পিতৃৰ পিছত এইবাৰ পুত্ৰ; গুৱাহাটীৰ পূজা মণ্ডপক আকৰ্ষণীয় ৰূপ দিছে দীপ আহমেদে

Story by  Munni Begum | Posted by  Munni Begum • 1 h ago
 শিল্পী দীপ আহমেদ আৰু ঐতিহাসিক 'বেবিল'ন হেংগিং গাৰ্ডেন'ৰ আৰ্হিত তেওঁ নিৰ্মান কৰা পূজা মণ্ডপৰ এক দৃশ্য
শিল্পী দীপ আহমেদ আৰু ঐতিহাসিক 'বেবিল'ন হেংগিং গাৰ্ডেন'ৰ আৰ্হিত তেওঁ নিৰ্মান কৰা পূজা মণ্ডপৰ এক দৃশ্য
 
মুন্নী বেগম/গুৱাহাটী
 
যেতিয়া পিতৃৰ পৰা পুত্ৰলৈ শিল্পকলাৰ বংশবৃক্ষ গঢ়ি উঠে তেতিয়া ই এক অনন্য ঐতিহ্য হৈ পৰে। গুৱাহাটী মহানগৰীৰ বিষ্ণুপুৰ বিমলানগৰ সাৰ্বজনীন দুৰ্গাপূজাৰ মণ্ডপ নিৰ্মাণ কৰা শিল্পী দীপ আহমেদৰ ক্ষেত্ৰতো এনে এক দৃষ্টান্ত পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ভাস্কৰ্যশিল্পী পিতৃ নুৰুদ্দিনৰ সৈতে ভাস্কৰ্যশিল্পৰ ক্ষেত্ৰখনত খোজ দিয়া দীপ আহমেদে এইবাৰ পূজা মণ্ডপৰ লগতে পেণ্ডেল বিশেষ আকৰ্ষণীয়কৈ নিৰ্মাণ কৰি উলিয়াইছে। তেওঁ বিগত বছৰৰবোৰৰ দৰে এইবাৰো পূজাৰ মণ্ডপৰ বিষয়বস্তু হিচাপে বাচি লৈছে ঐতিহাসিক 'বেবিল'ন হেংগিং গাৰ্ডেন'।    
 
বিশ্বৰ সাতটা আশ্চৰ্য্যৰ ভিতৰত অন্যতম আছিল বেবিল'ন হেংগিং গাৰ্ডেন। এই গাৰ্ডেনখন প্ৰাচীন মেছ’প’টেমিয়াত আছিল, যি বৰ্তমানৰ ইৰাকত অৱস্থিত আছিল বুলি ইতিহাসবিদসকলে বিশ্বাস কৰে। খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ ভিতৰত বেবিল'ন নগৰৰ ৰজা নেবুচাডনেজাৰ দ্বিতীয়ই তেওঁৰ পত্নী এমিটিছ মীডিয়ক আনন্দিত কৰাৰ বাবে এই গাৰ্ডেন গঢ়ি তুলিছিল বুলি জনা যায়।   
 
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত শিল্পী দীপ আহমেদে কয়, "এইবাৰ আমাৰ পূজাৰ বিষয়বস্তু হৈছে বেবিল'ন হেংগিং গাৰ্ডেন। বিশ্বৰ সাতটা আশ্চৰ্য্যৰ ভিতৰত অন্যতম আছিল এই বেবিল'ন হেংগিং গাৰ্ডেন। এই গাৰ্ডেনখন নিৰ্মাণৰ সময়ত মানে হাজাৰ বছৰৰ পূৰ্বে ইমান বেছি প্ৰযুক্তি ব্যৱহাৰ কৰিব পৰা হোৱা নাছিল, যদিও সেই সময়ৰ অভিযান্ত্ৰিক দিশটো খুবেই শক্তিশালী আছিল। মানুহে নদীৰ পানী ৩০০ ফুট ওপৰলৈ চকাৰ সহায়ত পানী উঠাই বাগিচা নিৰ্মান কৰিব পাৰিছিল। আৰু সেই পানী নিজৰাৰ দৰে পুনৰ তললৈ বাগৰি আহিছিল। যিটো আমি আজিও পাম্প তথা বিদ্যুৎ অবিহনে কৰাটো প্ৰায়ে অসম্ভৱ। সেয়েহে তেনে অতি জনপ্ৰিয় ঐতিহ্যক মানুহৰ মাজলৈ লৈ অহাৰ বাবে এইবাৰ পূজাৰ বিষয়বস্তু হিচাপে মই এই বেবিল'ন হেংগিং গাৰ্ডেনখন বাচি লৈছো। আমি গাৰ্ডেনখনৰ দৰে ৩০০ ফুট ওখ বনাব পৰা নাই যদিও আমি প্ৰায়ে ৬০ ফুট উচ্চতাৰ ইয়াৰ এটা ৰেপ্লিকা বনাইছো, য’ত মানুহে নিজৰাৰ ভিতৰেৰে গৈ বাগিচাখন চাব পাৰে আৰু সেই হাজাৰ বছৰ পুৰণি সভ্যতাৰ এক অভিজ্ঞতা লাভ কৰিব পাৰে।" 
 
সেই সময়ত কোনো প্ৰযুক্তি বা আধুনিক যন্ত্ৰপাতি নাথাকিলেও, অভিযান্ত্ৰিক দিশৰ উৎকৃষ্ট কৌশল ব্যৱহাৰ কৰি তেতিয়াৰ মানুহে এক অলৌকিক স্থাপত্যৰ উদাহৰণ সৃষ্টি কৰিছিল। নদীৰ পৰা পানী ৩০০ ফুট ওপৰলৈ উঠাই তাত গছ, ফুল, ফলৰ গছেৰে সজাই তুলিছিল। এই গাৰ্ডেনত পানীৰ ফোৱাৰাৰ ধ্বনি, গছ-লতিকা আদিয়ে বাগিচাখনৰ এক অনুপম সৌন্দৰ্য দাঙি ধৰিছিল। যদিও আজিৰ দিনত সেই গাৰ্ডেনখন ইতিহাসৰ গৰ্ভত হেৰাই হৈছে, তথাপিও ইতিহাসৰ পৃষ্ঠাত ই এক অমৰ স্থাপত্য হৈ ৰৈছে।   
 
বিষ্ণুপুৰ বিমলানগৰ সাৰ্বজনীন দুৰ্গাপূজাৰ মণ্ডপৰ এক দৃশ্য
 
দীপ আহমেদে কয়, "আমাৰ এই কামৰ সৈতে প্ৰায় ৪২-৫০ জন স্থানীয় কৰ্মচাৰী জড়িত হৈ আছে। তেওঁলোক নলবাৰী, ছয়গাও, বৰপেটা আদি ঠাইৰ। আমাৰ এই আৰ্হিটোত ৬০ ফুট ওপৰৰ পৰা পানীৰ প্ৰৱাহিত হৈ থকা তিনিটা নিজৰা থাকিব। গাৰ্ডেনখনত আমি প্ৰাকৃতিক আৰু কৃত্ৰিম দুয়ো প্ৰকাৰৰ ফুল আৰু গছ ব্যৱহাৰ কৰিছো। পূজা মণ্ডপটো সাজিবলৈ আমি কাঠ, বাহ, প্লাইউড, গছৰ ডাল, থাৰ্মক'ল, চিন্থেটিক ৰং ব্যৱহাৰ কৰিছো।"  
 
উল্লেখ্য যে, সৰুৰে পৰা শিল্প কলাৰ প্ৰতি আকৰ্ষিত দীপ আহমেদে তেওঁৰ পিতৃ নুৰুদ্দিন আহমেদৰ পৰা এই শিল্পকলা আয়ত্ব কৰিছে। নুৰুদ্দিন আহমেদে ১৯৭৫ চনৰ পৰা হিন্দু ধৰ্মাৱলম্বী দেৱ-দেৱীৰ মূৰ্তি নিৰ্মাণ আৰু চিত্ৰাংকন কৰি অহিছে। ইছলামত যিহেতু মূৰ্তি উপাসনা নিষিদ্ধ, সেয়েহে আৰম্ভণিতে তেওঁ বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল। কিন্তু বৰ্তমান হিন্দু আৰু মুছলমান উভয়েই তেওঁৰ কামক আকোঁৱালি লৈছে আৰু প্ৰশংসা কৰি আহিছে। আৰু এতিয়া তেওঁৰ সেই পদাংক অনুসৰণ কৰিছে তেওঁ পুত্ৰ দীপে।  
 
