আৰিফুল ইছলাম / গুৱাহাটী
প্ৰতি বছৰে অসমত এমবিবিএছৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ বহু শিক্ষাৰ্থী চিকিৎসক হৈ ওলাই আহি আছে। ২০২৬ চনত চিকিৎসক হিচাপে পৰিগণিত হোৱা হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ ভিতৰত অন্যতম নগাঁও জিলাৰ কলিয়াবৰৰ এগৰাকী মেধাৱী যুৱতী। যুৱতী গৰাকী হৈছে অৱসৰপ্ৰাপ্ত সেনা বিষয়া আলহাজ বদিৰত আলী আৰু ৰুজনা বেগমৰ জীয়ৰী ছানিয়া বেগম। ছানিয়াই চিকিৎসক হৈ ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে। কিয়নো ছানিয়া বেগম খিলঞ্জীয়া অসমীয়া মুছলমানৰ মৰিয়া সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা চিকিৎসক হিচাপে পৰিগণিত হৈছে।
চলিত বৰ্ষৰ ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজৰ পৰা চিকিৎসক হিচাপে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে কলিয়াবৰৰ মৰিয়া গাঁৱৰ (জয়ন্তীপুৰ) যুৱতী ছানিয়া বেগমে। বৰ্তমান তেওঁ অসম মেডিকেল কলেজতে ইণ্টাৰ্নশ্বিপ কৰি আছে। ছানিয়াই কলিয়াবৰস্থিত 'শিশু বিদ্যাপীঠ কুঁৱৰীটোল' উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলিছিল। সেইখন বিদ্যালয়ৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ আজমল ছুপাৰ-৪০ ত উচ্চতৰ মাধ্যমিকৰ বাবে নামভৰ্তি কৰিছিল। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত প্ৰথম প্ৰচেষ্টাতেই তেওঁ নীট পৰীক্ষাত উত্তীৰ্ণ হৈ অসম মেডিকেল কলেজত নামভৰ্তি কৰে।
VIDEO
আৱাজ-দ্য ভইচ' ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছানিয়া বেগমে কয়ঃ "বৰ্তমান মই ইণ্টাৰ্নশ্বিপ কৰি আছো। ইয়াৰে পিছত গ্রাম্যত এবছৰ কৰিব লাগিব। তাৰ পিছত নীট পিজি পৰীক্ষা দিব লাগিব। সেই পৰীক্ষাটোত লাভ কৰা নম্বৰে নিৰ্ধাৰণ কৰিব মই কি বিভাগত বিশেষীকৰণ লাভ কৰিম।"
ছানিয়া বেগমৰ এই সাফল্যই সমগ্ৰ অসমৰ মৰিয়া মুছলমান সমাজক উৎফুল্লিত কৰিছে। ছানিয়া বেগমে কয়ঃ "বিভিন্ন দল-সংগঠনে মোক সম্বৰ্ধনা জনাইছে। স্থানীয় ৰাইজে ভাল পাইছে। ৬০০ বছৰ পুৰণি এটা সম্প্ৰদায়ৰ পৰা প্ৰথমগৰাকী মহিলা চিকিৎসক হোৱাটো মোৰ কাৰণে অতিকৈ গৌৰৱৰ কথা। কেৱল মৰিয়া সম্প্ৰদায়ৰে নহয়, গৰীয়াসকলেও মোক সম্বৰ্ধনা জ্ঞাপন কৰিছে, মোক উৎসাহিত কৰিছে।"
উল্লেখ্য যে, ছানিয়া বেগমে নিজৰ বৃত্তিৰ জৰিয়তে মানুহক সহায় কৰি যাবলৈ সংকল্পবদ্ধ হৈছে। নিজৰ সাধ্য অনুযায়ী আৰ্তজনক সেৱা আগবঢ়োৱাৰ কথা ভাবিছে। ছানিয়াই নতুন প্ৰজন্মক সদায় চেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে। "নৱ প্ৰজন্মই একাগ্ৰতাৰে চেষ্টা কৰিলে সকলো কামেই কৰিব পাৰিব। নিজৰ লক্ষ্যৰ পৰা বিচলিত হ'ব নালাগে। যিহেতু শিক্ষা আৰু অৰ্থনৈতিক দিশত আমাৰ মৰিয়া সম্প্ৰদায়টো অলপ পিছপৰা। গতিকে আমি এই দুটা ক্ষেত্ৰত আগবাঢ়ি যাবলৈ হ'লে চেষ্টা আৰু আগ্ৰহ লাগিব। আমাৰ নৱ প্ৰজন্মই শিক্ষাৰ প্ৰতি আগ্ৰহী হ'ব লাগিব।
ডাঃ ছানিয়া বেগম
