লক্ষ্ণৌ
দিল্লীত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ (BRICS) সন্মিলনৰ সময়ত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ উদ্দেশ্যে উত্তৰ প্ৰদেশৰ পৰা পৰিচালিত সকলো ফ্লায়িং ট্ৰেইনিং অৰ্গেনাইজেচনে (FTO) তিনিদিন ধৰি উৰণ কাৰ্যকলাপ চলাব নোৱাৰিব। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এই কথা জনাইছে।
সকলো ফ্লায়িং ট্ৰেইনিং অৰ্গেনাইজেনলৈ প্ৰেৰণ কৰা এক জাননীত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে উল্লেখ কৰিছে যে, ৰাজধানী দিল্লীত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলন ২০২৬ৰ প্ৰতি লক্ষ্য ৰাখি ১১ ছেপ্টেম্বৰৰ পুৱা ৭ বজাৰ পৰা ১৩ ছেপ্টেম্বৰৰ নিশা ১১ বজালৈ এই নিষেধাজ্ঞা বাহাল থাকিব।
নিৰ্দেশটোত স্পষ্টকৈ কোৱা হৈছে যে, নিৰ্ধাৰিত সময়ছোৱাত উত্তৰ প্ৰদেশত অৱস্থিত কোনো ফ্লায়িং ট্ৰেইনিং অৰ্গেনাইজেচনৰ পৰা কোনো ধৰণৰ বিমান উৰণ কৰিব নোৱাৰিব। ইয়াৰ ভিতৰত লাইট বা মাইক্ৰ'-লাইট বিমান, হেং-গ্লাইডাৰ, হেলিকপ্টাৰ আদি সকলো ধৰণৰ উৰণযান অন্তৰ্ভুক্ত কৰা হৈছে।
৭ ছেপ্টেম্বৰত জাৰি কৰা অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ জাননী অনুসৰি, এই নিষেধাজ্ঞা পঞ্জাব, হাৰিয়ানা, মধ্যপ্ৰদেশ, উত্তৰাখণ্ড, ৰাজস্থান আৰু হিমাচল প্ৰদেশত অৱস্থিত ফ্লায়িং ট্ৰেইনিং অৰ্গেনাইজেনসমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।
অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে জনোৱা মতে, ব্ৰিকছ সন্মিলন ২০২৬ৰ পৰিপ্ৰেক্ষিতত সক্ষম কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে নিৰাপত্তাজনিত কাৰণত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ইয়াৰ উপৰি, নিৰ্ধাৰিত সময়ছোৱাত দিল্লীৰ ৩০০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত লাইট আৰু মাইক্ৰ’-লাইট বিমান, মানৱবিহীন আকাশযান (UAV) আৰু একেধৰণৰ দীৰ্ঘ-পৰিসৰৰ আকাশযানৰ চলাচল নিষিদ্ধ কৰা হৈছে।
একেদৰে দিল্লীৰ ১০০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত হেং-গ্লাইডাৰ, পেৰা-গ্লাইডাৰ, পেৰা-মটৰ, এৰ’-মডেল, সকলো ধৰণৰ ড্ৰোন আৰু একেধৰণৰ স্বল্প-পৰিসৰৰ আকাশযান চলাচলতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
এই জাননীৰ সৈতে প্ৰেৰণ কৰা এক ই-মেইলত উৰণ প্ৰশিক্ষণ সঞ্চালকালয়ে কয় যে, এই ব্যৱস্থাসমূহ “সাৱধানতামূলক নিৰাপত্তা ব্যৱস্থা” হিচাপে গ্ৰহণ কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে ব্ৰিকছ সন্মিলন ২০২৬ যাতে “নিৰাপদ আৰু সুচাৰুৰূপে” অনুষ্ঠিত কৰিব পৰা যায়, সেয়া নিশ্চিত কৰা।
সংশ্লিষ্ট সকলো পক্ষক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ লগতে নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে ১৮সংখ্যক ব্ৰিকছ সন্মিলন ১১ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব।