জুবিন গাৰ্গৰ চৰিত্ৰ হনন, গৰিমা গাৰ্গক নিন্দা কৰাসকলক উদ্দেশ্যি তীব্ৰ ক্ষোভ প্ৰকাশ পাল্মী বৰঠাকুৰৰ
গুৱাহাটী
বিগত কিছুদিনৰ পৰা একাংশ লোকে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰাত নামি পৰাৰ লগতে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গক এছ আই টিয়ে দাখিল কৰা চাৰ্জশ্বিটক লৈ বিভিন্ন আপত্তিজনক কথাৰ অৱতাৰণা কৰি অহা পৰিলক্ষিত হৈছে। বিশেষকৈ সামাজিক মাধ্যমত একাংশই এই বিষয়সমূহক লৈ সৰৱ হৈ পৰাৰ লগতে জুবিন গাৰ্গৰ হত্যাত অভিযুক্তসকলৰ দুই-এজনক পৰক্ষোভাৱে নিৰ্দোষী সজোৱাৰ চেষ্টা চলোৱাও দেখিবলৈ পোৱা গৈছে।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিল কৰাৰ পাছতে একাংশই সৃষ্টি কৰা এনে বিৰ্তকক লৈ অৱশেষত মুখ খুলিছে শিল্পীগৰাকীৰ পৰিয়ালে। জুবিনৰ গাৰ্গৰ চৰিত্ৰহননত নামি পৰা একাংশৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ ব্যক্ত কৰিছে জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰে। সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ভগ্নীয়ে ক্ষোভ প্ৰকাশ কৰি লিখিছে এনেদৰে-
সংযমী হৈ আছো, দুৰ্বল নহয়!
কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ থলো....
১) এই কথাখিনি লিখিবলৈ বাধ্য হৈছো কাৰণ জুবিন গাৰ্গৰ চৰিত্ৰ হনন আৰু গৰিমা গাৰ্গৰ নিন্দাই চৰম সীমা পাইছেগৈ। যাৰ ফলত গৰিমা গাৰ্গ বাৰে বাৰে অসুস্থ হৈছে। কি আসুৰিক স্ফূৰ্তিৰ কাৰণে এয়া মুখা পিন্ধা বন্ধু আৰু অনুৰাগীয়ে কৰিছে মই বুজাত অপাৰগ।
২) আমাৰ যুঁজ হৈছে ন্যায়ৰ যুঁজ, জুবিন গাৰ্গৰ বাবে ন্যায়ৰ যুঁজ, পৰচৰ্চা আৰু নিন্দাই ন্যায় নিদিয়ে। জুবিন গাৰ্গৰ বিকল্প নাই, তাক বিচাৰিও লাভ নাই, কিন্তু জুবিন গাৰ্গে যি সাহস আৰু মানৱীয়তাৰ বীজ প্ৰতিজন অসমীয়াৰ প্ৰাণত প্ৰতিষ্ঠা কৰি গ'ল সেই অলপ অলপ জুবিন গাৰ্গ নিজৰ মাজত জগাই তোলক, তেতিয়াহে অসম আৰু অসমীয়া বাচিব। জুবিন গাৰ্গে ন্যায় পাব।
৩) গৰিমা গাৰ্গে Chargesheet খনক লৈ সন্তুষ্ট হ'ল বুলি কেতিয়া ক'লে? তেওঁ কৈছিল যে মূল অভিযুক্ত কেইজনক দিয়া Section আৰু sub-section কেইটা আমি ভাল পাইছো। Chargsheet আমি এতিয়ালৈকে পঢ়িবলৈয়ে পোৱা নাই, যেতিয়া signature/seal মৰা copy পাম তেতিয়াহে পঢ়িম। সন্তুষ্টি-অসন্তুষ্টিৰ কথা নাই ইয়াত। SIT, Honourable CM আৰু মহামান্য কৰ্টৰ ওপৰত আমাৰ আস্থা আছে আৰু এই আস্থাৰ মান ৰাখিব বুলিয়ে মানিছো। নিজৰ স্থিতিত অটল আছো।
৪) গৰিমা গাৰ্গ ছিংগাপুৰলৈ FIR দিবলৈ এই কাৰণেই যোৱা নাই যে জুবিন গাৰ্গৰ case টো আমাৰ পৰিয়ালৰ আৰু অসমবাসীৰ হৈ চৰকাৰে investigation কৰাইছে, অসমত আৰু ছিংগাপুৰতো। আকৌ বেলেগকৈ ছিংগাপুৰত গৰিমা গাৰ্গে investigation কৰাই দ্বিমত generate কৰাই কিবা লাভ হব নেকি? ছিংগাপুৰ পুলিচৰ investigation report দুৰ্ঘটনাৰ সময়ত আৰু এতিয়াও দুইবাৰ একেই দিছে। জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ তদন্তৰ পিছত যদি একেই থাকে তেতিয়া justice for Zubeen Garg হ'ব নে justice denied হ'ব? Guarantee কোনে দিব?
৫) য়টত থকা ছিংগাপুৰৰ অসমীয়া কেইজন কোন 'breed' ৰ মই বুজি নেপালো, SIT আৰু স্বয়ং CM-এ বাৰম্বাৰ মতাৰ পিছতো গোটেইকেইজন অসমলৈ নাহিল সহযোগ কৰিবলৈ। যি দুজনমান আহিল তাৰে অভিমন্যু তালুকদাৰ বোলাজনে অকল হাঁহিয়ে থাকিল মিডিয়াৰ আগত! জুবিন গাৰ্গৰ মৃত্যু কি তেঁওৰ কাৰণে হাস্যজনক? ইমান স্পৰ্ধা! য়টত থকা গোটেইকেইজন আদালতৰ কাঠগৰাত আহি আমাক সত্য কওক।
৬) The Court will decide who is guilty and who is not based on facts and evidences, অভিযুক্তসকলক 'নিৰ্দোষী' বুলি আগতেই অপপ্ৰচাৰ নচলাব।
জুবিন গাৰ্গৰ ভগ্নী বা পত্নী হোৱা সহজ নহয়, যি কুৰা জুই যোৱা তিনিমাহে জ্বলিছে তাৰ উত্তাপ আৰু বিষাদ তিলমানো কমা নাই, বৰঞ্চ বাঢ়িছেহে! আপোনালোকে নুবুজিব। কাৰণ আপোনালোকৰ জীৱন এতিয়া normalised হৈ গৈছে, স্ফূৰ্তি কৰিছে, reel বনাইছে, বদনাম গাইছে... কিন্তু আমাৰ জীৱন স্থবিৰ হৈ গ'ল এটা তাৰিখত!
জুবিন গাৰ্গ অসমৰ কাৰণে আশীৰ্বাদ স্বৰূপে আহিছিল, আমি ভাগ্যৱান! তেওঁক উদযাপন কৰক সৃষ্টিৰ জৰিয়তে, মানৱীয়তাৰ জৰিয়তে.... কিন্তু ৰাজনীতি কৰি নহয়।
Justice for Zubeen Garg প্ৰকৃত অনুৰাগীসকলেহে লিখিব, মুখা পিন্ধাবোৰে নহয়।
#JusticeForZubeenGarg