বাংলাদেশত সংখ্যালঘু ওপৰত শেহতীয়াকৈ চলোৱা অমানৱীয় নিৰ্যাতনক তীব্ৰ গৰিহণা অসমৰ মুছলমানৰ

Story by  Ariful Islam | Posted by  Munni Begum • 2 h ago
শ্ৰমিক দিপু চন্দ্ৰ দাসৰ ভয়ংকৰ হত্যাকাণ্ডত স্তম্ভিত হৈ পৰিছে অসমৰ মুছলমান
শ্ৰমিক দিপু চন্দ্ৰ দাসৰ ভয়ংকৰ হত্যাকাণ্ডত স্তম্ভিত হৈ পৰিছে অসমৰ মুছলমান
 
আৰিফুল ইছলাম / গুৱাহাটী
 
চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ মাইমেনচিং জিলাত সংখ্যালঘু হিন্দুসকলৰ ওপৰত চলা অত্যাচাৰ আৰু গণহত্যাৰ কাণ্ডক গৰিহণা দিছে বিশ্বৰ সভ্য সমাজে। এই নৃশংস হত্যাকাণ্ডই সমগ্ৰ মানৱ জাতিকে কলংকিত কৰিছে। বাংলাদেশৰ এটা কাৰখানাৰ শ্ৰমিক দিপু চন্দ্ৰ দাসৰ ভয়ংকৰ হত্যাকাণ্ডত স্তম্ভিত হৈ পৰিছে অসমৰ মুছলমানসকল। আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা বাৰ্তালাপত তেওঁলোকে ইয়াক “মানৱতা, সভ্য সমাজ, মানৱ অধিকাৰ আৰু গণতান্ত্ৰিক মূল্যবোধ”ৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰে।
 
অসম ৰাজ্যিক জমিয়ত উলেমাৰ অতিৰিক্ত সাধাৰণ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমিয়ে কয়; "বাংলাদেশৰ ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ইতিমধ্যে আমি অসম ৰাজ্যিক জমিয়ত উলেমাৰ তৰফৰ পৰা বাংলাদেশৰ উচ্চয়ুক্তৰ কাৰ্য্যালয়লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। ভৱিষ্যতে যাতে এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয়, প্ৰশাসনে সেয়া ব্যৱস্থা কৰিব লাগে আৰু যেনেকৈ নহওক, দোষীক উচিত শাস্তি দিব লাগে। এই ঘটনাবোৰৰ বাবেই সমগ্ৰ বিশ্বতে মুছলমানসকলক সন্দেহৰ চকুৰে চাই। আমি এনে ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ উপৰিও জমিয়ত উলেমাই দেশৰ বিভিন্ন প্ৰান্তত প্রতিবাদো সাব্যস্ত কৰিছোঁ।"
 
প্ৰতিনিধিত্বমূলক ছবি
 
"বাংলাদেশত বৰ্তমান মৌলবাদী শক্তিৰ উত্থান ঘটিছে। বাংলাদেশৰ বৰ্তমানৰ চৰকাৰখনে মৌলবাদী শক্তিক সাৰ-পানী যোগাইছে। কিন্তু শ্বেইখ হাছিনা চৰকাৰৰ দিনত মৌলবাদীসকলৰ উত্থান হোৱা নাছিল। ন'বেল বঁটা বিজয়ী ডঃ মহম্মদ ইউনুছে অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব লোৱাৰ পিছত বাংলাদেশত মৌলবাদীৰ উত্থান দেখিব পোৱা গৈছে। এয়া দুৰ্ভাগ্যজনক। তেওঁ ভাৰতৰ বিৰুদ্ধে শত্ৰুতাৰ মনোভাৱেৰে দেশ পৰিচালনা কৰা আৰম্ভ কৰিছে। এই কাৰ্যই বাংলাদেশকে বিপদাপন্ন কৰিব। বাংলাদেশখনো পাকিস্তানৰ দৰে শৈক্ষিক আৰু অৰ্থনৈতিক ভাৱে যথেষ্ট দুৰ্বল কৰি পেলাব। পৃথিৱীত মৌলবাদী শক্তিক আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰো। পৃথিৱীৰ যিখন দেশৰ চৰকাৰে মৌলবাদী শক্তিক সাৰ-পানী যোগাইছে, সেইখন দেশেই ধ্বংস হৈছে। উদাহৰণস্বৰূপে আপুনি চিৰিয়া, লিবিয়া, ইৰাক আদি দেশ ধ্বংস হৈছে। আমি এই মৌলবাদীসকলক সদায় ঘৃণা কৰোঁ। আমি ভাৰত চৰকাৰৰ লগত আছোঁ। ইয়াৰ কাৰণে যদি ভাৰত চৰকাৰে কিবা পদক্ষেপ লয়, তেন্তে আমি চৰকাৰৰ লগতে আছোঁ", মৌলানা ফজলুল কৰিম কাছিমিয়ে কয়।
 