দীপে কয়, "মই সৰুৰে পৰা দেউতাই কৰা কামবোৰ দেখি আহিছো, সেয়েহে মই সৰুৰে পৰাই শিল্পকলাৰ প্ৰতি আকৰ্ষিত হৈছিলো। মই জনা হোৱাৰ পৰাই দেউতাৰ লগত আছিলো। তেওঁ এই কলাৰ সুক্ষ্ম সুক্ষ্ম দিশবোৰ মোক শিকাইছে। আজিৰ এই পূজাখন মই অকলে কৰা বুলি ক'ব পাৰো, কাৰণ কিছু কামৰ ব্যস্ততাৰ বাবে দেউতাই আগৰ দৰে সম্পূৰ্ণ সময় দিব পৰা নাই। তথাপিও তেওঁ কিছু সময় উলিয়াই মাজে মাজে আহি মোৰ কাম নিৰীক্ষণ কৰি আছে। মই নিজকে সৌভাগ্যৱান বুলি ভাবিম যদি মই দেউতাৰ পৰা লাভ কৰা কলাখিনি আগুৱাই লৈ যাব পাৰো। দেউতাৰ সময়ত যিহেতু ইমান বেছি প্ৰযুক্তি নাছিল, এতিয়া আমি অধিক প্ৰযুক্তি ব্যৱহাৰ কৰি এই ক্ষেত্ৰখনত নতুনত্ব অনাৰ বাবে কাম কৰিম।"  
 
বিষ্ণুপুৰ বিমলানগৰ সাৰ্বজনীন দুৰ্গাপূজাৰ মণ্ডপত নিৰ্মিয়মান মা দূৰ্গাৰ প্ৰতিমা
 
প্ৰায় চাৰি দশক ধৰি দেৱী দুৰ্গাৰ মূৰ্তি নিৰ্মাণ কৰি অহা পিতৃ শিল্পী নুৰুদ্দিনে প্ৰতিবছৰে নিৰ্মান কৰা পূজাৰ পেণ্ডেলৰ ডিজাইনৰ ক্ষেত্ৰত দীপ আহমেদে সহযোগিতা আগবঢ়াই আহিছে। কিন্তু এইবাৰৰ বিষ্ণুপুৰ বিমলানগৰ সাৰ্বজনীন দুৰ্গাপূজাৰ সম্পূৰ্ণ পেণ্ডেল ডিজাইন আৰু প্ৰদৰ্শনীৰ কাম, কাৰিকৰী দিশ সকলোবোৰ তেওঁ অকলেই কৰিছে।    
 
দীপ আহমেদে কয়, "যিহেতু এইবাৰৰ পূজা পেণ্ডেলটো বেবিল'ন হেংগিং গাৰ্ডেনৰ আৰ্হিত নিৰ্মান কৰা হৈছে, ইয়াত মই যিমান সম্ভৱ বেবিল'ন হেংগিং গাৰ্ডেনৰ সম্পূৰ্ণ আভাস এটা দিয়াৰ প্ৰয়াস কৰিছো। আমি গাৰ্ডেনখনৰ সৌন্দৰ্য আৰু কাৰিকৰী দিশটো বিতংভাৱে প্ৰদৰ্শন কৰাৰ চেষ্টা কৰিছো। ইয়াৰ জৰিয়তে আমি দৰ্শকক এই পৌৰাণিক যুগলৈকে লৈ যোৱাৰ সামান্য প্ৰয়াস কৰিছো। আমি এই পূজাৰ পেণ্ডেল নিৰ্মানৰ কাম এমাহ পূৰ্বে আৰম্ভ কৰিছিলো। পেণ্ডেলৰ ভিতৰত আৰু বাহিৰত পূজালৈ আগমন ঘটা দৰ্শকৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আমি পৰ্যাপ্ত স্বেচ্ছাসেৱকৰ (volunteer) ব্যৱস্থাও কৰিছো।" 
 
পিতৃৰ পৰা আয়ত্ব কৰা ভাস্কৰ্য শিল্পৰ পৰম্পৰাই পুত্ৰৰ হাতত এক নতুন ৰূপ ধাৰণ কৰিছে। বিষ্ণুপুৰ বিমলানগৰৰ পূজামণ্ডপত বেবিল'ন হেংগিং গাৰ্ডেনৰ ৰেপ্লিকাই এবাৰ মানৱ সভ্যতাৰ ঐতিহাসিক বিস্ময়ৰ লগত অসমীয়াৰ শিল্পকলাক একত্ৰিত কৰি তুলিছে। কলা, ঐতিহ্য আৰু সৃষ্টিশীলতাৰে গঢ়ি তোলা এই পূজাই প্ৰমাণ কৰিছে যে, সীমিত বাজেটতকৈও সৃজনশীলতাই হৈছে এক অনন্য শক্তি।  
 
