ভুৱা তথ্যৰ মাজত সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাৰ সুৰক্ষা

Story by  Pulin Deka | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
  পুলিন ডেকা
 
আধুনিক সংবাদ মাধ্যমে এক ৰূপান্তৰমুখী যাত্ৰা পথেৰে অগ্ৰসৰ হোৱাৰ সময়ত আজিৰ তথ্য প্ৰযুক্তিৰ পৃথিৱীত ইয়াৰ গুৰুত্ব আৰু মহত্ত্বই স্বকীয় ৰূপ লাভ কৰিছে। ছপা আৰু ইলেকট্ৰ'নিক মাধ্যমৰ লগতে সামাজিক মাধ্যম, অনলাইন নিউজ পৰ্টেল, মেছেঞ্জাৰ এপ আদিয়ে সংবাদসেৱাৰ চৰিত্ৰ সলনি কৰি পেলাইছে। একো একোটা খবৰ জনসাধাৰণৰ মাজলৈ যাবলৈ মাত্ৰ কিছু সময়ৰহে প্ৰয়োজন হয়। এই ক্ষিপ্ৰতাই সংবাদ মাধ্যমৰ জনপ্ৰিয়তা দ্ৰুত গতিত বৃদ্ধি কৰাৰ লগতে এক আন্তঃৰাষ্ট্ৰীয় পৰিসৰ লাভ কৰাৰ দিশতো প্ৰভাৱ পেলাইছে। 
 
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সংবাদ মাধ্যম সমাজ এখনৰ দাপোন স্বৰূপ। সভ্যতাৰ নিৰন্তৰ যাত্ৰাৰ পাথেয় শক্তি। সংবাদ মাধ্যমৰ চিন্তাৰ প্ৰকাশ, পৰিবৰ্তনমুখী ভাৱনাই আজিৰ জটিল বিশ্বত আলোকৰ সেতু নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰো যথেষ্ট অৱকাশ আছে। তেনে পৰিস্থিতিত সংবাদ মাধ্যমে নিজৰ বিশ্বাসযোগ্যতা কেনেদৰে অটুট ৰাখিব, সেয়া এক অন্যতম লক্ষ্যণীয় বিষয় হৈ পৰিছে। এটা সঠিক খবৰে সামাজিক ব্যৱস্থাটোক শক্তিশালী কৰাই নহয়, মানুহৰ মুক্ত মনৰ চিন্তাৰ বিকাশ সম্ভৱ কৰি গণতন্ত্ৰৰ প্ৰবাহমান সোঁতটোক এটা বিশেষ পৰ্যায়লৈ লৈ যোৱাৰ দিশতো প্ৰভাৱ পেলায়। 
 
প্ৰতিনিধিত্বমুলক ফটো
 
সংবাদ মাধ্যম আৰু সাংবাদিকতাৰ দায়িত্ব তেনে প্ৰেক্ষাপটতে অধিক মননশীল হৈ পৰিছে। ভাৰতবৰ্ষৰ দৰে বহু ভাষিক, সাংস্কৃতিক, আধ্যাত্মিক বৈচিত্ৰপূৰ্ণ দেশ এখনত সংবাদ মাধ্যমে স্পৰ্শকাতৰ দিশবোৰৰ কথাও মনত ৰাখিবলগীয়া হয়। ডিজিটেল ব্যৱহাৰকাৰীৰ বিশাল সংখ্যাই আজি ভাৰতবৰ্ষত সামাজিক মাধ্যমৰ স্থিতি অধিক গতিশীল কৰি তুলিছে। 
 
ডিজিটেল তথ্য-প্ৰবাহ আৰু বিশ্বাসযোগ্যতাৰ সংকট আজি সমগ্ৰ বিশ্বৰ বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে। বিশ্বব্যাপী সংবাদ-যোগাযোগৰ পৰিবেশটো অতি দ্ৰুতগতিত পৰিবৰ্তন হৈছে। প্ৰচলিত নিউজ চেনেলৰ উপৰি হাজাৰ হাজাৰ ডিজিটেল চেনেল, ব্লগ, ইনফ্লুৱেঞ্চাৰ, কনটেন্ট সৃষ্টিকাৰীয়ে যিকোনো খবৰ নিমিষতে প্ৰচাৰ কৰাৰ সুবিধা লাভ কৰিছে। অধিক মানুহে নিজৰ মতামত লাভ কৰাৰ সুবিধা যিদৰে লাভ কৰিছে, ইয়াৰ বিপৰীতে সত্য সংবাদৰ ভিত্তি কি তেনে দিশতো প্ৰশ্ন উঠাতো নিতান্তই স্বাভাৱিক। 
 
