আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস; নতুন দিল্লীত বিশেষ কাৰ্যসূচী

Story by  atv | Posted by  [email protected] • 2 h ago
আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস; নতুন দিল্লীত বিশেষ কাৰ্যসূচী
আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস; নতুন দিল্লীত বিশেষ কাৰ্যসূচী
 
নতুন দিল্লী
 
আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস। প্ৰতিবছৰে ১০ ডিচেম্বৰৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাপে উদযাপন কৰা হয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনত সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা পত্ৰ(UDHR) গ্ৰহণ কৰাৰ চিনস্বৰূপে ১৯৫০ চনৰ পৰা প্ৰতিবছৰে ১০ ডিচেম্বৰত এই দিৱস পালন কৰি অহা হৈছে।
 
২০২৫ চনৰ মানৱ অধিকাৰ দিৱসৰ বিষয়বস্তু হৈছে "মৰ্যাদা আৰু মানৱ অধিকাৰৰ বাবে হ'ল'কাষ্ট স্মৰণ"। দ্বিতীয় বিশ্বযুদ্ধ আৰু হ'ল'কাষ্টৰ ৮০সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে এই বিষয়বস্তু লোৱা হৈছে। সেই সময়ত জাৰ্মান নাজিসকলে তেওঁলোকৰ নিষ্ঠুৰ নেতা এডল্ফ হিটলাৰৰ নিৰ্দেশত ইহুদীসকলৰ ওপৰত অমানৱীয় অত্যাচাৰ চলাইছিল। এই দিনটোত লোকসকলৰ মাজত ঘৃণা আৰু বৈষম্যৰ পৰিণামৰ বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ আহ্বান জনোৱা হৈছে।
 
এই সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (National Human Rights Commission, NHRC) কয়, “মানৱ অধিকাৰ দিৱস হৈছে বিশ্বজুৰি বিভিন্ন অংশীদাৰসকলৰ বাবে তেওঁলোকৰ কাৰ্যকলাপ আৰু দায়বদ্ধতাৰ ওপৰত চিন্তা কৰাৰ এক সুযোগ, যাতে তেওঁলোকে মানৱ অধিকাৰ উলংঘনত অৰিহণা নোযোগায় ।”
 
মানৱ অধিকাৰ দিৱসৰ উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ লোকসকলক মানৱ অধিকাৰৰ গুৰুত্বৰ বিষয়ে সজাগ কৰা আৰু ইয়াক পালন কৰাৰ বিষয়ত সজাগ হোৱা। প্ৰতি বছৰে ১০ ডিচেম্বৰৰ দিনটোত চৰকাৰী পক্ষৰ উপৰিও বেচৰকাৰী সংগঠনসমূহ, সাধাৰণ লোকসকলে মানৱ অধিকাৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে আৰু মানৱ অধিকাৰ সুৰক্ষিত কৰিবলৈ কাম কৰাৰ উদ্দেশ্যৰে একত্ৰিত হৈ আহিছে।
 
ভাৰতত প্ৰথমবাৰৰ বাবে ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰত মানৱ অধিকাৰ আইন কাৰ্যকৰী হৈছিল। তাৰপিছত চৰকাৰে ১৯৯৩ চনৰ ১২ অক্টোবৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰে। মানৱ অধিকাৰৰ ভিতৰত আছে নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ, সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক অধিকাৰ। ইয়াৰ ভিতৰত আছে শিক্ষাৰ অধিকাৰ, মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ, কাম কৰাৰ অধিকাৰ আদি।
 
ইপিনে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে আয়োজন কৰা মানৱ অধিকাৰ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে। এই অনুষ্ঠানত ১৯৪৮ চনত গ্ৰহণ কৰা সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।