সমাজৰ বিভিন্ন স্তৰৰ লোকে ছানিয়াৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা কৰিছে আৰু তেওঁৰ এই সাফল্যক সম্প্ৰদায়টোৰ বাবে এক গৌৰৱৰ ক্ষণ তথা ভৱিষ্যত প্ৰজন্মৰ বাবে এটা ইতিবাচক উদাহৰণ বুলি অভিহিত কৰিছে।
ছানিয়া বেগমৰ পিতৃ আলহাজ বদিৰত আলীয়ে কয়ঃ "প্ৰথমতে মই শিশু বিদ্যাপীঠ কুঁৱৰীটোল বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে মই আজমল ছুপাৰ-৪০ ৰ কৰ্তৃপক্ষক ধন্যবাদ জনাইছো। বিশেষকৈ মই আজমল ফাউণ্ডেচনৰ সঞ্চালক ড০ খছৰুল ইছলাম, জেনেৰেল মেনেজাৰ ড০ এম. আৰ. এইচ. আজাদ আৰু আজমল ছুপাৰ-৪০ ৰ প্ৰজেক্ট হেড আব্দুল কাদিৰ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছো। এই তিনিগৰাকী ব্যক্তিয়ে মোৰ ছোৱালীজনীক যিধৰণে নিৰ্দেশনা দিলে, তাৰ ফলস্বৰূপে মোৰ ছোৱালীজনীয়ে আজি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল।
৬০০ বছৰ পুৰণি আমাৰ এই মৰিয়া সম্প্ৰদায়টো পঢ়া-শুনাৰ ক্ষেত্ৰত অতিকৈ পিছপৰা। আৰ্থিকভাৱে পিছপৰা বাবেই সম্প্ৰদায়টো শিক্ষাৰ ক্ষেত্ৰতো আজিলৈ পিছপৰা হৈ আছে। তেনেকুৱা এটা সম্প্ৰদায়ৰ পৰা গৈ মোৰ ছোৱালীজনীয়ে সম্প্ৰদায়টোৰ প্ৰথমগৰাকী মহিলা চিকিৎসক হিচাপে পৰিগণিত হোৱাটো মোৰ কাৰণে ভাষাৰে বুজাব নোৱাৰা এটা অনুভূতি।"
ডাঃ ছানিয়া বেগমৰ পিতৃ অৱসৰপ্ৰাপ্ত সেনা বিষয়া আলহাজ বদিৰত আলী
মৰিয়া মুছলমানসকলৰ ইতিহাসৰ কথা উল্লেখ কৰি ছানিয়াৰ পিতৃ বদিৰত আলীয়ে কয়ঃ "মানুহে মুখে মুখে কোৱা কথা, ১৫২৭ খ্ৰীষ্টাব্দত যেতিয়া মোগলে অসম আক্ৰমণ কৰে। তেতিয়া কলিয়াবৰত শিলঘাটত মোগল আৰু আহোমসকলৰ ৰণ হৈছিল, সেই সময়ত দুগৰাকী মুনিয়ে শিলঘাটৰ দুটা শিলৰ ওপৰত বহি তপস্যা কৰি আছিল। ১৫২৭ খ্ৰীষ্টাব্দৰ পৰা ১৫৩২ খ্ৰীষ্টাব্দলৈ সেই দুয়োটা শিলৰ মাজতে প্ৰায় ৯০০ মোগল সৈনিক কৰা বন্দী হৈছিল। সেই সৈনিকসকলক ৰজাই বন্দী কৰি ৰাখিছিল আৰু পিছলৈ মুক্ত কৰি দি ৰজাই কৈছিল যে আপোনালোক এতিয়া নিজৰ ঠাইলৈ যাব পাৰে। তেতিয়া সেই সৈনিকসকলে কৈছিল যে আমি বেলেগত নাযাওঁ, ইয়াৰে ভাষা-সংস্কৃতি আঁকোৱালি লৈ ইয়াতেই থাকিম। তেতিয়া ৰজাই নিম্ন জাতিৰ মহিলাৰ লগত সৈনিকসকলক বিয়া পাতি দিয়ে। সেইসকলৰে সন্তান আমি মৰিয়াসকল।"
প্ৰবাদ মতে, সেই সময়ত বন্দী হোৱা সৈনিকসকল যোদ্ধা নাছিল, তেওঁলোক আছিল কাৰিকৰী সহায়ত। সেইবাবেই তেওঁলোক কিছুমান কামত পাকৈত আছিল। যেনে, বৰটোপ প্ৰস্তুত কৰা, পিতলৰ কাম কৰা, মছজিদ-মন্দিৰৰ ওপৰত কলচি প্ৰস্তুত কৰা ইত্যাদি। উল্লেখ্য যে, কলিয়াবৰ সৰু মছজিদ আৰু বৰ মছজিদৰ ওপৰতো মন্দিৰৰ আৰ্হিত প্ৰস্তুত কৰা দুটা কলচি আছে।
মন কৰিবলগীয়া যে, সমগ্ৰ অসমতে প্ৰায় ১২০ খন গাঁৱত ৫ লাখ মৰিয়া সম্প্ৰদায়ৰ লোক আছে। কিন্তু মৰিয়া সমাজৰ মাজত এতিয়াও উচ্চ শিক্ষিতৰ হাৰ মাত্ৰ ২-৩ শতাংশ। মহিলাৰ ক্ষেত্ৰত মাত্ৰ ১ শতাংশ। উল্লেখ্য যে ছানিয়া বেগমৰ এই সাফল্যই নিশ্চিতভাৱে ন্যূনতম শিক্ষাৰ হাৰ থকা মৰিয়া সম্প্ৰদায়টোক অনুপ্ৰেৰণা যোগাব।