জাভেদ আখতাৰ / কলকাতা
কলকাতা মহানগৰী দুৰ্গা পূজাৰ সময়ত এক কলা মঞ্চলৈ ৰূপান্তৰিত হৈছে। চহৰখনৰ পূজা মণ্ডপসমূহত পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতৰ "অপাৰেশ্যন সেন্দুৰ" অভিযানক বিষয়বস্তু হিচাপে লোৱা দেখা গৈছে। এই পূজা মণ্ডপসমূহে জনসমাগমক আকৰ্ষিত কৰিছে। এই বিষয়বস্তুসমূহে বিশেষভাৱে কৰ্ণেল ছোফিয়া কুৰেশ্বী আৰু উইং কামাণ্ডাৰ ভ্যোমিকা সিঙক আলোকপাত কৰে, যিসকলে প্ৰথমবাৰৰ বাবে দেশৰ সামৰিক অভিযানৰ মুখপাত্ৰ হৈছিল।
মধ্য কলকাতাৰ বিখ্যাত ইয়ং বয়ছ ক্লাবৰ দ্বাৰা আয়োজন কৰা মণ্ডপটোৱে ব্যাপক চৰ্চা লাভ কৰিছে। ইয়াত অপাৰেশ্যন সেন্দুৰক বিষয়বস্তু হিচাপে দুৰ্গা পূজা মণ্ডপ সজোৱা হৈছে, য'ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে দেশক ৰক্ষা কৰিবলৈ ভাৰতীয় সৈনিকসকলৰ বীৰত্ব আৰু ত্যাগক চিত্ৰিত কৰা হৈছে। ইয়ং বয়ছ ক্লাবে এইবাৰ ৫৬ সংখ্যক দুৰ্গা পূজা উদযাপন কৰিছে। প্ৰতি বছৰে তেওঁলোকৰ এই পেণ্ডেললৈ লাখ লাখ লোক আহে। কাৰণ প্ৰতিবাৰে তেওঁলোকে শৈল্পিক মহিমা আৰু সামাজিকভাৱে সচেতন আৰু প্ৰেৰণাদায়ক বিষয়বস্তুৰে পূজা মণ্ডপ সজায়।
এই বৰ্ষৰ উৎসৱত ভক্তি আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ এক সুন্দৰ সংমিশ্ৰণ দেখা গৈছে। তাৰা চান্দ দত্ত ষ্ট্ৰীটত অৱস্থিত আন এক উজ্জ্বল মণ্ডপলৈ হাজাৰ হাজাৰ দৰ্শনাৰ্থী আকৰ্ষিত হৈছে। এই স্থানটো চেন্ট্ৰেল এভিনিউৰ পৰা ৰবীন্দ্ৰ সাৰানিলৈকে সংযুক্ত কৰা এক গুৰুত্বপূৰ্ণ স্থান। এই পেণ্ডেলৰ আটাইতকৈ আকৰ্ষণীয় বৈশিষ্ট্য হ'ল কৰ্ণেল ছোফিয়া কুৰেশ্বী আৰু উইং কামাণ্ডাৰ ভ্যোমিকা সিঙৰ চিত্তাকর্ষক ৰেপ্লিকা।
এইধৰণৰ ৰেপ্লিকাৰ জৰিয়তে আয়োজকসকলে মহিলা সেনাসকলৰ ক্ৰমবৰ্ধমান শক্তি, নেতৃত্ব আৰু অদম্য সাহসক প্ৰদৰ্শন কৰিছে। এই মহিলা বিষয়াসকল ভাৰতীয় সেনাৰ সাহসী পুৰুষ-মহিলাসকলৰ প্ৰতীক, যিসকলে ৰাষ্ট্ৰৰ সেৱাত অগ্ৰণী ভূমিকা পালন কৰি আছে।
পূজা মণ্ডপত মহিলা সেনা বিষয়া ছোফিয়া কুৰেশ্বী আৰু ভ্যোমিকা সিঙৰ প্ৰতিমূৰ্তি
এই মণ্ডপখনত ভাৰতীয় সেনাৰ মহিলা বিষয়াসকলক আলোকসজ্জাৰ মাজত সন্মানেৰে প্ৰদৰ্শন কৰি আয়োজকসকলে এই কথাত গুৰুত্ব আৰোপ কৰে যে পুৰুষ-মহিলাসকলে দেশৰ প্ৰতিৰক্ষাৰ বাবে কান্ধত কান্ধ মিলাই থিয় দিছে আৰু দেশক ৰক্ষা কৰিবলৈ সাজু হোৱা প্ৰতিজন সৈনিকৰ ভিতৰত দেৱী দুৰ্গাৰ শক্তি নিহিত হৈ আছে।
প্ৰসিদ্ধ শিল্পী দেবশংকৰ মহেশে ডিজাইন কৰা এই পেণ্ডেলত ভাৰতীয় সেনা বাহিনীৰ বীৰত্বক সজীৱ কৰি তোলা চমকপ্ৰদ শিল্পকলা আছে। পূজা মণ্ডপখনক যুদ্ধক্ষেত্ৰৰ অনুভৱ জগাই তোলাৰ বাবে সজাই তোলা হৈছে, য'ত ভাৰতীয় সেনাৰ টেংক, যুঁজাৰু বিমান আৰু মিছাইল প্ৰদৰ্শন কৰা হৈছে। এই সামগ্ৰীসমূহ কেৱল অলংকাৰৰ বাবে নহয়, বৰং দেশৰ সৈনিকসকলৰ সাহস আৰু নিষ্ঠাৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলিও।সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ইয়ং বয়ছ ক্লাবৰ মুখ্য আয়োজক ৰাকেশ সিঙে এই বিষয়ৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা কৰে। তেওঁ কয়, "দুৰ্গা পূজা আমাৰ বাবে কেৱল এটা উৎসৱেই নহয়, বৰঞ্চ ই এক আৱেগ, যিয়ে মানুহক একত্ৰিত কৰে।
