সম্প্ৰীতিৰ অনন্য নিদৰ্শন; পিতৃৰ স্মৃতিত হৰিনাম সংকীৰ্তনত প্ৰসাদ আগবঢ়ালে মুছলমান যুৱকে

Story by  atv | Posted by  Munni Begum • 2 h ago
পিতৃৰ স্মৃতিত মল্লিক মিঞাৰ হৰিনাম সংকীৰ্ত্তনলৈ ধন আগবঢ়ালে মুছলমান যুৱক
পিতৃৰ স্মৃতিত মল্লিক মিঞাৰ হৰিনাম সংকীৰ্ত্তনলৈ ধন আগবঢ়ালে মুছলমান যুৱক
 
নুৰুল হক/আগৰতলা
 
সম্প্ৰীতিৰ অনন্য নিদৰ্শন দাঙি ধৰিছে এগৰাকী মুছলমান যুৱকে। হৰিনাম সংকীৰ্তনত এদিনৰ প্ৰসাদ আগবঢ়াই হিন্দু-মুছলমানৰ সমন্বয়ৰ উদাহৰণ হৈ পৰিছে যুৱকজন। পিতৃৰ স্মৃতিত হৰিণাম সংকীর্তনত এটা দিন উৎসৰ্গা কৰে মুছলমান যুৱকজনে। ত্ৰিপুৰাৰ কাঞ্চনপুৰ দশদা বজাৰত বৃহস্পতিবাৰৰ পৰা ধৰ্মীয় হৰিণাম সংকীর্তন আৰম্ভ হৈছে।
 
১১ দিনীয়া কীৰ্তন অনুষ্ঠানত সনাতনী হিন্দু সম্প্ৰদায়ৰ লগতে জনজাতি আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকলেও অংশগ্ৰহণ কৰে। হিন্দুসকলৰ এই ধৰ্মীয় হৰিণাম সংকীর্তনত এদিনৰ প্ৰসাদ দান কৰে অঞ্চলটোৰ যুৱক মল্লিক মিঞাই। ২২ বছৰীয়া মল্লিক মিঞা এগৰাকী বেচৰকাৰী কৰ্মচাৰী। তেওঁ সংৰক্ষণ সমিতিৰ হাতত চাউলসহ এদিনৰ সকলো খৰচ আগবঢ়াই। 
 
 
মল্লিক মিঞাই কয় যে, তেওঁৰ পিতৃ প্ৰয়াত বাট মিঞাৰ স্মৃতিত তেওঁ এই কাম কৰিছে। তেওঁ লগতে কয় যে কাঞ্চনপুৰৰ দশদা বজাৰৰ অঞ্চলটো সদায়েই সম্প্ৰীতিৰ এক মিলনস্থলী হিচাপে পৰিচিত। ইয়াত জাতি-জনগোষ্ঠী, হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, মুছলমান সকলো সম্প্ৰদায়ৰ লোকে বসবাস কৰে। এই অঞ্চলত আজিলৈ সাম্প্ৰদায়িক হিংসাৰ কোনো ঘটনা সংঘটিত হোৱা নাই। বৰঞ্চ সকলো ধৰ্মৰ লোকে পৰস্পৰে পৰস্পৰৰ ধৰ্মীয় ভাতৃত্ববোধ আৰু সম্প্ৰীতি ৰক্ষা কৰে।
 
হিন্দু, খ্ৰীষ্টান আৰু অন্যান্য জাতিৰ লোকে অংশগ্ৰহণ কৰে ইছলাম ধৰ্মৰ ঈদৰ অনুষ্ঠানত। মুছলমানসকলে হিন্দু আৰু খ্ৰীষ্টান ধৰ্মৰ অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰে। বজাৰৰ হৰিনাম সংকীৰ্ণতাতো সকলো ধৰ্মৰ লোক সমবেত হয় আৰু সকলোৰে মাজত মহা প্ৰসাদ বিতৰণ কৰা হয়। এই হৰিনাম সংকীর্তনত মল্লিক মিঞাই নিজৰ পিতৃৰ স্মৃতিত অৰ্পণ কৰি তেওঁ ভগৱান চৰণত আশ্ৰয় লোৱাৰ প্ৰয়াস কৰিছে।
 
মল্লিক মিঞাই আয়োজন কৰা হৰিনাম সংকীৰ্তনৰ এক দৃশ্য
 
হৰিনাম সংকীৰ্তন সমিতিৰ সম্পাদক তথা বিশিষ্ট সাংবাদিক বিকাশ দাসে মল্লিক মিঞাৰ এই প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰে। বিকাশ দাসে কয় যে মল্লিক মিঞাৰ দৰে লোকসকলে সমাজৰ দিশ নিৰ্ণয় কৰে। মল্লিক মিঞা হৈছে ধৰ্মৰ বাহিৰেও সমাজ সেৱাৰ মানসিকতা আৰু সম্প্ৰীতি ৰক্ষা কৰাৰ এক উৎকৃষ্ট উদাহৰণ।