মুম্বাই
ঘৰলৈ উভতি আহিল ধৰ্মেন্দ্ৰ। বুধবাৰে পুৱা মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালৰ পৰা ৰিলিজ দিয়া হয় প্ৰবীণ অভিনেতাগৰাকীক। ভেণ্টিলেটৰৰ সহায়ত থকা অভিনেতাগৰাকী ঘৰলৈ উভতি অহাৰ খবৰ বিয়পি পৰাৰ পাছতে উৎফুল্লিত হৈ পৰিছে অনুৰাগীসকল।
চিকিৎসালয়ৰ এক সূত্ৰই জনোৱা অনুসৰি, আজি যাবলৈ দিয়া হয় প্ৰবীণ অভিনেতাগৰাকীক। ধৰ্মেন্দ্ৰৰ ঘৰত এখন এম্বুলেন্স দেখা গৈছে। অৱশ্যে অভিনেতাগৰাকীৰ বৰ্তমানৰ অৱস্থা সন্দৰ্ভত কোনো আপডেট দিয়া হোৱা নাই। ‘শ্বোলে’ অভিনেতাগৰাকীক উন্নত চিকিৎসাৰ বাবে ঘৰলৈ স্থানান্তৰ কৰা হৈছে।
৮৯ বছৰীয়া অভিনেতাগৰাকী কেইসপ্তাহমানৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ আছিল। ডাঃ প্ৰীত সমদানীয়ে সংবাদ সংস্থা পিটিআইক জনাইছে, "ধৰ্মেন্দ্ৰজীক পুৱা প্ৰায় ৭.৩০ বজাত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। পৰিয়ালে তেওঁক ঘৰতে চিকিৎসা সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে।"
বুধবাৰে পুৱা ববী দেওলক এম্বুলেন্সত ব্ৰীচ কেণ্ডি হাস্পতালৰ পৰা ওলাই অহা দেখা যায়। জানিব পৰামতে, ধৰ্মেন্দ্ৰৰ ঘৰৰ সমীপৰ জুহু অঞ্চলত এতিয়া আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা। বিগত সপ্তাহত নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৮৯ বছৰীয়া অভিনেতাগৰাকীক। তেতিয়াৰ পৰা তাতেই আছিল তেওঁ৷ অৱস্থাৰ অৱনতি ঘটাত অভিনেতাজনক আই চি ইউলৈ স্থানান্তৰ কৰা হৈছিল।
তেওঁৰ পত্নী হেমা মালিনী আৰু কন্যা ঈশা দেওলে অভিনেতাজনৰ বৰ্তমানৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিয়ে। মঙলবাৰে অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে হেমা, ঈশা আৰু ছানী দেওলৰ দলটোৱে ৰাজহুৱা বিবৃতি প্ৰকাশ কৰি কয় যে, ধৰ্মেন্দ্ৰই চিকিৎসাৰ প্ৰতি সঁহাৰি জনাইছে।