সুখ-দুখ আদি জীৱনৰ সমস্ত। হয়, ভাল মাৰ্কশ্বিট এখনৰ প্ৰয়োজনীয়তাক আমি কাহানিও কাষৰীয়া কৰি পেলাব নোৱাৰোঁ। 
 
এখন ভাল মহাবিদ্যালয়ত নামভৰ্ত্তি কৰিবলৈ আৰু অন্য বিভিন্ন কাৰণত অতিকৈ প্ৰয়োজনীয় হৈ পৰে হাইস্কুল শিক্ষান্তৰ দৰেই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মাৰ্কশ্বিটখন। কিন্তু জীৱনত সফলতাৰ মাপকাঠি কেৱল পৰীক্ষাৰ মূল্যাংকণ কেতিয়াও হ'ব নোৱাৰে। পৰীক্ষা, ফলাফল, নম্বৰ আদিৰ সমানেই আমি আমাৰ সন্তানক জীৱনৰ বাবে অতীব প্ৰয়োজনীয় আন দিশবোৰত শিক্ষা দিব পৰিছোঁনে? দিছোঁ নে আমি তেওঁলোকক আমাৰ নিজস্ব পৰম্পৰা, লোককৃষ্টি , সমাজৰে পৰিচয় কৰাই ? মানৱতাৰ শিক্ষা দিছোনে? পঢ়া-শুনাত সাংঘাতিক ভাল হৈ জীৱনত স্বাৱলম্বী হোৱাৰ বাহিৰেও আন আন ক্ষেত্ৰত উজলি উঠিব নোৱাৰেনে আপোনাৰ, মোৰ, আমাৰ সন্তানবোৰে? উত্তৰ নিশ্চয়কৈ 'পাৰে' হ'ব। কিন্তু তাৰ পিছতো আমি আমাৰ সন্তানসকলক এখন গধূৰ মাৰ্কশ্বিট লাভৰ ক্ষেত্ৰতহে প্ৰেৰণা বা উৎসাহ দিছোঁ; দৌৰাইছোঁ আৰু তেওঁলোকৰ পিছে পিছে নিজেও দৌৰিছোঁ। 
 
 
খেলা-ধুলা কৰিলে শাৰীৰিক আৰু বাহিৰা কিতাপ পঢ়িলে মানসিক বিকাশ সাধন কৰাত সহায়ক হয় বুলি জনাৰ পিছতো আমি কিমানেইবা আমাৰ সন্তানসকলক মুকলিকৈ খেলিবলৈ দিছো? বাহিৰা কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব পৰিছোনে আমাৰ সন্তানৰ? আত্মীয়, ওচৰ-চুবুৰীয়া বা সমাজিক ক্ষেত্ৰত নৈতিক কিম্বা ব্যৱহাৰিক জ্ঞানেৰে সমৃদ্ধ কৰাটোও পৰীক্ষাৰ মাৰ্কশ্বিটখনতকৈ কোনোগুণে কম গুৰুত্বপূৰ্ণ বিষয় নহয়। আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হোৱা প্ৰতিজন সন্তান 'ভাল মানুহ' নহ'বও পাৰে, যদিহে তেওঁ নৈতিক তথা চাৰিত্ৰিক দিশত কোনো জ্ঞান আহৰণ কৰা নাই। 'আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়।' ৰাজহুৱা স্থান, যান-বাহন আদিত ডাঙৰ ডাঙৰ আখৰেৰে লিখা এই বাক্যশাৰীয়ে আমাক সকলোকে বহু কথাই শিকাই থৈছে।
 
