ছিংগাপুৰ
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম এছ’চিয়েচন ছিংগাপুৰে। সংস্থাটোৱে এক বিবৃতিত কয় যে তেওঁলোকৰ একাংশ সদস্যই জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্ত প্ৰক্ৰিয়াত তদন্তকাৰী কৰ্তৃপক্ষক সহায় কৰি আছে।
বুধবাৰে অসম এছ’চিয়েশ্যন ছিংগাপুৰৰ পৰিচালনা সমিতিয়ে ইনষ্টাগ্ৰামত এক পোষ্টযোগে কয় যে, "যিহেতু বৰ্তমান আমাৰ একাংশ সদস্যই আমাৰ মৰমৰ জুবিন দাৰ কৰুণ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াত তদন্তকাৰী কৰ্তৃপক্ষক সহায় কৰি আছে, গতিকে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে আৰু আইনৰ অধীনত তদন্তকাৰী কৰ্তৃপক্ষই অনুমতি নিদিয়ালৈকে অসম সন্থা ছিংগাপুৰক এই বিষয়ত ৰাজহুৱা মন্তব্য দিবলৈ অনুমতি দিয়া হোৱা নাই।"
অসম এছ’চিয়েশ্যন ছিংগাপুৰৰ ফালৰ পৰা তদন্তকাৰী কৰ্তৃপক্ষৰ নাম প্ৰকাশ কৰা নাই। তেওঁলোকে পুনৰ কয়, "আমাৰ মৰমৰ জুবিন দাৰ অকাল বিয়োগত ছিংগাপুৰৰ সমগ্ৰ অসমীয়া সমাজ গভীৰ শোকত ভাগি পৰিছে। আমি একেলগে তেওঁৰ পৰিয়াললৈ, লগতে অসমবাসী ৰাইজ আৰু জুবিন দাৰ সকলো অনুৰাগীলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো।"
উল্লেখ্য যে, ১৯ ছেপ্টেম্বৰত অসমীয়া সমাজৰ লোকৰ সৈতে ছিংগাপুৰৰ ছেইণ্ট জন দ্বীপলৈ ইয়ট ভ্ৰমণৰ সময়তে দেহাৱসান ঘটে মৰমৰ শিল্পী জুবিন গাৰ্গৰ।
ইফালে, জুবিন গাৰ্গৰ মৃত্যু ৰহস্য উদঘাটনৰ বাবে বুধবাৰে অসম আৰক্ষীৰ অধীনত এটা বিশেষ তদন্তকাৰী দল (SIT) গঠনৰ কথা ঘোষণা কৰে অসম চৰকাৰে। আই পি এছ এম পি গুপ্তাৰ নেতৃত্বত অনুষ্ঠিত হ’বলগীয়া এছ আই টিত অসম আৰক্ষীৰ শ্ৰেষ্ঠ বিষয়াসকল অন্তৰ্ভুক্ত হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে। ৰাজ্যৰ আৰক্ষীৰ শীর্ষ বিষয়াসকল আৰু মুখ্য সচিব ৰবি কোটাৰ সৈতে হোৱা এক উচ্চ পর্যায়ৰ বৈঠকত এই সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰে।