মুন্নী বেগম/গুৱাহাটী
সাধাৰণতে মহিলাসকলে মছজিদৰ সন্মুখত থাকিলেও ভিতৰত সোমাই নামাজ সম্পন্ন কৰিব নোৱাৰে। তেওঁলোকে নিজৰ স্বামী, পিতা তথা পুত্ৰৰ বাবে মছজিদৰ বাহিৰতে নামাজ শেষ হোৱালৈ অপেক্ষা কৰিব লাগে। কিয়নো আমাৰ সমাজত এক ভূল ধাৰণা আছে যে, মহিলাসকলে মছজিদত প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু এতিয়া তেওঁলোকে সম্পূৰ্ণ আৱদ্ধ আৰু সুৰক্ষিত পৰিৱেশত নামাজ সম্পন্ন কৰিবলৈ সক্ষম হ’ব। কাৰণ মহিলাসকলৰ বাবে আছুতীয়া নামাজ গৃহ নিৰ্মাণ কৰিছে গুৱাহাটীৰ মাজমজিয়াস্থিত ছয়মাইল দাৰান্ধ মছজিদে।
দীৰ্ঘদিনৰ চিন্তা-চৰ্চাৰ অন্তত দাৰান্ধ মছজিদ কমিটীয়ে মহিলাসকলৰ বাবে আছুতীয়া নামাজ গৃহ নিৰ্মাণ কৰি সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। মহিলাসকলৰ বাবে গৃহ নিৰ্মাণ কৰি কমিটীয়ে প্ৰমাণ কৰিছে যে, ইছলামৰ মুল্যবোধ মহিলাক বাদ দি পূৰ্ণ নহয়। এতিয়া মুছাফিৰ মহিলাই মছজিদৰ বাহিৰত অপেক্ষা নকৰি, স্বাচ্ছন্দ্য আৰু সুৰক্ষিত পৰিৱেশত নামাজ সম্পন্ন কৰিবলৈ সক্ষম হ’ব।
এই সন্দৰ্ভত দাৰান্ধ মছজিদ কমিটীৰ সম্পাদক ৰেকিব আহমেদে কয়, "দাৰান্ধ মছজিদ কমিটিয়ে এক ইতিবাচক পদক্ষেপ হিচাপে মহিলাসকলৰ বাবে আছুতীয়া নামাজ গৃহ নিৰ্মাণ কৰি উলিয়াইছে। বহুদিনৰ পৰাই আমাৰ কমিটীয়ে এই পদক্ষেপ লোৱাৰ বাবে চিন্তা কৰি আহিছিল। কিয়নো বিভিন্ন সময়ত দেখা গৈছিল যে, দূৰ-দূৰণিৰ পৰা বহু মুছাফিৰে মছজিদলৈ নামাজ পঢ়িব আহিলে, তেওঁলোকৰ পত্নী, জীয়ৰী বা মাতৃসকল নামাজৰ সময়ত বাহিৰতে অৰ্থাৎ ৰাজপথত বা গাড়ীৰ ভিতৰতে বহি থাকিব লগা হয়। তেওঁলোকে মছজিদৰ সন্মুখত থাকিও নামাজ পঢ়িব নোৱাৰা বিষয়টো অতি বেয়া লগা। সেয়েহে আমি মছজিদৰ এটা অংশ ভাঙি মুছাফিৰ মহিলাৰসকলৰ বাবে এটা আছুতীয়া নামাজ গৃহ নিৰ্মাণ কৰিলো। এই পদক্ষেপে এক সামাজিক প্ৰয়োজনীয়তাক পূৰণ কৰাৰ লগতে ই আমাৰ সমাজৰ মানসিকতা পৰিবৰ্তনৰ এক নতুন বাট মুকলি কৰিব।"
এই নামাজ গৃহটো চলতি বৰ্ষৰ জুলাই মাহত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। ৰাইজে আগবঢ়োৱা আৰ্থিক অনুদানেৰে এই নামাজ গৃহটো নিৰ্মান কৰা হৈছে। সম্পূৰ্ণ পৃথকভাৱে নিৰ্মিত এই গৃহটোলৈ সকলো মুছাফিৰ মহিলাই আহি নামাজ সম্পন্ন কৰিব পাৰিব।
দাৰান্ধ মছজিদ কমিটীৰ সদস্য আৰু মছজিদৰ ইমাম