ঐতিহাসিক 'বেবিল'ন হেংগিং গাৰ্ডেন'ৰ আৰ্হিত নিৰ্মিত বিষ্ণুপুৰ বিমলানগৰ সাৰ্বজনীন দুৰ্গাপূজাৰ মণ্ডপ
 
দীপ আহমেদে কয়, "চিকিৎসক বা অভিযন্তাৰ দৰে কলাও সমানে গুৰুত্বপূৰ্ণ। ইণ্টেৰিঅ'ৰ ডিজাইনিং, ইভেণ্ট মেনেজমেণ্ট আদি সকলোতে কলা লুকুৱাই থাকে। তেনেক্ষেত্ৰত ভাস্কৰ্য শিল্প এনে এক শিল্পকলা য'ত যুৱ প্ৰজন্মৰ বাবে অসীম সুযোগ অন্তৰ্নিহিত হৈ আছে। কিয়নো এই শিল্প কেৱল পূজামণ্ডপতে সীমিত হৈ নাথাকি, ই এক পেছাদাৰী বৃত্তিত পৰিণত হৈছে। কিন্তু অন্য ৰাজ্যৰ লগত তুলনা কৰিলে আমি দেখিব যে,  তেওঁলোকৰ তুলনাত আমাৰ কিছু পৰিমানে সামগ্ৰী অভাৱ বা বাজেট সীমিত থাকে। কিন্তু আমি কম বাজেটতে ভাল কাম কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু নতুন নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি নতুনত্ব আনিব লাগিব। এই ক্ষেত্ৰত সকলোৰে সহযোগিতাৰ প্ৰয়োজন, কাৰণ আমি যিকোনো কাম কৰিম কৰিম বুলি ভাবিলে নহ'ব, কৰিবলৈ নব প্ৰজন্ম উলাই আহিব লাগিব। যদি কোনোৱে আমৰ পৰা এই শিল্পকলা শিকিব বিচাৰে, তেন্তে মই আৰু মোৰ দেউতাই অধীৰ আগ্ৰহেৰে তেওঁলোকক আদৰি ল'ম আৰু শিকাই যাম। যাতে এই ক্ষেত্ৰখন আগুৱাই গৈ থাকে।"     
 
শিল্প, সৃষ্টিশীলতা আৰু ঐতিহ্য এই তিনিটা শব্দেৰে মিশ্ৰিত প্ৰতিফলন ঘটিছে গুৱাহাটী মহানগৰীৰ বিষ্ণুপুৰ বিমলানগৰ সাৰ্বজনীন দুৰ্গাপূজাৰ এইবাৰৰ মণ্ডপত। ঐতিহাসিক বেবিল'ন হেংগিং গাৰ্ডেনক বিষয়বস্তু হিচাপে লৈ গঢ়ি তোলা এই মণ্ডপত শিল্পীৰ কল্পনা আৰু কলাৰ সঠিক মিশ্ৰণ ঘটা দেখা পোৱা গৈছে।   
 
বিষ্ণুপুৰ বিমলানগৰ সাৰ্বজনীন দুৰ্গাপূজাৰ সমিতিৰ সাংস্কৃতিক সম্পাদক বিকি ৰয়ে কয়, "আমাৰ পূজা ষষ্ঠীৰ দিনা উদ্বোধন কৰা হৈছে। প্ৰতিবছৰে আমাৰ পূজালৈ হাজাৰ হাজাৰ ভক্ত তথা দৰ্শনাৰ্থীৰ সমাগম ঘটে। প্ৰতিবাৰে আমি দৰ্শকৰ বাবে কিবা এটা বিশেষ কৰাৰ চেষ্টা কৰি আহিছো। এইবাৰো আমি প্ৰায় ৩৫ লাখ বাজেটেৰে আমাৰ পূজাখন অন্য পূজাৰ তুলনাত ব্যতিক্ৰম কৰাৰ প্ৰয়াস কৰিছিলো। কিন্তু পূৰ্বৰ তুলনাত এইবাৰৰ পুজাৰ পৰিবেশ সেমেকা। কিয়নো অলপতে আমি আমাৰ হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন দাক হেৰুৱাইছো। সেয়েহে এইবাৰ আমি আমাৰ সকলো সাংস্কৃতিক অনুষ্ঠান বতিল কৰিছো। আমি আমাৰ মহান শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে পূজাৰ মণ্ডপৰ ভিতৰতে তেওঁৰ প্ৰতিচ্ছবি ৰখাৰ ব্যৱস্থা কৰিছো আৰু তেওঁৰ গীত বজোৱাৰ ব্যৱস্থা কৰিছো।"