প্ৰতি বছৰে আমি এনে এটা বিষয় উপস্থাপন কৰিবলৈ প্ৰয়াস কৰো যিয়ে কেৱল দর্শকসকলক আকৰ্ষিত কৰাই নহয়, বৰং এক গভীৰ বাৰ্তাও প্ৰেৰণ কৰে। এই বছৰৰ বিষয়বস্তু 'অপাৰেশ্যন সেন্দৰ' হৈছে আমাৰ দেশৰ সাহসী সৈনিকসকলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা, যিসকলে আমাৰ দেশৰ সীমান্তক অদম্য সাহস আৰু নিষ্ঠাৰে সুৰক্ষিত কৰে। এই পূজাৰ জৰিয়তে আমি তেওঁলোকৰ বীৰত্ব উদযাপন কৰিব বিচাৰো আৰু সকলো দৰ্শনাৰ্থীৰ মাজত গৌৰৱ আৰু দেশপ্ৰেমৰ ভাৱ জগাই তুলিব বিচাৰো।
ক্লাবৰ যুৱ সভাপতি বিক্ৰান্ত সিঙেও এই উপলক্ষে নিজৰ চিন্তা-চৰ্চা ব্যক্ত কৰে। তেওঁ কয়, "অপাৰেশ্যন সেন্দুৰৰ জৰিয়তে আমি আমাৰ দেশৰ সুৰক্ষাৰ বাবে নিৰৱচ্ছিন্নভাৱে আত্মনিয়োগ কৰা সৈনিকসকলৰ আত্মবলিদানক শ্ৰদ্ধাঞ্জলি জনাইছো। এই বৰ্ষৰ বিষয়বস্তু কেৱল আলোকসজ্জাৰ বিষয়ে নহয়; ই মাতৃভূমিৰ প্ৰতি ভক্তি আৰু আমাৰ সশস্ত্ৰ বাহিনীৰ সাহসী পুৰুষ-মহিলাৰ প্ৰতি সন্মানৰো প্ৰতীক। আমি আশা কৰো যে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হোৱা প্ৰতিজন দৰ্শনাৰ্থীয়ে গভীৰ গৌৰৱ আৰু কৃতজ্ঞতা অনুভৱ কৰিব"।
কলকাতাৰ পূজা মণ্ডপত মিছাইল প্ৰদৰ্শন
সহ-আয়োজক বিনোদ সিঙে কয় যে প্ৰতি বছৰে তেওঁলোকৰ লক্ষ্য হ'ল এনে দুৰ্গা পূজা আয়োজন কৰা যি কেৱল মহত্বৰ মাজেৰে নহয়, অৰ্থপূৰ্ণ কাহিনীৰেও চিৰস্থায়ী প্ৰভাৱ পেলাব। তেওঁ লগতে কয় যে 'অপাৰেশ্যন সেন্দুৰ'ৰ জৰিয়তে তেওঁলোকে সশস্ত্ৰ বাহিনীৰ অদম্য আত্মাক সন্মান জনাইছে আৰু সকলোকে সোঁৱৰাই দিছে যে দেৱী দুৰ্গাৰ শক্তি আমাৰ দেশক সুৰক্ষা দিয়া প্ৰতিজন সৈনিকৰ মাজত নিহিত হৈ আছে।
এই পেণ্ডেলৰ বিষয়বস্তু আধুনিক আৰু দেশপ্ৰেমমূলক যদিও, ভাস্কৰ্য শিল্পী কুশধৱজ বেৰাই প্ৰস্তুত কৰা দেৱী দুৰ্গাৰ মূৰ্তিটোৱে ইয়াৰ পৰম্পৰাগত শৈলী ৰক্ষা কৰিছে। এই অনন্য ডিজাইনে পুৰণি আৰু নতুনৰ এক সুসংগত মিশ্ৰণ উপস্থাপন কৰে। পূজা মণ্ডপটোৱে ভাৰতীয় সেনাৰ বীৰত্বক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, দেৱীৰ প্ৰতিমূৰ্তিয়ে ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক সন্মানিত কৰে। এই সংমিশ্ৰণে প্ৰমাণ কৰে যে ভক্তি আৰু দেশপ্রেম পৰস্পৰৰ পৰিপূৰক।
ইয়ং বয়েজ ক্লাবে সমাজৰ সকলো শ্ৰেণীৰ লোকক এই পূজাত উপস্থিত থাকিবলৈ উৎসাহিত কৰিছে। "অপাৰেশ্যন সেন্দুৰ"ৰ বিষয়বস্তুৰ জৰিয়তে কলকাতাৰ দুৰ্গা পূজাই পুনৰবাৰ প্ৰমাণ কৰিছে যে ই কেৱল ধৰ্মীয় উৎসৱেই নহয়, সামাজিক সজাগতা আৰু জাতীয় অনুভূতি প্ৰকাশৰো এক শক্তিশালী মঞ্চ।