পুলিন ডেকা
পাঁচ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা আৰু সংস্কৃতিত পূজাই বিশেষ মহত্ত্ব লাভ কৰি আহিছে। ভগৱানৰ সান্নিধ্য লাভৰ উদ্দেশ্যৰে আয়োজিত পূজাই সনাতন সংস্কৃতিৰ অনন্য দৰ্শনকে প্রতিফলিত কৰে। দেৱ-দেৱীৰ পূজা-অর্চনাৰ মাজেৰে ভক্তিবাদৰ স্রোত সমাজজীৱনত ফল্গুধাৰাৰ দৰে প্ৰৱাহিত হৈ আহিছে। দেৱী দুর্গা হৈছে ভাৰতীয় আধ্যাত্মিকতাৰ শক্তি। বৈদিক যুগৰে পৰা দেৱীক পূজা অর্চনা কৰি অহা হৈছে। দেৱী মাহাত্ম্য অনুসৰি মহিষাসুৰ নামৰ এক দানৱে ব্ৰহ্মাৰ পৰা বৰদান লাভ কৰি স্বৰ্গ আৰু পৃথিৱীত আতংকৰ সৃষ্টি কৰে। অসীম ক্ষমতাৰ অধিকাৰী হৈ অকল মনুষ্যকে নহয়, দেৱগণৰ মাজত ত্ৰাসৰ সূচনা কৰি অন্ধকাৰ নমাই আহে।
মহিষাসুৰে এনে এক আশীর্বাদ লাভ কৰিছিল যে, কোনো পুৰুষ বা দেৱতাই তেওঁক হত্যা কৰিব নোৱাৰে। অৱশেষত দেৱগণে ব্ৰহ্মাৰ ওচৰলৈ গৈ এই আতংকৰ পৰা মুক্ত কৰিবলৈ প্ৰাৰ্থনা কৰে। ব্ৰহ্মা, বিষ্ণু আৰু শিৱই একত্ৰিত হৈ দেৱী দুর্গাক সৃষ্টি কৰে। দেৱী দুর্গাই দহ দিন ধৰি মহিষাসুৰৰ সৈতে যুঁজ দিয়ে আৰু হত্যা কৰে। মার্কেণ্ডেয় পুৰাণৰ 'দেৱী মহাত্ম্য'ত ইয়াৰ বৰ্ণনা পোৱা যায়।
সনাতন ধৰ্মৰ এক ধৰ্মীয় পৰম্পৰাগত কাৰ্যসূচী
পুৰাণৰ মতে গিৰিৰাজ হিমালয়ৰ ঔৰসত মেনকাদেৱীৰ গৰ্ভত দুর্গাদেৱীৰ জন্ম হয়। প্রাক বৈদিক যুগত দেৱী পূজাৰ স্বৰূপৰ কথাও কিছু সংখ্যক প্রত্নতাত্ত্বিকে ক'ব বিচাৰে। সিন্ধু সভ্যতাৰ সময়ত এগৰাকী জননী দেৱীক প্রতীকি ৰূপত উপাসনা কৰা হৈছিল। বেদত উষা, অদিতি সৰস্বতী আদি দেৱীক পূজা কৰা হৈছিল যদিও অস্ত্ৰধাৰী দেৱী হিচাপে দুর্গাক উপাসনা কৰা হয়।
মার্কেণ্ডয় পুৰাণত দুর্গাক বিশ্বৰ ৰক্ষক হিচাপে বর্ণনা কৰা হৈছে আৰু ইয়াৰ আধাৰতে পূজাৰ মন্ত্ৰ-বিধি, আচাৰ-অনুষ্ঠান গঢ় লৈ উঠে। সত্য যুগত সুৰৰ্থ নামৰ এজন ৰজাই শত্ৰুৰ হাতত পৰাস্ত হৈ ৰাজ্য হেৰুৱাই মেধস মুনিৰ আশ্ৰমত গৈ মুনিৰ শৰণাপন্ন হয়। মুনিৰ পৰাৰ্ম মতেই তেওঁ মধুময় বসন্তৰ পৰিৱেশত সৰ্বপ্ৰথম দুর্গাপূজা কৰি দেৱীৰ আশীৰ্বাদ লাভ কৰে আৰু হেৰুওৱা ৰাজ্য উদ্ধাৰ কৰে।
বসন্তকালত এই পূজা অনুষ্ঠিত হোৱা বাবে ইয়াক বাসন্তী পূজা নামেৰে অভিহিত কৰা হয়। কৃত্তিবাসী ৰামায়ণত বর্ণিত মতে ৰাৱণৰ সৈতে যুদ্ধ কৰিবলৈ যোৱাৰ আগতে ৰামে শৰৎ কালত দুর্গা পজাৰ আয়োজন কৰে। ৰামচন্দ্ৰই প্ৰচলিত বিধিৰ ব্যতিক্রম ঘটাই শৰৎকালত এই পূজা কৰা বাবেই ইয়াক অকালবোধন বুলি কোৱা হয়। গুপ্ত যুগত দুর্গা পূজাৰ প্ৰচলন বৃদ্ধি পাইছিল। সপ্তম-তেৰশ শতিকাৰ ভিতৰত পূব ভাৰতত তান্ত্ৰিক আৰু শক্তি উপাসনাৰ প্ৰচলন হৈছিল। তান্ত্রিক পূজাত বিশেষ মন্ত্ৰ আৰু গোপনীয় আচাৰ অনুষ্ঠান কৰা হৈছিল আৰু তাত দুর্গা দেৱীক পূজা কৰা হৈছিল।
দেৱী দুর্গা
দেৱী দুর্গাক নটা ৰূপত পূজা কৰা হয়। ইয়াক নৱৰাত্ৰি হিচাপে অভিহিত কৰা হয়। প্রতিটো দিনেই এক বিশেষ ৰূপৰ উদ্দেশ্যৰে উৎসর্গিত কৰা হয়। শৈলপুত্ৰী হৈছে পৰ্বতৰ কন্যা আৰু পবিত্ৰতা আৰু ভক্তিৰ প্ৰতীক। ব্ৰহ্মচাৰিণী হৈছে তপস্যা আৰু সাধনাৰ দেৱী, আধ্যাত্মিক শক্তিৰ প্ৰতীক। চন্দ্রঘন্টা হৈছে শান্ত, কিন্তু যুঁজৰু ৰূপ, অশুভ শক্তিক বিনাশ কৰে। কুষ্মাণ্ডা সৃষ্টিৰ জননী, যিয়ে নিজৰ হাঁহিৰে বিশ্ব সৃষ্টি কৰে। স্কন্দমাতা হৈছে কার্তিকৰ মাতৃ, মমতা আৰু সুৰক্ষাৰ প্ৰতীক। কাত্যায়নী যুঁজাৰু ৰূপ, দানৱ বিনাশ কৰা শক্তিশালী দুর্গা। কালৰাত্ৰি উগ্ৰ আৰু ভয়ংকৰ ৰূপ, অজ্ঞাতাক নাশ কৰে। মহাগৌৰী হৈছে শান্ত আৰু নিৰ্মল, পৱিত্ৰতা আৰু শান্তিৰ প্ৰতীক। সিদ্ধিদাত্ৰী সিদ্ধিৰ দাত্ৰী, জ্ঞান আৰু সম্পূৰ্ণতাৰ দেৱী।
এই সকলো ৰূপে দুর্গা দেৱীৰ বিভিন্ন শক্তি আৰু দিশ প্ৰকাশ কৰে। নৱদুৰ্গাৰ বাহিৰেও অন্যান্য উল্লেখযোগ্য ৰূপ বিভিন্ন ধর্মগ্রন্থ আৰু উপাখ্যানত উল্লেখ আছে। মহিষাসুৰ মর্দিনী হৈছে দানৱক বধ কৰা ৰূপ। এইটো দুৰ্গাৰ আটাইতকৈ প্ৰসিদ্ধ ৰূপ। দুর্গা হিচাপে পাৰ্বতীৰ ৰূপতো পোৱা যায়। এয়া এক শান্ত ৰূপ। তেওঁ শিৱৰ পত্নী। গণেশ-কার্তিকৰ মাতৃ হিচাপে পূজিত হৈ আহিছে। দেৱী মহাত্ম্যত বর্ণিত এক উগ্ৰ ৰূপ আৰু চণ্ড, মুণ্ড, ৰক্তবীজ আদি দানৱসকলক বিনাশ কৰে। ভদ্রকালী আৰু চামুণ্ডা এক ভয়ংকৰ ৰূপ। অসুৰ বিনাশ কৰি ধৰ্মক সুৰক্ষা দিয়ে। দুৰ্গাৰ বহুৰূপে তেওঁৰ শক্তিৰ গভীৰতা আৰু বিস্তৃতি প্রকাশ কৰে। কেতিয়া শান্ত আৰু দয়ালু ৰূপত, কেতিয়াবা ভয়ংকৰ যুঁজাৰু ৰূপত, এই সকলোবোৰে একোটা বাণী প্রকাশ কৰে। এই ৰূপসমূহে ভক্তক আধ্যাত্মিক আৰু নৈতিক শক্তিৰে আগুৱাই যাবলৈ প্ৰেৰণা যোগায়।
বৈদিক যুগত পূজাই বিশেষ মহত্ত্ব লাভ কৰে। এই সময়ছোৱাত ঋগ্বেদত, সামবেদ, যর্জুবেদ আৰু অথর্ববেদ ৰচনা হৈছিল। এই সময়ত ধর্মীয় আচাৰ-অনুষ্ঠানবোৰে প্ৰাকৃতিক শক্তিৰ পূজা (যেনে ইন্দ্ৰ, অগ্নি অগ্নি, বৰুণ আৰু সোম) কৰিছিল। বৈদিক যুগত দেৱী পূজাৰ কথা উল্লেখ আছে। এই দেৱী উষা, জ্ঞান আৰু পৃথিৱীৰ প্ৰতীক হিচাপে বিবেচিত। ঋগ্বেদত দুর্গা দেৱীৰ বৰ্ণনা নাই যদিও ঋগ্বোক্ত দেৱীসুক্তক দুর্গাদেৱীৰ সুক্ত হিচাপেই মান্যতা দিয়া হয়। কেণুপনিষদত বর্ণিত হৈমাৱতীকো দুর্গা হিচাপে আখ্যায়িত কৰা হৈছে।
সিন্ধু সভ্যতাৰ সময়ৰ এক প্ৰতিনিধিত্বমূলক ছবি
ভাগৱতত শ্রীকৃষ্ণৰ যোগমায়াকেই দুর্গা আখ্যা দিয়া হৈছে। দুর্গা দেৱীৰ বৰ্ণনা মহাভাৰতৰ বিৰাট পৰ্ব আৰু ওঠৰখন পুৰাণত পোৱা যায়। দেৱী ভাগৱত অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ লাভ কৰি ক্ষীৰদধি তীৰত দেৱী দুর্গাৰ মৃন্ময় মূৰ্ত্তি নিৰ্মাণ কৰি আৰাধনা কৰে। পুৰাণ যুগত দুর্গা দেৱীক শক্তি, সুৰক্ষা আৰু জ্ঞানৰ ৰূপত বৰ্ণনা কৰা হৈছে। দেৱী দুর্গাৰ প্ৰথম উল্লেখ মহাভাৰত আৰু মার্কেণ্ডয় পুৰাণত পোৱা যায়। দুর্গা দেৱীৰ নাম বেদ যুগত পোৱা নাযায় যদিও সেই সময়ৰ শক্তি (দিবা নাৰী শক্তি) আৰু ঋত (বিশ্ব নিয়ম) নামৰ দাৰ্শনিক ধাৰণাসমূহ বিকশি উঠে। সময়ৰ সৈতে
বেদৰ ধৰ্ম পৰিবৰ্তন হৈ হিন্দু ধৰ্মত শাক্ত পৰম্পৰাৰ বিকাশ সাধন হয়। কিছুমান ইতিহাসবিদৰ মতে যুদ্ধ দেৱীৰ ধাৰণা বৈদিক ধৰ্মৰ বাহিৰেও কোনো গোষ্ঠীগত বা উপজাতীয় ধর্মত বিদ্যমান আছিল। গ্রাম্য সংস্কৃতি আৰু লোক ধৰ্মত পূজিত হোৱা সকল নাৰী দেৱী। যিসকলে উৎপাদনশীলতা, সুৰক্ষা আৰু বিনাশৰ প্ৰতীক আছিল। আজিৰ দুৰ্গা পূজা হৈছে বেদ, পুৰাণ আৰু লোক-সংস্কৃতিৰ সমন্বয়ৰে গঠিত দেৱী শক্তিৰ জয়যাত্রা। ভাৰতবৰ্ষত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ব্যাপকভাৱে উদযাপিত উৎসৱ হৈছে দুর্গা পূজা।
ভক্তসকলে আশা-আকাংক্ষা, কামনা-বাসনা পূৰণৰ বাবে দেৱী দুর্গাক পূজা-অর্চনা কৰে। এই পূজাৰ মাজেৰে সামাজিক লোকাচাৰ প্রকাশিত হয়। দুর্গা পূজাই সার্বজনীন ৰূপ লাভ কৰিছে আৰু ইয়াৰ জৰিয়তে ঐক্য-শান্তিৰ পৰিৱেশ অধিক সুদৃঢ় হৈ পৰিছে। সেইবাবে এই উৎসৱে একতা আৰু সম্প্ৰীতিৰ বার্তা বহন কৰি আহিছে।
(লেখক অসমৰ এগৰাকী বিশিষ্ট সাহিত্য়িক)