অৱশেষত দুদিন ধৰি সন্ধানহীন হৈ থকা বন বিভাগৰ ২৬ জনীয়া দলটো উদ্ধাৰ হ'ল

Story by  atv | Posted by  [email protected] • 1 h ago
অৱশেষত দুদিন ধৰি সন্ধানহীন হৈ থকা বন বিভাগৰ ২৬ জনীয়া দলটো উদ্ধাৰ হ'ল
অৱশেষত দুদিন ধৰি সন্ধানহীন হৈ থকা বন বিভাগৰ ২৬ জনীয়া দলটো উদ্ধাৰ হ'ল
 
গুৱাহাটী
 
ডিমা হাছাও, কাৰ্বি আংলং আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অটব্য অৰণ্যত প্ৰকৃতি আৰু জীৱ-জন্তুৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে এক জটিল টহলদাৰী অভিযান চলাই থকাৰ সময়তে, অত্যন্ত দুৰ্গম ভৌগোলিক পৰিৱেশ আৰু সংযোগহীনতাৰ বাবে দলটো সন্ধানহীন হৈ পৰিছিল। টহলদাৰী অভিযানৰ সময়ত যোগাযোগহীন হৈ পৰা অসম বন বিভাগৰ ২৬ জনীয়া দলটোক অৱশেষত বিচাৰি পোৱা গৈছে। তেওঁলোক সুৰক্ষিত হৈ আছে বুলি এক্সৰ জৰিয়তে ঘোষণা কৰে অসমৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
 
এই দলটোত লাংটিং, মান্দাৰডিছা, হাতীখোলা আৰু মাইবং বন পৰিসৰৰ ২৩ গৰাকী বন বিষয়া আৰু তিনিগৰাকী সংগী কৰ্মী আছিল। ম’বাইল নেটৱৰ্ক সংযোগ সীমিত হৈ থকা অতি ঘন বনাঞ্চলখনত টহলদাৰী আৰু অভিযান চলাই থকাৰ সময়তে তেওঁলোকৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল। প্ৰায় দুদিন ধৰি কোনো যোগাযোগ নোহোৱাত বন বিভাগ, অসম আৰক্ষী আৰু জিলা প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰে। এই প্ৰচেষ্টাত ড্ৰোন নিৰীক্ষণ আৰু ভাৰতীয় বন সেৱা (IFS)-ৰ এজন জ্যেষ্ঠ বিষয়াৰ দলে সহায় আগবঢ়ায়।
 
এই সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰি বনমন্ত্ৰী গৰাকীয়ে কয় যে, এই ঘটনাই বনকৰ্মীসকলে সমুখীন হোৱা অপাৰ প্ৰত্যাহ্বানসমূহৰ কথা মনত পেলাই দিয়ে। যিসকলে ৰাজ্যখনৰ বনাঞ্চল, বনৰীয়া জীৱ-জন্তু আৰু প্ৰাকৃতিক ঐতিহ্য ৰক্ষাৰ বাবে অতি দুৰ্গম আৰু কঠিন অঞ্চলত নিয়মীয়াকৈ কাম কৰি যায়।
 
উল্লেখযোগ্য যে, মন্ত্ৰীগৰাকীয়ে সফল সন্ধান অভিযানত জড়িত সকলো সংস্থাক ধন্যবাদ জ্ঞাপন কৰে আৰু অসমৰ বনাঞ্চল সুৰক্ষিত কৰাৰ ক্ষেত্ৰত দেখুওৱা সাহস, নিষ্ঠা আৰু অবিচল প্ৰতিশ্ৰুতিৰ বাবে বন বিষয়াসকলক প্ৰশংসা কৰে।