ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি; মৃতকৰ সংখ্যা ৬৫ লৈ বৃদ্ধি

Story by  atv | Posted by  [email protected] • 2 h ago
ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি
ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি
 
গুৱাহাটী
 
অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে যদিও এতিয়াও বহু অঞ্চলত প্লাৱনৰ ভয়াৱহতা হ্ৰাস পোৱা নাই। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি, এতিয়াও প্ৰায় ৬.৫৫ লাখ লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈ জলবন্দী অৱস্থাত দিন অতিবাহিত কৰিবলগীয়া হৈছে।
 
উল্লেখযোগ্য যে, বানৰ মাজতে শনিবাৰে ৰাজ্যখনত পুনৰ চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে। লগতে  মৃত্যু হোৱা লোকসকলৰ ভিতৰত শিৱসাগৰ জিলাৰ ৩ জন আৰু চৰাইদেউ জিলাৰ ১ জন লোক আছে। ৰাজ্যখনত বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৫ লৈ বৃদ্ধি পাইছে।
 
জানিব পৰা মতে, গোলাঘাট, চৰাইদেউ, কামৰূপ, হোজাই, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, শোণিতপুৰ, কামৰূপ (মহানগৰ) আৰু নগাঁও জিলা বানৰ ফলত আটাইতকৈ বেছি প্ৰভাৱিত হৈছে। এই ১০ খন জিলাৰ ২৮ টা ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ৮১০ খন গাওঁ বানৰ পানীয়ে প্লাৱিত কৰি পেলাইছে। বৰ্তমান লৈকে মুঠ ৬,৫৪,৮৩৮ গৰাকী লোক বানৰ দ্বাৰা ক্ষতিগ্রস্ত হৈছে।
 
বৰ্তমান নদীসমূহৰ পানী লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে যদিও প্লাৱিত অঞ্চলসমূহত ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰা, খোৱাপানী যোগান ধৰা আৰু আশ্ৰয় শিবিৰত পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান সক্ৰিয়ভাৱে চলাই আছে।  ইপিনে  নদীসমূহৰ পানীৰ স্তৰ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ বাবে প্ৰশাসনে পৰিস্থিতি তীক্ষ্ণ দৃষ্টিৰে পৰ্যবেক্ষণ কৰি আছে। আক্ৰান্ত অঞ্চলসমূহত NDRF, SDRF আৰু স্থানীয় প্ৰশাসনৰ জৰিয়তে সাহায্য আৰু উদ্ধাৰ অভিযান পূৰ্ণগতিত অব্যাহত ৰখা হৈছে।