বাংলাদেশৰ এই বৰ্বৰতাক গৰিহণা জনাই সদৌ অসম গৰীয়া-মৰিয়া জাতীয় পৰিষদৰ নেতা নুৰুল হকে কয় যে, "বাংলাদেশত ঘটি থকা ঘটনাবোৰ কেৱল অমানৱীয়ই নহয়, সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক লজ্জান্বিত কৰিছে। ইছলামক আমি মানৱতা, শান্তি আৰু প্ৰেমৰ ধৰ্ম বুলি জনা যায়, কিন্তু বাংলাদেশৰ একাংশ মৌলবাদীয়ে ইছলাম ধৰ্মৰ মৰ্য্যদা হানি কৰিছে। আমাৰ অসমৰ মুছলমানসকলেও এই কাণ্ডত তীব্ৰ গৰিহণা জনাইছে। আচলতে কিমান নৃশংস আৰু নিম্নখাপৰ চিন্তাধৰা থাকিলে মানুহে মানুহক জীৱন্তে জ্বলাই দিব পাৰে। গতিকে এনেবোৰ কাৰ্য্য যাতে ভৱিষ্যতে নহয় আৰু বিশেষকৈ আমাৰ অসমত আমি সকলো জাতি-জনগোষ্ঠীৰ লোকসকল যাতে শান্তিপূৰ্ণ ভাবে বসবাস কৰিব পাৰো সেয়া চিন্তা কৰিব লাগে।"
 
"তাৰোপৰি আমাৰ দেশত বা অসমত এনে মৌলবাদী আৰু সাম্প্ৰদায়িক চিন্তাধাৰাৰ মানুহবোৰক চৰকাৰে চিনাক্ত কৰিব লাগে। লগতে আমি নিজেও সচেতন হ'ব লাগে। এনে চিন্তা-ধাৰা যাতে কেৱল ইছলাম ধৰ্মাৱলম্বী লোক বুলিয়ে নহয়, অন্য ধৰ্মৰ মাজতো জাগে প্ৰচলন নহয়, তাৰ বাবে আমি সচেতন হ'ব লাগে। বাংলাদেশৰ কাণ্ডক মই তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, লগতে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে ইয়াত হস্তক্ষেপ কৰিব লাগে", নুৰুল হকে কয়।
 
মহম্মদ ইউনুছ
 
সদৌ বড়োলেণ্ড সংখ্যালঘু ছাত্ৰ সন্থাৰ সদস্যসকলে এজ কাৰ্যক তীব্ৰ গৰিহণা দি তামোলপুৰ জিলাত এক বৃহৎ প্ৰতিবাদো সাব্যস্ত কৰিছিল। এবিএমছুৰ সভাপতি টাইছন হুছেইনে কয়; "শেহতীয়াকৈ আমি বাংলাদেশৰ অমানৱীয় কাণ্ডকলৈ প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। আমি অন্তৱৰ্তীকালীন বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা তথা ডাঃ মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তি দাহ কৰিছিলোঁ। এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰেই বাংলাদেশৰ হিন্দুসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আমি দেখিছোঁ যে, বাংলাদেশত একাংশ ধৰ্মীয় মৌলবাদীয়ে ভাৰত বিৰোধী মন্তব্য দি থকাও দেখিছোঁ। সেই বাংলাদেশীসকলে পাহৰি যোৱা অনুচিত, যে বাংলাদেশৰ স্বাধীনতা সংগ্ৰামত ভাৰতে মূল ভূমিকা গ্ৰহণ কৰিছিল। যদি সেই বাংলাদেশৰ পৰাই কোনোবাই ভাৰতবিৰোধী মন্তব্য কৰে, সেই কথা আমি অসম তথা ভাৰতবৰ্ষৰ সংখ্যালঘু মুছলমানসকলে কেতিয়াও মানি নলও।"
 
