আৱাজ-দ্য ভইচ অসম ব্যুৰো
বিহাৰৰ বিধানসভা নিৰ্বাচনত আজি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক জোঁট (NDA)ৰ বাবে আজি এটা ঐতিহাসিক দিন। ভোট গণনাৰ আৰম্ভণিৰ পৰা শেষলৈকে NDA-এ শক্তিশালীভাৱে আগবাঢ়ি গৈছে আৰু বহু আসনত সুস্পষ্ট ধাৰা প্ৰদৰ্শন কৰিছে। কিন্তু এই সকলোৰ মাজতো কেইখনমান আসনত হৰুৱা–জিকাৰ যুঁজখন অত্যন্ত ৰোমাঞ্চকৰ আৰু তীৰ্যক হৈ পৰিছিল।
বিশেষকৈ কেইগৰাকীমান প্ৰাৰ্থীয়ে অত্যন্ত কম ভোটৰ ব্যৱধানত জয়ী হবলৈ সক্ষম হৈছে। তলত সেইসকল আসন আৰু ফলাফলৰ বিষয়ে উল্লেখ কৰা হল।
প্ৰতিনিধিত্বমূলক ছবি
সন্দেশঃ সন্দেশ আসনত এতিয়ালৈকে বিহাৰৰ আটাইতকৈ তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা গৈছিল। ইয়াত জেডিইউ (JD(U))ৰ ৰাধাচৰণ সাহে আৰজেডি (RJD)ৰ ডিপু সিংক কেৱল ২৭ ভোটত পৰাস্ত কৰিছে। সাহে মুঠ ৮০,৫৯৮ ভোট (৪৩.৯৯%) লাভ কৰে, আনহাতে সিঙে পায় ৮০,৫৭১ ভোট (৪৩.৯৭%)।
ৰামগড়ঃ বহুজন সমাজ পাৰ্টি (BSP) ৰ নেতা সতীশ কুমাৰ সিং যাদৱে মাত্ৰ ৩০টা ভোটৰ ব্যৱধানত বিজেপিৰ অশোক কুমাৰ সিঙক পৰাস্ত কৰি বিহাৰত দলটোৰ একমাত্ৰ জয় সাব্যস্ত কৰে। যাদৱে ৭২,৬৮৯টা ভোট (৩৭.২৯%) আৰু সিঙে ৭২,৬৫৯টা (৩৭.২৯%) ভোট লাভ কৰে।
আগিয়ানঃ চিপিআই(এমএল)(এল)ৰ শিৱ প্ৰকাশ ৰঞ্জনক মাত্ৰ ৯৫টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰে বিজেপিৰ মহেশ পাছৱানে। পাছৱানে ৬৯,৪১২টা ভোট (৪৫.২%) আৰু ৰঞ্জনে ৬৯,৩১৭টা (৪৫.১৪%) ভোট লাভ কৰে।
ঢাকাঃ ১৭৮ ভোটৰ অতি কম ব্যৱধানত বিজেপিৰ পৱন কুমাৰ জয়ছৱালক পৰাস্ত কৰিবলৈ সক্ষম হয় আৰজেডিৰ ফৈছাল ৰহমানে। ৰহমানে ১১২,৭২৭টা (৪৫.৭২%) ভোট লাভ কৰাৰ বিপৰীতে জয়ছৱালে ১১২,৫৪৯টা (৪৫.৬৪%) ভোট লাভ কৰিছে।
ফ'ৰ্বেছগঞ্জ: কংগ্ৰেছ প্ৰাৰ্থী মনোজ বিশ্বাসে বিজেপিৰ বিদ্যাসাগৰ কেশৰীক ২২১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। বিশ্বাসে ১২০,১১৪ টা ভোট (৪৭.৭৭%) লাভ কৰিবলৈ সক্ষম হয়, আৰু কেশৰীয়ে ১১৯,৮৯৩ টা ভোট (৪৭.৬৮%) লাভ কৰিবলৈ সক্ষম হয়।
মৈথিলী ঠাকুৰ
এই বিধানসভা নিৰ্বাচনত ৰাজনৈতিক অভিষেক ঘটোৱা জনপ্ৰিয় কণ্ঠশিল্পী তথা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী মৈথিলী ঠাকুৰে (২৫) ১১,৭৩০ ভোটৰ ব্যৱধানত জয়লাভ কৰি ৰাজ্যৰ কনিষ্ঠতম বিধায়ক হিচাপে পৰিগণিত হয়। তেওঁ মাত্ৰ ৭৩,১৮৫ টা ভোট লাভ কৰা আৰজেডিৰ জ্যেষ্ঠ নেতা বিনোদ মিশ্ৰ (৬৩)ক পৰাস্ত কৰি ৮৪,৯১৫ টা ভোট লাভ কৰিছে।
নিশা ১০:০০ বজালৈকে ২৪৩খন আসনৰ ভিতৰত ২০৩খন আসনত অগ্ৰগতি লাভ কৰি এন ডি এ আগবাঢ়ি আছিল। ৯০খন আসনত বিজেপিয়ে আগবাঢ়ি থকাৰ বিপৰীতে ৮৫খন আসনেৰে দ্বিতীয় স্থানত আছে জেডি(ইউ)৷
আনহাতে, মহাগঠবন্ধনে মাত্ৰ ৩৫খন আসনত অগ্ৰগতি লাভ কৰি নিৰাশাজনক প্ৰদৰ্শন দেখুৱাইছিল, যিটো ২০২০ চনৰ নিৰ্বাচনত লাভ কৰা সংখ্যাতকৈও বহু কম। ২৫খন আসনত অগ্ৰগতি লাভ কৰিছিল আৰজেডি, আৰু বৰ্তমান মাত্ৰ ৬খন আসনত কংগ্ৰেছ আগবাঢ়ি আছে। প্ৰশান্ত কিশোৰৰ জন ছুৰাজ পাৰ্টিয়ে প্ৰথম ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাত শূণ্য প্ৰদৰ্শন কৰে।
আছাদুদ্দিন ওৱাইছিৰ নেতৃত্বত অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমীন (এআইএমআইএম)য়ে সম্পূৰ্ণ পৰাজয়ৰ প্ৰাৰম্ভিক এগজিট প’লৰ ভৱিষ্যদ্বাণীক অৱজ্ঞা কৰে। দলটোৱে কোনো বৃহৎ অগ্ৰগতি লাভ নকৰিলেও গুৰুত্বপূৰ্ণ সীমাঞ্চল অঞ্চলত সন্মানজনক উপস্থিতি বজাই ৰাখিবলৈ সক্ষম হয়।