শিক্ষা, পৰীক্ষা, ফলাফল--- এই ব্যৱস্থাবোৰ গুৰুকুলৰ পৰাই চলি আহিছে। সময় আৰু সভ্যতাৰ অগ্ৰগতিৰ ফলস্বৰূপে গুৰুকুলৰ শিক্ষা হৈ পৰিল বিদ্যালয়কেন্দ্ৰিক আনুষ্ঠানিক শিক্ষা ব্যৱস্থা। এই শিক্ষানুষ্ঠানকেন্দ্ৰিক আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত শিক্ষাদান আৰু গ্ৰহণ, পৰীক্ষা, ফলাফলৰ উপৰি আন এটা ব্যৱস্থা অন্তৰ্ভুক্ত হ'ল; সেইটো হ'ল-- পৰিমাপক--- মাৰ্কশ্বিট বুলিলে যিটোক আমি সাধাৰণতে সকলোৱে একেষাৰে বুজি পাওঁ। সন্তান এগৰাকীৰ আনুষ্ঠানিক শিক্ষাগ্ৰহণ কৰাৰ প্ৰথম বৰ্ষৰ পৰাই পৰীক্ষাৰ ফলাফলৰ সমানে গুৰুত্ব দিয়া হয় প্ৰতিটো বিষয়ত পোৱা পৰিমাপকৰ নিৰ্দিষ্ট সংখ্যাটোৰ ওপৰত। অভিভাৱক তথা শিক্ষানুষ্ঠানৰ ফালৰ পৰা এই ধাৰা অব্যাহত থকা দেখা যায় বিদ্যালয়ৰ প্ৰথমটো পৰীক্ষাৰ পৰা আনুষ্ঠানিক শিক্ষাৰ অন্তিমটো পৰ্যায়লৈ। সকলোৱে ধাৰণা কৰা গুৰুত্বপূৰ্ণ মাৰ্কশ্বিটকেইখনৰ এখন হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মাৰ্কশ্বিটখন। তাৰ পিছতেই আহে উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বিটৰ গুৰুত্ত্বপূৰ্ণতা।  
 
উপাৰ্জনমুখী কৰ্মজীৱনৰ জখলাডালত এটাৰ পিছত আনটো ঢাপ বগাবলৈ আনুষ্ঠানিক শিক্ষা লাভৰ লগতেই গুৰুত্বপূৰ্ণ ভাল ফলাফলো সমানেই গুৰুত্বপূৰ্ণ ফলাফলৰ মূল্যাকনো, যিটোক আমি কেতিয়াও আওকাণ কৰিব নোৱাৰোঁ। কিন্তু এই পৰিমাপকে এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ সমগ্ৰ জীৱন যাত্ৰাৰ পৰিমাপ নিৰ্ধাৰণ কৰিব নোৱাৰে। মাৰ্কশ্বিটখনেই হ'ব নোৱাৰে কাৰো জীৱনজোৰা সফলতা অথবা বিফলতা নিৰূপণ কৰিব পৰা প্ৰমাণ পত্ৰ। আনুষ্ঠানিক শিক্ষা লাভৰ সমান্তৰালকৈ শাৰিৰীক মানসিক সুস্থতা, সমাজৰ কৃষ্টি, সংস্কৃতি,ৰীতি নীতি, পৰম্পৰা আদিৰ ন্যূনতম জ্ঞান আৰু তাৰ প্ৰতি থকা দায়বদ্ধতা, সুব্যৱহাৰৰ আদিয়ে এজন ব্যক্তিৰ সফলতাক নিৰূপন কৰে। 
 
আমি মনত ৰখা উচিত যে এজন সফল ব্যক্তিয়েহে এখন সুস্থ সমাজ গঢ়াত সহায়ক হয়। এয়া সত্য যে মাৰ্কশ্বিট প্ৰয়োজনীয়; কিন্তু সৰ্বোচ্চ বা সৰ্বস্ব নহয়। একেদৰে, এই কথাও আমি অনুধাৱন কৰা উচিত যে পৰীক্ষাত অনুত্তীৰ্ণসকলেও আমাৰ অনুপ্ৰেৰণাত জিলিকি উঠিব পাৰে। এই কথাৰ উপৰি সন্তানৰ আগ্ৰহ, স্বপ্ন উপলব্ধি কৰি প্ৰেৰণা দিলেই 'ইডিয়টছ' বুলি ভবা কোনোবায়ো প্ৰমাণিত কৰিব পাৰে 'তাৰে জমীন পৰ' হৈ বাস্তৱায়িত কৰিব পাৰে--- 'থ্ৰী ইডিয়ট্‌ছ' আৰু 'তাৰে জমীন পৰ' নামৰ চিনেমা দুখনত যি শিকনি আমাক আওপকীয়াকৈ দিছে। অনুত্তীৰ্ণক 'ইডিয়টছ' বুলি নাভাবি সেই শিকনিৰে অনুপ্ৰাণিত কৰি আমি তেওঁলোকক কৰিব নোৱাৰোঁনে মাটিৰ জিলিকা তৰা!
 
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক)