সমন্বয়ৰ ক্ষেত্ৰ দৰঙৰ খটৰা সত্ৰৰ পাচেতি

Story by  atv | Posted by  Munni Begum • 2 h ago
খটৰা সত্ৰ
খটৰা সত্ৰ
 
  স্বপ্না দাস 
 
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্রপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ বাৰ ধৰ্মাচাৰ্যৰ সপ্তমজনা ধৰ্মাচাৰ্য গোবিন্দ আতৈয়ে মাধৱদেৱৰ সান্নিধ্যলৈ আহি একশৰণ নামধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী হৈ সমগ্ৰ অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ-প্ৰসাৰৰ জাগৰণ সৃষ্টিৰ সময়তে দৰঙতো বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ হেতু মাধৱ গুৰুজনাৰ আজ্ঞা আৰু আশীৰ্বাদ শিৰোধাৰ্য কৰি গোবিন্দ আতৈয়ে অবিভক্ত দৰঙৰ ননৈৰ পাৰত আন তিনিগৰাকী ভকতৰ সৈতে এডোখৰ ঠাইত বাঁহৰ পাতিছিল।
 
তাত থাকিয়েই ১৫৬৮ চনত এখন পুথি থাপনাত পাতি বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে সত্ৰখন স্থাপন কৰা হৈছিল যদিও যুগ যুগ ধৰি শাক্ত-শৈৱ উপাসনাৰে ঈশ্বৰৰ আৰাধনা কৰা দৰঙীয়া ৰাইজে গোবিন্দ আতৈৰ পদক্ষেপক অগ্ৰাহ্য কৰাত উপায়বিহীন হৈ সেই সময়ত তাঁতীকুছিত বাহৰ পাতি থকা গুৰু মাধৱদেৱক সমস্ত কথা বৰ্ণনা কৰে। 
 
খটৰা সত্ৰৰ ভিতৰভাগ
 
মাধৱদেৱে দৰঙৰ  ৰাইজৰ ধৰ্মীয় অনুভূতিক গুৰুত্বসহকাৰে লৈ সত্ৰৰ মণিকূটত ৰাম, সীতা, লক্ষ্মণ আৰু হনুমানৰ চাৰিটা বিগ্ৰহ স্থাপনৰ পৰামৰ্শ দিয়ে। বিগ্ৰহকেইটা শংকৰদেৱে ভাওনাৰ বাবে অযোধ্যাৰ পৰা আনি তাঁতিকুছিত ৰাখিছিল। গুৰুৰ পৰামৰ্শ অনুসৰি গোৱিন্দ আতৈয়ে সত্ৰত পুথিভাগৰ লগতে চাৰিওটা মূৰ্তি স্থাপন কৰে। পৰৱৰ্তী সময়ত দৰঙীয়া ৰাইজৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰা সত্ৰখন স্থাপন কালৰেপৰা বৰ্তমানলৈ মূৰ্তি চাৰিটা তেনেদৰেই আছে। দৰং জিলাত থকা এই ঐতিহাসিক সত্ৰখনেই হ'ল খটৰা সত্ৰ। 
 
সত্ৰখনৰ নাম 'খটৰা সত্ৰ' হোৱাৰ আঁৰতো প্ৰচলিত আছে অন্য এক জনশ্ৰুতি। গোবিন্দ আতৈয়ে দৰঙত ধৰ্ম প্ৰচাৰৰ প্ৰয়াস কৰা সময়ত তাত থকা খট প্ৰকৃতিৰ চাৰিজন লোকক পাছলৈ তেওঁ ধৰ্মমতিসম্পন্ন কৰাবলৈ সক্ষম হৈছিল। স্থানীয় লোকৰ মাজত 'খট' বা ‘খটাসুৰ’ বুলি পৰিচিত লোক চাৰিজনক বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰাক লৈয়ে সেই ঠাইৰ নাম ‘খটহৰা’ বা ‘খটৰা’ হোৱাৰ উপৰি সত্ৰখনৰ নাম খটৰা সত্ৰ হয় বুলি স্থানীয়ভাৱে লোকশ্ৰুতি প্ৰচলিত। 
 
খটৰা সত্ৰৰ ৪৫০ বছৰীয়া জয়ন্তীৰ এটা মুহূৰ্ত
 
স্থাপন কালৰপৰাই দৰঙৰ খটৰা সত্ৰত কেইবাটাও উৎসৱ পালন কৰা হৈ আহিছে। অসমীয়া নৱবৰ্ষত ব'হাগ বিহু পালনৰ পৰা আৰম্ভ কৰি শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ আৱিৰ্ভাৱ আৰু তিৰোভাৱ তিথি, গোবিন্দ আতৈৰ তিথি, নন্দোৎসৱ, বৰসবাহ, বৰ গোপিনী সবাহ, বোকা ভাওনা, পাচেতি, দেউল উৎসৱ আদি হ'ল সত্ৰখনত উলহ-মালহেৰে অনুষ্ঠিত উৎসৱসমূহৰ অন্যতম। এই অনুষ্ঠান বা উৎসৱ পালনত সত্ৰীয়া সংস্কৃতি অভিন্ন অংগৰ দৰেই জড়িত হৈ আছে। 
 
খটৰা সত্ৰত পালন হোৱা উৎসৱৰ ভিতৰত বিশেষভাৱে‌ উল্লেখ্য পাচেতি উছৱ। সত্ৰখন স্থাপনৰ সময়ৰ পৰাই পালন কৰি অহা এই উৎসৱ ‘পচতি’, ‘পাচেতি’, ‘পঁচতি’ আদি নামেৰে জনাজাত যদিও জিলাত 'পাচেতি' হিচাপে পৰিচিত ই এক নান্দনিক উৎসৱ। প্ৰথমাৱস্থাত শ্ৰীকৃষ্ণৰ জন্মষ্টমীৰ পঞ্চম দিনা এই উৎসৱ পালন কৰা হৈছিল। কিন্তু কৃষ্ণ জন্মাষ্টমীৰ তাৰিখটো তিথিমতে প্ৰতিবছৰে সলনি হৈ থাকে বাবে সমূহ ৰাইজৰ সুবিধাৰ্থে এটি নিৰ্দিষ্ট দিন নিৰ্ধাৰণ কৰি পৰৱৰ্তী সময়ত ভাদ আৰু আহিন মাহৰ সংক্ৰান্তিৰ দিনা দৰঙৰ খটৰা সত্ৰত পাচেতি উৎসৱ পালনৰ সিদ্ধান্ত কাৰ্যকৰী কৰা হয়। এই উৎসৱ পালনৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈ 'পাচেতি'ৰ প্ৰথম দিনা মাধৱদেৱ ৰচিত 'দধিমন্থন' ভাওনা পৰিৱেশন কৰা হয়। এই ভাওনা অনুষ্ঠান পচেতি উৎসৱৰ অন্যতম আকৰ্ষণীয় অনুষ্ঠান।
 
খটৰা সত্ৰৰ গুৰু আসন
 
পাচেতি উৎসৱত পৰিৱেশিত ‘দধিমন্থন’ দৰ্শন কৰিলে মনোবাঞ্ছা পূৰ্ণ হয় বুলিও স্থানীয়ভাৱে জনবিশ্বাস প্ৰচলিত। ইয়াৰ উপৰি ৰং-ধেমালিৰ মাজেৰে নন্দোৎসৱো পালন কৰাৰ বাদেও পৰম্পৰাগত নীতি অনুসৰি সত্ৰৰ মণিকুটত থকা চাৰিওটা বিগ্ৰহৰ পূজা-অৰ্চনাৰ মাজেৰে পাৰ হয় পাচেটি মহোৎসৱৰ দ্বিতীয়টো দিন। তৃতীয় দিনা 'বোকা ভাওনা'ৰে দৰঙৰ খটৰা সত্ৰৰ পাচেতি উৎসৱৰ সামৰণি পৰে। পাচেতি আজিকালি পাঁচদিনীয়া মহোৎসৱ হিচাপেও খটৰা সত্ৰত উদযাপিত হয়।
 
ভাদ আৰু আহিন মাহৰ সংক্ৰান্তিত পালিত পাচেতি দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰত উদযাপিত এবিধ অনন্য লোক-উৎসৱ। এই উৎসৱৰ তিনিওটা দিনতেই লোকে লোকাৰণ্য হয় ইতিহাসপ্ৰসিদ্ধ সত্ৰখনৰ চৌহদ। ক'ব পৰা যায় যে, পাচেতি উৎসৱত খটৰা সত্ৰ মহামিলনৰ তীৰ্থ হৈ পৰে। পাচেতি উৎসৱ উপলক্ষে খটৰা সত্ৰত এখনি বিশাল বাণিজ্য মেলাও অনুষ্ঠিত কৰা হয়। এই মেলাত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমাগম হয়। প্ৰায় সকলো ধর্মাৱলম্বী লোকৰ মিলনে খটৰা সত্ৰৰ পাচেতি উৎসৱক এক সমন্বয়ৰ উৎসৱলৈ পৰিণত কৰি আহিছে। 
 
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক, এই প্ৰৱন্ধটি পাচেতি উৎসৱ উপলক্ষে প্ৰকাশ কৰা হৈছে।)