আধ্যাত্মিক সংগীতেৰে সমাজত শান্তি আৰু প্ৰেম বিয়পাইছে আয়িছা আব্দুল বাছিথ

Story by  atv | Posted by  Munni Begum • 3 h ago
আয়িছা আব্দুল বাছিথে
আয়িছা আব্দুল বাছিথে
 
শ্ৰীলাথা মেনন/ থ্ৰিছুৰ
 
ইছলামিক আধ্যাত্মিক সংগীতৰ বাবে বিশ্বৰ প্ৰায় ৮০খন দেশত জনপ্ৰিয় হৈ পৰিছে কেৰালাৰ ২০ বছৰীয়া কণ্ঠশিল্পী আয়িছা আব্দুল বাছিথ। ১০ বছৰ বয়সৰ পৰাই মধুৰ কণ্ঠ আৰু ঐশ্বৰিক মাদকতাৰ বাবে তেওঁ সকলোৰে প্ৰশংসা লাভ কৰি আহিছে। আয়িছাৰ পিতৃয়ে প্ৰথমে কন্যাৰ প্ৰেকটিছ ভিডিঅ’ ফেচবুকত পোষ্ট কৰিছিল আৰু এইবোৰে ইতিবাচক সঁহাৰি লাভ কৰিছিল। 
 
পিছত ২০১৩ চনত পিতৃ-মাতৃয়ে আয়িছাৰ বাবে এটা ইউটিউব চেনেল আৰম্ভ কৰে। তেওঁৰ নাট গীত হাছবি ৰাব্বি জল্লাল্লা (Hasbi Rabbi Jallallah)ই ৮ কোটি views লাভ কৰিছে। আজি তেওঁৰ চেনেলটোৰ ৩৭ মিলিয়নতকৈ অধিক ছাবস্ক্ৰাইবাৰ আৰু ৫৮৩ মিলিয়ন views হৈছে।
 
আয়িছা আব্দুল বাছিথে
 
বিখ্যাত ইছলামিক আধ্যাত্মিক সংগীত নাট শিল্পী ছামি ইউছুফক লগ পাই ২০১৮ চনত তেওঁৰ কোম্পানীটোৰ সৈতে চুক্তিবদ্ধ হোৱাৰ লগে লগে আয়িছাৰ জীৱন সলনি হয়। 
 
এক পুৰণি সাক্ষাৎকাৰত তেওঁ কয়, "২০১৮ চনত ছামি ইউছুফৰ গীত শুনি অনুভৱ কৰিছিলো যে তেওঁৰ সংগীতে মানুহক সুস্থ কৰিব পাৰে। ই মোক নিশ্চিত কৰিছিল যে মই বাছি লোৱা আধ্যাত্মিক পথটোৱেই সঠিক। তেওঁ মোক আশ্বস্ত কৰিলে যে মই মোৰ নিৰ্বাচিত গীতৰ সৈতে সঠিক পথত আগবাঢ়িছো। তেওঁ মোক কৈছিল যে আয়িছা তুমি কেৱল গান গাই থকা নাই, শ্ৰোতাক সুস্থ কৰিছা।’’
 
আয়িছাৰ বাবে ধৰ্ম তেওঁৰ শক্তি। নিজৰ আধ্যাত্মিক গীতসমূহে আয়িছাক বহু দেশলৈ লৈ গৈছে। চেলিম–চুলেমানৰ দৰে বিখ্যাত সংগীতজ্ঞৰ সৈতে তেওঁ কাম কৰিছে। আনকি প্ৰখ্যাত সংগীতজ্ঞ এ আৰ ৰহমানেও তেওঁৰ কামৰ প্ৰশংসা কৰে।
 
আয়িছা আব্দুল বাছিথে গীত ৰেকৰ্ড কৰি কথা এক মূহুৰ্ত
 
১৬ বছৰ বয়সত দ্বাদশ শ্ৰেণীত পঢ়ি থকাৰ সময়ত এক ৰেডিঅ’ সাক্ষাৎকাৰত আয়িছাই ছবছৰ বয়সৰ পৰাই তেওঁক সহায় কৰাৰ বাবে পিতৃ-মাতৃক সম্পূৰ্ণ কৃতিত্ব দিছিল। 
 
আয়িছাই কয় যে শৈশৱৰ পৰাই তেওঁৰ প্ৰেৰণা হৈছে ছামি ইউছুফ আৰু এ আৰ ৰহমান। এতিয়া তেওঁ ছালাম প্ৰজেক্টৰ অংশ আৰু বিখ্যাত সুৰকাৰ চেলিম–চুলাইমানৰ সৈতে কাম কৰি আছে। চেলিম-চুলাইমানে কুৰবান, ৰাব নে বানা ডি জোড়ি, ফেশ্বন, আৰু বেণ্ড বাজা বাৰাতৰ দৰে ১০০খনতকৈও অধিক ছবিৰ সংগীত নিৰ্মাণ কৰিছে।
 
যুৱক-যুৱতীসকলক বিশেষকৈ শিল্পীসকলক তেওঁৰ পৰামৰ্শ হ’ল--"মই এতিয়াও শিকি আছো, গতিকে বিশেষ পৰামৰ্শ দিব নোৱাৰো। কিন্তু মই এটা কথাই ক'ম যে আপুনি যি কৰে তাত অনন্য হ'বলৈ চেষ্টা কৰক।"
 
আয়িছা আব্দুল বাছিথে
 
উল্লেখ্য যে, আয়িছাৰ কণ্ঠই শ্ৰোতাক গভীৰভাৱে স্পৰ্শ কৰে আৰু তেওঁলোকক মন্ত্ৰমুগ্ধ কৰি ৰাখে। তেওঁ ৫ লাখ ৭১ হাজাৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰ আছে, আৰু প্ৰতিটো পোষ্টে প্ৰায় ৮ হাজাৰৰ পৰা ৩৭ হাজাৰ ভিউ লাভ কৰে। তেওঁৰ বেছিভাগ গীতেই প্ৰেম আৰু শান্তিৰ কথা কয়।
 
কেৰালাৰ থালাছেৰীত জন্মগ্ৰহণ কৰা আয়িছাই এতিয়া আবুধাবিত থাকে। গুৰু ছামি ইউছুফৰ সহায়ত তেওঁ সংগীত কেৰিয়াৰত মনোনিৱেশ কৰিছে। প্ৰতিভাৱান সংগীত শিল্পীগৰাকীয়ে আৰবী, হিন্দী, মালয়ালম ভাষাত গীত গাইছে।
 
তেওঁৰ ৱেবছাইটত লিখা আছে: "আয়িছাই তেওঁৰ অন্তৰস্পৰ্শী গায়ন-বায়নৰ জৰিয়তে সমগ্ৰ বিশ্বতে শান্তি আৰু প্ৰেম বিয়পাইছে। আয়িছাই বিচাৰে যে তেওঁৰ সংগীতে মানুহৰ হৃদয় আৰু মনক শান্তি আৰু প্ৰেমেৰে ভৰাই তোলে। এখন শান্তিপূৰ্ণ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত আয়িছাৰ গীত এক শক্তিশালী মাধ্যম হ'ব পাৰে।"