ইছলামিক পণ্ডিত মৌলানা নুৰুল আমিন কাছিমিয়ে কয়, "বাংলাদেশত এগৰাকী হিন্দু লোকৰ ওপৰত হোৱা বৰ্বৰ কাণ্ডৰ তীব্ৰ নিন্দা কৰিছো। এয়া কোনো সুস্থ মানসিকতা সম্পন্ন লোকৰ কৰ্ম হব নোৱাৰে। সকলো বিবেকবান লোকে ইয়াৰ প্ৰতিবাদ কৰা দৰকাৰ।"
 
উল্লেখযোগ্য যে, শেহতীয়াকৈ সদৌ অসম গৰিয়া -মৰিয়া-দেশী জাতীয় পৰিষদ, দৰং জিলা সমিতিৰ শতাধিক বিষয় ববীয়া, সদস্য আৰু স্থানীয় ৰাইজৰ উপস্থিতিত দৰং জিলাৰ সদৰ চহৰ মঙলদৈৰ কৰিম চকত বাংলাদেশৰ শেহতীয়া হিংসাত্মক পৰিস্থিতিত মৌলবাদী জেহাদীয়ে দেশখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ নিৰীহ যুৱক দিপু চন্দ্ৰ দাসক বৰ্বৰতাৰে জীৱন্তে জ্বলাই হত্যা কৰা কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে বাংলাদেশৰ অমুছলিম সংখ্যালঘু সম্প্ৰদায়ৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষণাবেক্ষণ দিবলৈ দাবী জনায়।
 
প্ৰতিনিধিত্বমূলক ছবি
 
প্ৰতিবাদীসকলে বাংলাদেশ নিপাত যাওঁক, মৌলবাদী জেহাদী হুচীয়াৰ, দিপু দাসৰ হত্যাৰ বিচাৰ লাগে, এই অন্যায় সহ্য কৰা নহ'ব, অমুছলিম সংখ্যালঘুৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিয়ক,ইউনুচ চৰকাৰ হায়,হায়! ইউনুচৰ শান্তিৰ নোবেল বঁটা ঘূৰাই লওঁক, ভাৰতে বাংলাদেশক উচিত শিক্ষা দিয়ক আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।
 
এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব লৈ সদৌ অসম গৰিয়া -মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ড০ চহিৰ ভূঞাই নিৰীহ যুৱক দিপু দাসৰ নৃশংস হত্যাকাণ্ডৰ তীব্ৰ গৰিহণা দি এই জঘণ্য ঘটনাৰ বাবে তথাকথিত শান্তিৰ নোবেল বঁটা বিজয়ী ইউনুচ চৰকাৰ সম্পূৰ্ণ দায়ী বুলি দাবী কৰি আন্তজাৰ্তিক নোবেল বঁটা কৰ্তৃপক্ষক তেওঁৰ শান্তিৰ নোবেল বঁটা  ম্যানমাৰৰ প্ৰাক্তন নেত্ৰী আং চাং ছ্যুকীৰ দৰেই ঘূৰাই ল'বলৈ দাবী জনায়। তেওঁ জেহাদী -মৌলবাদীয়ে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰাৰ বাবে দিয়া হুংকাৰৰ তীব্ৰ গৰিহণা দি প্ৰয়োজনত ভাৰতবৰ্ষক সামৰিক শক্তি প্ৰয়োগ কৰি এই জেহাদী মৌলবাদীক পুলিয়ে পোখাই উৎখাত কৰিবলৈয়ো দাবী কৰে। 
 
প্ৰতিবাদী সকলে বাংলাদেশৰ জেহাদী-মৌলবাদী নেতা নিহত ওচমান হাদীক ড০ মহম্মদ ইউনুচে মৌলবাদীৰ ওচৰত শিৰনত কৰি ছহিদ ঘোষণা কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা আৰু প্ৰতিবাদ কৰে আৰু সাহস আছে যদি অতি শীঘ্ৰেই দিপু দাসকহে ছহিদ ঘোষণা কৰি পুৰুষত্ব প্ৰদৰ্শন কৰিবলৈ দাবী জনায়। ইউনুচ চৰকাৰক উৎখাত কৰাৰ বাবে দাবী জনাই প্ৰতিবাদীসকলে তেওঁৰ প্ৰতিচ্ছবি দাস কৰে আৰু ছহিদ দীপু চন্দ্ৰ দাসৰ প্ৰতিচ্ছবিত বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।