মালিক আছগৰ হাছমী / নতুন দিল্লী
আমাৰ দেশত মছজিদৰ সংখ্যা তেনেই সীমিত। বহু সময়ত মছজিদত ঠাইৰ অভাৱত উপাসকসকলে ৰাজপথত নামাজ পঢ়িবলৈ বাধ্য হয়। এনে পৰিস্থিতিত যদি শ্ৰমিক মহিলাসকলক মছজিদত নামাজ পঢ়িবলৈ দিয়া নহয়, তেন্তে তেওঁলোকে ইছলামত বাধ্যতামূলক পাঁচবাৰৰ নামাজ কেনেকৈ পালন কৰিব?
এই প্ৰশ্নটো আজিৰ সময়ত মুছলমান মহিলাসকলৰ বাবে বিশেষকৈ শ্ৰমিক মহিলাসকলৰ বাবে এক উল্লেখযোগ্য বিষয় হৈ পৰিছে। কেইবাবছৰ ধৰি এই বিষয়টোৰ সৈতে যুঁজি আহিছে পুনেৰ ফাৰাহ শ্বেইখ আৰু তেওঁৰ স্বামী ৱাৰিছ শ্বেইখে। তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবেই বিগত ছবছৰ ধৰি উচ্চতম ন্যায়ালয়ত গোচৰটো বিচাৰাধীন হৈ আছে।
ফাৰাহে আক্ষেপ কৰি কয় যে তেওঁৰ গতিবিধিৰ বাবেই একাংশ লোকে তেওঁক কাফিৰ বুলিও ক’বলৈ আৰম্ভ কৰিছে। আৱাজ দ্য ভইচ উৰ্দুৰ সংবাদদাতা আমনা ফাৰুকৰ সৈতে হোৱা এক বাৰ্তালাপত ফাৰাহ শ্বেইখে দেশৰ বেছিভাগ মছজিদতে মহিলাসকলৰ বাবে নামাজ পঢ়াৰ মৌলিক সুবিধাৰ অভাৱ আছে বুলি গভীৰ উদ্বেগ প্ৰকাশ কৰে।
তেওঁ কয় যে এই সা-সুবিধাবোৰৰ অভাৱৰ বাবেই কাম কৰা মহিলাসকলে আটাইতকৈ বেছি অসুবিধাৰ সন্মুখীন হয়। তেওঁলোকে পুৰুষৰ দৰে অফিচতো নামাজ পঢ়িব নোৱাৰে, মুকলি ঠাইতো নামাজ পঢ়িব নোৱাৰে। যদি মছজিদসমূহে মহিলাসকলৰ বাবে সুকীয়া নামাজৰ সুবিধা প্ৰদান কৰে, তেন্তে তেওঁলোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহ’ব।
পুনেৰ শনিৱাড়া অঞ্চলত এগৰাকী মহিলাই নামাজ আগবঢ়োৱাক লৈ বিতৰ্কৰ সৃষ্টি হয়, কাৰণ ওচৰৰ কোনো মছজিদে মহিলাৰ বাবে সা-সুবিধা প্ৰদান কৰা নাছিল। ফাৰাহে কয় যে ইছলামত প্ৰতিজন মুছলমানৰ বাবে নামাজ ফৰজ। পুৰুষে কৰ্মৰ পৰা ছুটী লৈ ওচৰৰ মছজিদত নামাজ পঢ়িব পাৰে, কিন্তু মহিলাসকল ইয়াৰ পৰা বঞ্চিত কাৰণ বেছিভাগ মছজিদতে এনে সা-সুবিধাৰ অভাৱ।
আজি দেশৰ প্ৰায় প্ৰতিটো প্ৰান্ততে শিক্ষা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত মুছলমান মহিলাই নিজৰ স্থান দখল কৰিছে। কামৰ বাবে বৃহৎ সংখ্যক মহিলা ঘৰৰ পৰা ওলাই আহিছে যদিও মছজিদত তেওঁলোকৰ বাবে নামাজৰ সুবিধা নথকাৰ বাবে তেওঁলোকৰ ধৰ্মীয় অধিকাৰক লৈ প্ৰশ্ন উত্থাপন হৈছে। কিন্তু তেওঁৰ শেহতীয়া প্ৰচেষ্টাৰ ফলত পুনেৰ কিছুমান মছজিদত এতিয়া মহিলাসকলৰ বাবে নামাজৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে। অৱশ্যে মুম্বাইৰ দৰে এখন বৃহৎ চহৰতো মহিলাৰ বাবে সুকীয়া সা-সুবিধা দিয়া এটা মছজিদ এতিয়াও বিচাৰি পোৱা নাই বুলি তেওঁ দুখ প্ৰকাশ কৰিছে।
ফাৰাহে কয় যে কেইবছৰমান আগতে বাৰিষাৰ সময়ত যেতিয়া তেওঁ ছোৱালীৰ সৈতে মছজিদলৈ নামাজ পঢ়িবলৈ গৈছিল, তেতিয়া তেওঁক প্ৰৱেশ কৰাত বাধা দিয়া হৈছিল। এই ঘটনাই তেওঁক গভীৰভাৱে জোকাৰি গ’ল, আৰু তেওঁ মছজিদত মহিলাসকলৰ বাবে নামাজৰ সুবিধা নিশ্চিত কৰাৰ বাবে আন্দোলন আৰম্ভ কৰিলে।
উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি দেশৰ প্ৰধান মছজিদ আৰু মুছলমান সংগঠনলৈ পত্ৰ লিখি মহিলাসকলৰ বাবে সুকীয়া নামাজৰ সুবিধা প্ৰদানৰ দাবী জনায়। এই সংগ্ৰামত তেওঁ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ডৰ পৰা সমৰ্থন লাভ কৰিছিল। অৱশ্যে তেঁও সমাজৰ এটা শ্ৰেণীৰ পৰা চোকা সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল।
বহুতে তেওঁক কাফিৰ বুলি অভিহিত কৰি পৰিয়াল বৰ্জন কৰাৰ ভাবুকি দিছিল যদিও ফাৰাহ নিজৰ স্থিতিত অটল হৈ থাকিল। তেওঁ কয় যে এই সংগ্ৰাম কেৱল তেওঁৰ বাবেই নহয়, নিজৰ বিশ্বাস অনুসৰি সম অধিকাৰ বিচৰা সকলো মুছলমান মহিলাৰ বাবে। ফাৰাহে এতিয়া মুছলমান মহিলাসকলক ধৰ্মীয় আৰু সামাজিক সহায় আগবঢ়াবলৈ এটা বেচৰকাৰী সংস্থা স্থাপন কৰিছে।
ফাৰাহ শ্বেখৰ আন্দোলন মুছলমান মহিলাৰ অধিকাৰ আৰু সন্মানৰ দিশত এক শক্তিশালী পদক্ষেপ। তেওঁ বিচাৰে যে দেশৰ প্ৰতিটো মছজিদত মহিলাৰ নামাজ পঢ়াৰ সুবিধা হওক যাতে কোনো মুছলমান মহিলাই ধৰ্মীয় কৰ্তব্যৰ পৰা বঞ্চিত নহয়।