গুৱাহাটী
অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, ২০২৭ৰ সময়সূচীক কেন্দ্ৰ কৰি ৰাজ্যৰ শৈক্ষিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একেৰাহে তিনিটাকৈ পৰীক্ষা, একেদিনাই দুটাকৈ পৰীক্ষা আৰু প্ৰস্তুতিৰ বাবে পৰ্যাপ্ত সময়ৰ অভাৱৰ দৰে একাধিক আসোঁৱাহেৰে ভৰা সময়সূচী প্ৰকাশ কৰাত শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মাজত অসন্তুষ্টিয়ে দেখা দিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ দ্বিতীয় সংমণ্ডলে প্ৰকাশ কৰা এই সময়সূচীক লৈ পৰিষদৰ পৰিকল্পনা আৰু দায়িত্ববোধৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে।
বিশেষকৈ ২৯ আৰু ৩০ মাৰ্চত একেৰাহে তিনিটাকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে ৩১ মাৰ্চত একেদিনাই দুটাকৈ পৰীক্ষাৰ দিন নিৰ্ধাৰণ কৰাত পৰিষদৰ দূৰদৰ্শিতাৰ অভাৱ স্পষ্ট হৈ পৰা বুলি অভিযোগ উঠিছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সময়সূচী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ সুবিধা-অসুবিধা আৰু প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় সময়ৰ বিষয়টোক যথোচিত গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে শিক্ষাৰ্থী আৰু অভিভাৱকসকলে।
লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে জড়িত এনে এখন গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সময়সূচী প্ৰকাশৰ পূৰ্বে পৰিষদে সংশ্লিষ্ট বিষয়সমূহৰ শিক্ষাৰ্থীৰ অসুবিধাৰ দিশবোৰ পৰ্যালোচনা কৰিছিল নে নাই, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে।
প্ৰকাশিত সময়সূচী অনুসৰি, ২৯ মাৰ্চৰ বিয়লি তৰ্কবিজ্ঞান আৰু দৰ্শন বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ইয়াৰ পিছদিনা অৰ্থাৎ ৩০ মাৰ্চৰ পুৱা আৰবী, ফাৰ্চি আৰু টাই ভাষাৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে একেদিনাই বিয়লি ঐচ্ছিক ভাষাৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ফলত এই বিষয়সমূহ গ্ৰহণ কৰা শিক্ষাৰ্থীসকলে মাত্ৰ দুদিনৰ ভিতৰতে একেৰাহে তিনিটা পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
তদুপৰি ৩০ মাৰ্চত পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত মাত্ৰ ডেৰ ঘণ্টাৰ ব্যৱধানত বিয়লি ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ পুনৰ আন এটা পৰীক্ষাত বহিব লাগিব সংশ্লিষ্ট শিক্ষাৰ্থীসকলে।
এটা পৰীক্ষাৰ পিছত পৰৱৰ্তী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা, জিৰণি লোৱা আৰু মানসিক চাপৰ পৰা কিছু সকাহ পোৱাৰ বাবে শিক্ষাৰ্থীসকলক ন্যূনতম সময়ৰ প্ৰয়োজন। কিন্তু প্ৰকাশিত সময়সূচীত এই মৌলিক বিষয়টোৰ প্ৰতি পৰিষদে যথোচিত গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে।
ইয়াৰ মাজতে ৩১ মাৰ্চতো একেদিনাই দুটাকৈ পৰীক্ষাৰ সময় নিৰ্ধাৰণ কৰা হৈছে। সেইদিনা পুৱাৰ ভাগত কৰ্মদক্ষতা (গোট খ) আৰু বিয়লিৰ ভাগত গণিত বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ফলত দুয়োটা বিষয় গ্ৰহণ কৰা শিক্ষাৰ্থীসকলে একেদিনাই দুখন পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া হোৱাত তেওঁলোকৰ মাজত সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।
পৰীক্ষাৰ সময়সূচী প্ৰস্তুত কৰাৰ সময়ত দুটা পৰীক্ষাৰ মাজৰ ব্যৱধান আৰু শিক্ষাৰ্থীসকলৰ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় সময়ৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো জৰুৰী। কিন্তু এই সময়সূচীয়ে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ পৰিকল্পনাৰ অভাৱকে প্ৰতিফলিত কৰা বুলি শৈক্ষিক মহলত চৰ্চা চলিছে।
আনহাতে, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ নেতৃত্বত পৰিষদৰ কাম-কাজ আৰু সিদ্ধান্ত গ্ৰহণৰ পদ্ধতিক লৈও গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে জড়িত এখন গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সময়সূচী প্ৰস্তুত কৰোঁতে দেখা দিয়া এনে আসোঁৱাহক সহজভাৱে ল’ব পৰা নাই শিক্ষাৰ্থী আৰু অভিভাৱক সমাজে।
পৰিষদৰ অধ্যক্ষৰ দায়িত্ব কেৱল সময়সূচীত স্বাক্ষৰ কৰা বা কাৰ্যালয়ৰ পৰা সিদ্ধান্ত ঘোষণা কৰাতে সীমাবদ্ধ নহয়। প্ৰতিটো সিদ্ধান্তৰ শৈক্ষিক আৰু ব্যৱহাৰিক প্ৰভাৱ আগতীয়াকৈ বিবেচনা কৰা, শিক্ষক-শিক্ষাবিদসকলৰ পৰামৰ্শ গ্ৰহণ কৰা আৰু শিক্ষাৰ্থীৰ সুবিধা-অসুবিধাৰ প্ৰতি সংবেদনশীল হোৱাটোও অধ্যক্ষৰ অন্যতম প্ৰধান দায়িত্ব।
কিন্তু প্ৰকাশিত সময়সূচীত এই দিশসমূহৰ যথাযথ প্ৰতিফলন নঘটাত পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ নেতৃত্বৰ দূৰদৰ্শিতা আৰু দায়বদ্ধতাক লৈও প্ৰশ্ন উত্থাপন হৈছে।