আহমেদে কয়, "নামাজ গৃহটো নিৰ্মাণৰ বাবে জামাতৰ সদস্য আৰু স্থানীয় ৰাইজে অৰ্থিক অনুদান আগবঢ়াইছে। গৃহটোৰ প্ৰৱেশদ্বাৰ মছজিদৰ মূল প্ৰৱেশদ্বাৰৰ পৰা সম্পূৰ্ণ পৃথক। লগতে মহিলাসকলৰ সুবিধাৰ বাবে আছুতীয়া অজুখানা আৰু প্ৰস্ৰাৱগাৰো নিৰ্মাণ কৰা হৈছে, যাতে তেওঁলোকে মুকলি মনেৰে এক সুৰক্ষিত পৰিবেশ আৰু নিৰাপদ মনোভাৱেৰে নামাজ সম্পন্ন কৰিব পাৰে।"
আগলৈ মছজিদ কমিটীয়ে এটা ডিজিটেল পুথিভঁৰাল স্থাপন কৰাৰ এক পৰিকল্পনা কৰি আছে বুলি আহমেদে উল্লেখ কৰি কয়, "আমি এক ডিজিটেল পুথিভঁৰাল স্থাপন কৰাৰ এক পৰিকল্পনা কৰি আছোঁ। য'ত ইছলামিক শিক্ষাৰ লগতে সাধাৰণ জ্ঞান আৰু স্কুলীয়া শিক্ষাৰ বাবে প্ৰয়োজনীয় গ্ৰন্থ উপলব্ধ কৰা হ’ব। পুথিভঁৰালখন সকলো ধৰ্মৰ লোকৰ বাবে খোলা থাকিব, যাতে মানুহে ইয়ালৈ আহি জ্ঞান আহৰণ কৰিব পাৰে।"
ইছলামৰ মুল্যবোধৰ সুদূৰপ্ৰসাৰীতা আৰু ন্যায়-সমতাৰ ধাৰনাই বাস্তৱ ৰূপ লাভ কৰিলে দাৰান্ধ মছজিদৰ মজিয়াত। মহিলা মুছাফিৰসকলৰ বাবে পৃথক নামাজ গৃহ মুকলি কৰি কমিটীয়ে কেৱল ধাৰ্মিক দায়িত্ব পালন কৰাই নহয়, মহিলাসকল যে সমাজৰ এক অবিচ্ছেদ্য অংগ এই কথাও প্ৰমাণ কৰিছে।
মুছাফিৰ মহিলাৰসকলৰ বাবে নিৰ্মান কৰা আছুতীয়া নামাজ গৃহৰ ভিতৰৰ অংশ
এই পদক্ষেপৰ প্ৰসংগত মছজিদৰ ইমামগৰাকীয়ে কয়, "সাধাৰণতে মানুহৰ মনত এটা ভুল ধাৰণা বিৰাজমান হৈ আছে যে, মহিলাসকলে মছজিদলৈ আহিব নোৱাৰে। প্ৰকৃততে শ্বৰীয়তে মহিলাসকলৰ ওপৰত তেনে কোনো নিষেধাজ্ঞা আৰোপ কৰা নাই। মহিলাসকলেও মছজিদলৈ আহি নামাজ সম্পন্ন কৰিব পাৰে। বিভিন্ন সময়ত নামাজৰ ৱক্তত বহু মুছাফিৰ মহিলাই আমাৰ মছজিদত নামাজ পঢ়িবলৈ ঠাই বিচাৰি আহিছিল আৰু তেতিয়া আমি প্ৰায়ে বিমোৰত পৰিছিলো, কাৰণ আমাৰ মছজিদত মহিলাৰ নামাজ পঢ়াৰ বাবে কোনো আছুতীয়া ঠাই নাছিল। কিন্তু উপায়ন্তৰ হৈও আমি মছজিদৰ ভিতৰতে নামাজ পঢ়াৰ বাবে তেওঁলোকক অলপ আছুতীয়াকৈ ঠাই প্ৰদান কৰিছিলোঁ। আমি প্ৰায়ে এই সমস্যাটোৰ সন্মুখীন হৈ আহিছিলোঁ। সেয়েহে মছজিদ কমিটিয়ে বহু চিন্তা-চৰ্চা কৰি বিভিন্ন জনৰ সৈতে অলোচনা কৰি মহিলা মুছাফিৰসকলৰ বাবে আছুতীয়া নামাজ গৃহ নিৰ্মাণৰ সিদ্ধান্ত লৈছিল। ইতিমধ্যে বহু মহিলাই আহি আমাৰ মছজিদৰ এই গৃহত নামাজ সম্পন্ন কৰিছে।"
মছজিদ ইমামগৰাকীয়ে সমাজক আহ্বান জনাই কয়, "আমি আমাৰ সমাজত প্ৰচলিত থেক মানসিকতাক সলনি কৰিব লাগিব। মহিলাসকল আমাৰ সমাজৰ এক অবিচ্ছেদ্য অংশ। ইছলামৰ মুল্যবোধ ইমানো সংকীৰ্ণ নহয়, এক বিশাল সাগৰৰ দৰে। ইছলামৰ ভাবধাৰাও বহু প্ৰশস্ত। সেইবাবেই মই ভাবো, সকলো মছজিদতেই মহিলাসকলৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰাটোৱে সময়ৰ প্ৰয়োজন।"