নতুন দিল্লী
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পাছতে ককৰোচ জনতা পাৰ্টিয়ে তেওঁলোকৰ প্ৰতিবাদ প্ৰত্যাহাৰ কৰিছে। ইয়াৰ এদিন পাছতে দেওবাৰে পুৱা যন্তৰ মন্তৰত চাফাই অভিযান আৰম্ভ হৈছে। নিৰাপত্তাৰক্ষীসকলে বেৰিকেডসমূহ আঁতৰাই প্ৰতিবাদস্থলীত পৰিষ্কাৰ কৰাৰ কাম চলাই আছে।
দিল্লী মেট্ৰ‘ ৰে‘ল কৰ্প‘ৰেচনে জানিবলৈ দিছে যে তেওঁলোকৰ নেটৱৰ্কৰ সকলো ষ্টেচনত স্বাভাৱিক কাম-কাজ পুনৰ আৰম্ভ হৈছে। যাত্ৰীসকলৰ বাবে প্ৰৱেশ আৰু প্ৰস্থানৰ দুয়োখন দুৱাৰ মুকলি কৰি দিয়া হৈছে। ইয়াৰ জৰিয়তে ৰাজীৱ চক, চেণ্ট্ৰেল চেক্ৰেটেৰিয়েট, মাণ্ডি হাউচ, আইটিঅ‘, নতুন দিল্লী আদিকে ধৰি ১৮টা প্ৰধান ষ্টেচনত যোৱা কেইবাদিনো ধৰি থকা নিৰাপত্তাজনিত বাধা শেষ হৈছে। প্ৰতিবাদৰ সময়ত এই বাধাসমূহৰ বাবে যাত্ৰীসকলৰ চলাচলত যথেষ্ট অসুবিধা হৈছিল।
কেন্দ্ৰীয় দিল্লীৰ যন্তৰ মন্তৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত ম‘বাইল ইণ্টাৰনেট সেৱাও পুনৰুদ্ধাৰ কৰা হৈছে। যুৱ প্ৰজন্মৰ এই আন্দোলনৰ সময়ত কৰ্তৃপক্ষই ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰাখিছিল। শনিবাৰে চিজেপিয়ে জানিবলৈ দিয়ে যে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ মূল দাবীসমূহ মানি লোৱাৰ আশ্বাস দিয়াৰ পাছত তেওঁলোকে এই প্ৰতিবাদ সামৰিছে। চিজেপিৰ মুখ্য মুখপাত্ৰ সৌৰভ দাসে কয় যে দুয়োপক্ষৰ মাজত সন্মতি হোৱা চৰ্তসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত কাৰ্যকৰী হ‘ব বুলি তেওঁলোকে বিশ্বাস কৰিছে।
উল্লেখযোগ্য যে, এমাহতকৈ অধিক সময় ধৰি চলি থকা এই প্ৰতিবাদৰ ফলস্বৰূপে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলগীয়া হয়। এই প্ৰতিবাদৰ সময়ত সমাজকৰ্মী সোণম ৱাংচুকে ২৬ দিন ধৰি অনশন কৰিছিল। চিজেপিৰ মতে, আত্মহত্যা কৰা নিট পৰীক্ষাৰ্থীসকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰ সন্মত হৈছে আৰু সমগ্ৰ দেশত প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ আশ্বাস দিছে।