প্ৰতিনিধিত্বমুলক ফটো
 
বহু সময়ত মতদাৰ্শিক উদ্দেশ্যৰে সংগঠিতভাৱে ভুৱা তথ্যৰ প্ৰচাৰত গুৰুত্ব দিছে। ইয়াৰ ফলত সংবাদ মাধ্যমে নিজৰ বিশ্বাসযোগ্যতা ধৰি ৰাখিবলৈ যুদ্ধ কৰিবলগীয়া হৈছে। ভাৰতবৰ্ষৰ মিডিয়াই আজি বৃহত সংখ্যক লোকক সামৰি লোৱাটো এক আশাপ্ৰদ দিশ। কিন্তু ডিজিটেল মাধ্যমৰ নিয়ন্ত্ৰণহীন অৱস্থাৰ ফলত ভুৱা খবৰে বহু সময়ত মানুহৰ আৱেগিক ৰূপক উত্তেজনালৈ ৰূপান্তৰ কৰিছে। সত্য ছবি বা ভিডিঅ' আন এক প্ৰসংগত শ্বেয়াৰ কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ প্ৰয়াসো আৰম্ভ হৈছে। 
 
কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্ট ভিডিঅ' বা অডিঅ' প্ৰচাৰৰ মানসিকতা ক্ৰমশঃ বৃদ্ধি পাইছে। ভুল তথ্য অধিক প্ৰচাৰ হলে সামগ্ৰিকভাৱে সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা সম্পৰ্কত প্ৰশ্ন উত্তাপন হোৱাটো নিতান্তই স্বাভাৱিক। সংবাদ মাধ্যম জনমুখী সেৱাৰ এক সাৰ্থকস্থলী। আজিৰ উত্তৰণমুখী বিশ্বক বিকাশৰ নতুন পৰ্যায়লৈ নিবলৈ হ'লে সংবাদ মাধ্যমেই যে অন্যতম প্ৰধান ভূমিকা ল'ব লাগিব তাত কাৰো দ্বিমত থাকিব নোৱাৰে।  
 
প্ৰতিনিধিত্বমুলক ফটো
 
সংবাদ মাধ্যমৰ ভ্ৰান্ত তথ্যই বহু সময়ত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰো নিদৰ্শন দেখা যায়। ১৯৯০ চনত নাইৰাহৰ সাক্ষাতে গাল্ফ যুদ্ধক প্ৰভাৱিত কৰিছিল। নাইৰাহ নামৰ এগৰাকী কুৱেইটৰ কিশোৰীয়ে আমেৰিকান কংগ্ৰেছক সাক্ষ্য দিয়ে যে ইৰাকী সেনাই কুৱেইটৰ শিশুৰোগীসকলক বিচনাৰ পৰা লৈ আহি হত্যা কৰিছে। এই বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল আৰু ইয়ে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। পিছত ই মিছা বুলি প্ৰমাণিত হয়। ইয়ে গাল্ফ যুদ্ধত আমেৰিকাৰ অংশগ্ৰহণৰ ক্ষেত্ৰত জনসমৰ্থন বৃদ্ধি কৰিছিল।
 
১৮৩৫ চনত দ্য নিউয়ৰ্ক চান সংবাদ পত্ৰই প্ৰকাশ কৰিছিল যে জন হাৰ্চেল নামৰ জ্যোতিবিজ্ঞানী এজনে চন্দ্ৰত বাদুলি সদৃশ মানুহ তথা জীৱ-জন্তু বিচাৰি পাইছে। ইয়ে সংবাদপত্ৰখনৰ চাহিদা বৃদ্ধি কৰিছিল যদিও পিছত ভ্ৰান্ত তথ্য বুলি প্ৰমাণিত হয়। ২০০২ চনত বহু সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল যে ইৰাকী চৰকাৰে বিধ্বংসী অস্ত্ৰ মজুত কৰিছে। ইৰাকত প্ৰৱেশ কৰাৰ পিছত আমেৰিকাই তেনে কোনো অস্ত্ৰ বিচাৰি নাপালে। কিন্তু এই ভ্ৰান্ত তথ্যই ইৰাক যুদ্ধৰ জনসমৰ্থন বৃদ্ধি কৰিছিল। 
 
