অৰ্চলা খান / নতুন দিল্লী
বিজয়াদশমী নামেৰে পৰিচিত দশেৰাক অশুভৰ বিৰুদ্ধে শুভৰ জয়ৰ প্ৰতীক আৰু ১০ দিনীয়া ৰামলীলা উৎসৱৰ প্ৰতীক হিচাপে সমগ্ৰ দেশতে ইয়াক উদযাপন কৰা হয়। ভাৰতীয় চিনেমাই এই উৎসৱ আৰু ইয়াৰ পটভূমি বহুবাৰ পৰ্দাত চিত্ৰিত কৰিছে।
"দশেৰা" (২০১৮)
নীল নীতিন মুকেশ আৰু টিনা দেশাই অভিনীত এই ৰাজনৈতিক থ্ৰিলাৰখনত দশেৰা উৎসৱৰ প্ৰতীকী অৰ্থ, বেয়াৰ ওপৰত ভালৰ জয়ক পটভূমি হিচাপে ব্যৱহাৰ কৰা হৈছে। ছবিখনত কেলেংকাৰী উন্মোচন কৰা এজন আৰক্ষী বিষয়াই ৰাৱণৰ দৰে ব্যৱস্থাৰ বিৰুদ্ধে যুঁজিছে।
VIDEO
“ৰাৱন” (২০১০)
মণিৰত্নমৰ এই ছবিখনে ৰামায়ণৰ কাহিনীক আধুনিক সমাজৰ নৈতিক দ্বন্দ্ব হিচাপে পুনৰ ব্যাখ্যা কৰিছে। ভাল বেয়াৰ মাজৰ ৰেখাডাল ম্লান কৰি ই দশেৰাৰ দৰে উৎসৱৰ ধাৰণাটোক পুনৰ ব্যাখ্যা কৰে।
“ৰাৱনাহট্টি” (২০২৩, কানাড়া)
ছবিখন হৈছে ৰামলীলাৰ দল এটাই গাঁৱে গাঁৱে ঘূৰি ৰামায়ণ পৰিবেশনৰ কাহিনী। কাহিনীটোত দশেৰা আৰু ইয়াৰ দহ দিনৰ সাংস্কৃতিক আৰু সামাজিক তাৎপৰ্য্য গভীৰভাৱে অন্বেষণ কৰা হৈছে।
VIDEO
“ৰামলীলা” (২০১৩)
সঞ্জয় লীলা ভাঞ্চালীৰ ছবিখনত ৰামলীলাৰ লগতে নৱৰাত্ৰি আৰু গৰ্বাৰ দৃশ্যক জীৱন্ত কৰি তোলা হৈছে। ছবিখনৰ প্ৰেম কাহিনী ৰামলীলাৰ অভিনয় আৰু ৰাৱণ দহনৰ দৃশ্যৰ সৈতে জড়িত হৈ আছে, যিয়ে প্ৰত্যক্ষভাৱে ১০ দিনৰ উৎসৱৰ প্ৰতিফলন ঘটায়।
"জয় সন্তোষী মা" (১৯৭৫)
যদিও ছবিখন দেৱী সন্তোষী মাৰ প্ৰতি ভক্তিৰ আধাৰত নিৰ্মিত। তথাপিও ইয়াত নৱৰাত্ৰী আৰু বিজয়াদশমীৰ পৰম্পৰাৰ চিত্ৰ, ভক্তিৰ ভাৱ আৰু দহদিনীয়া আধ্যাত্মিক অনুশীলনৰ দৃশ্যও ইয়াত সন্নিবিষ্ট কৰা হৈছে।
VIDEO
"দশেৰা" (২০২৩, তেলেগু)
ননী আৰু কীৰ্তি সুৰেশ অভিনীত এই ছবিখনৰ নাম হৈছে দশেৰা। দশেৰা উপলক্ষে মুক্তি পোৱা এই ছবিখনত সামাজিক ব্যাধিৰ বিৰুদ্ধে সংগ্ৰামৰ কাহিনী বৰ্ণনা কৰা হৈছে। এই উৎসৱৰ প্ৰতীকী তাৎপৰ্য্য একচন আৰু নাটকৰ সৈতে জড়িত হৈ আছে।
এই ছবিসমূহে দশেৰা, নৱৰাত্ৰি, বিজয়াদশমীৰ ধৰ্মীয় আৰু সাংস্কৃতিক তাৎপৰ্য্যক বিভিন্ন ৰূপত উপস্থাপন কৰি দৰ্শকক কেৱল মনোৰঞ্জনেই নহয়, উৎসৱৰ এক গভীৰ অভিজ্ঞতাও প্ৰদান কৰে।