গুৱাহাটী
সোমবাৰে নিশা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰেপাৰ পোষ্ট মেলনৰ সুৰৰ মূৰ্চ্ছনাত ডুব গ’ল গুৱাহাটী মহানগৰী। ইটোৰ পিছত সিটোকৈ গীত পৰিৱেশনেৰে শীতৰ সেমেকা নিশাটিক উমাল কৰি তোলে সংগীত শিল্পীগৰাকীয়ে। 'জুবিন গাৰ্গৰ ভূমিত আহি বিশেষ গৌৰৱ অনুভৱ কৰিছো'- লাইভ কনচাৰ্টৰ মাজতে পোষ্ট মেলনে স্মৰণ কৰে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক। জুবিন গাৰ্গক তেওঁ ‘মহান কিংবদন্তি শিল্পী’ আখ্যা দিয়ে।
খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নিশা ৮ বজাৰ পৰা আৰম্ভ হয় আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰেপাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান। ৯ বাৰকৈ গ্ৰেমীৰ বাবে মনোনীত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পীগৰাকীয়ে গুৱাহাটীত প্ৰায় ২৩ হাজাৰ দৰ্শকৰ সন্মুখত তেওঁৰ কেইবাটাও জনপ্ৰিয় গীত পৰিৱেশন কৰি শ্ৰোতা-দৰ্শকক মুগ্ধ কৰে।
তাৰকা শিল্পীগৰাকীৰ সংগীতানুষ্ঠান উপভোগৰ বাবে খানাপাৰাৰ খেলপথাৰত ভিৰ কৰিছিল হাজাৰ হাজাৰ অনুৰাগীয়ে। অসমৰ ভিন্ন প্ৰান্তৰ অনুৰাগীৰ লগতে দেশৰ আন ৰাজ্য তথা বিদেশৰ বহু অনুৰাগীয়েও খানাপাৰাত স্বচক্ষুৰে প্ৰত্যক্ষ কৰে প্ৰিয় শিল্পীগৰাকীৰ অনুষ্ঠান। অনুষ্ঠানত তেওঁ ‘Cool Kids’, ‘Good Kinda Love’, ‘Hold Me Down’ আদিৰ দৰে জনপ্ৰিয় গীত পৰিৱেশন কৰি দেশ-বিদেশৰ পৰা অহা অনুৰাগীক মুগ্ধ কৰে। অনুষ্ঠানৰ মাজতে তেওঁ দৰ্শকক সম্বোধন কৰি কয়, "ভাৰতলৈ পুনৰ আহিবলৈ পাই মই ধন্য।"
অনুষ্ঠান পৰিৱেশনৰ সময়ত সংগীত শিল্পীগৰাকীয়ে পৰিধান কৰা টি-চাৰ্টটোৱে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে। তেওঁ পৰিধান কৰা টি-চাৰ্টটোত ভাৰতৰ মানচিত্ৰ, তাৰ ওপৰত তাজমহলৰ ছবি আৰু তলত ইণ্ডিয়া লিখা আছিল।
পোষ্ট মেলনৰ সংগীতানুষ্ঠান আয়োজন সন্দৰ্ভত বুক মাই শ্ব'ৰ বিষয়া নামাম পুগালিয়াই কয়, “আজি গুৱাহাটীৰ প্ৰদৰ্শনে দেখুৱাইছে যে ভাৰতৰ লাইভ এণ্টাৰটেইনমেণ্ট ক্ষেত্ৰ কিমান দ্ৰুত গতিৰে আগুৱাই গৈছে। পোষ্ট মেলনৰ অনুষ্ঠানে উত্তৰ-পূৰ্বাঞ্চলৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে।" আনহাতে, অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপানি বৰাই কয়, "কনচাৰ্ট টুৰিজিম পলিচিৰ লক্ষ্য হৈছে যে অসমক বিশ্বমানৰ সংগীতানুষ্ঠানৰ স্থান হিচাপে প্ৰতিষ্ঠা কৰা। সোমবাৰৰ মেলনৰ কনচাৰ্ট সেই যাত্ৰাত এক গুৰুত্বপূর্ণ পদক্ষেপ। বিশ্বমানৰ শিল্পী আহি সাংস্কৃতিগত, অৰ্থনৈতিক আৰু পৰ্যটনমূল্য বৃদ্ধি কৰাত সহায় কৰিলে।’’