প্ৰতিনিধিত্বমুলক ফটো
 
১৮৯৮ চনত ভ্ৰান্ত তথ্যৰ বাবে স্পেইন আৰু আমেৰিকাৰ মাজত যুদ্ধ হৈছিল। স্পেইনে হাভানা বন্দৰত মাৰ্কিন যুক্তৰাষ্টৰ জাহাজ এখন বোমাৰে উৰুৱাই দিয়া বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। পিছত এই কথা প্ৰমাণিত হৈছিল যে যান্ত্ৰিক বিজুতিৰ বাবে জাহাজখন দুৰ্ঘনাগ্ৰস্ত হৈছিল। এই ভুল তথ্যই আমেৰিকাক যুদ্ধলৈ ঠেলি দিছিল। ১৯০০ চনত দ্য প্ৰট'কলছ অৱ দি এলডাৰছ অৱ জাইন নামৰ এখন জাল নথি-পত্ৰৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। তাত কোৱা হৈছিল যে ইহুদীয়ে বিশ্ব দখলৰ যড়ষন্ত্ৰ কৰিছে। পিছত ই অসত্য বুলি প্ৰমাণিত হয় যদিও বহু দশক ধৰি বিশ্বব্যাপী ইহুদী বিৰোধী মনোভাৱ সজীৱ কৰি ৰাখিছিল। 
 
এনে ধৰণৰ ভুৱা তথা কল্পিত তথ্যই এখন সমাজ তথা ৰাষ্ট্ৰৰ ওপৰত নেতিবাচক প্ৰভাব পেলায়। সেইবাবেই সংবাদ মাধ্যমে বিশ্বাসযোগ্যত বজাই ৰখা ক্ষেত্ৰত সচেষ্ট হোৱাৰ প্ৰযোজনীয়তা আছে। ইয়াৰ বাবে কঠোৰ ফেক্ট চেকিং ব্যৱস্থা এটি গঢ়ি তুলিব লাগিব। অনুসন্ধানমূলক সাংবাদিকতাক প্ৰাধান্য দিয়াৰ বাবে প্ৰয়াস চলাব লাগিব। ছ'ছিয়েল মিডিয়াত ভ্ৰান্ত সংবাদ প্ৰকাশিত হলে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ প্ৰযোজনীয়তা আহি পৰিছে। 
 
প্ৰতিনিধিত্বমুলক ফটো
 
লাইভ আলোচনী, সম্পাদকীয় প্ৰশ্নোত্তৰ, জনমত গ্ৰহণ প্ৰক্ৰিয়াৰ দ্বাৰাও বিশ্বাসযোগ্যতা গঢ়ি তুলিব পৰা যায়। নাগৰিকৰ যুক্তিসংগত সিদ্ধান্ত, সামাজিক সৌহাৰ্দ আৰু ৰাজনৈতিক স্থিৰতা বজাই ৰখাৰ দিশত বিশ্বাসযোগ্য সংবাদ অতিশয় আৱশ্যকীয়। ডিজিটেল যুগৰ প্ৰত্যাহ্বানবোৰে সাংবাদিকৰ দাযিত্ব অধিক বৃদ্ধি কৰিছে। বিশ্বাসযোগ্যতা ধৰি ৰখা মানে কেৱল সত্য সংবাদ দিয়াই নহয়, স্বচ্ছতা, নৈতিকতা আৰু মূল্যবোধকো বজাই ৰখাত সহায় কৰে। 
 
গণমাধ্যম গণতন্ত্ৰৰ পৃষ্ঠভূমি। বিশ্বাসযোগ্যতা নথকা সংবাদে গণতন্ত্ৰক দুৰ্বল কৰে। ভুৱা সংবাদৰ বিৰুদ্ধে যুদ্ধ আধুনিক যুগৰ এটা ডাঙৰ প্ৰত্যাহ্বান। সাংবাদিকৰ মানদণ্ড অধিক দৃঢ় কৰা, মিডিয়া সাক্ষৰতা উন্নত কৰা, টেক প্লেটফৰ্মৰ জবাবদিহিতা সুনিশ্চিত কৰা, নীতি-আইনক সঠিক ৰূপত প্ৰযোগ কৰা, এই সকলো দিশৰ সমন্বয় গঢ়ি তুলিব পাৰিলে ভুল তথ্য প্ৰতিৰোধী ব্যৱস্থা এটি গঢ়ি তুলিব পৰা যাব।    
 
(লেখক এগৰাকী সাহিত্যিক। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে এই প্ৰতিবেদনটি প্ৰকাশ কৰা হৈছে।)