লুইতৰ বুকুত প্রধানমন্ত্রী মোদীয়ে পৰীক্ষাৰ ওপৰত মত-বিনিময় কৰিব ছফিউৰ, জেনিফা, নঈম আৰু আন ২২ জন ছাত্ৰ-ছাত্ৰীৰ সৈতে

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চৰাইদেউ জাহাজ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চৰাইদেউ জাহাজ
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো
 
অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চর্চা অনুষ্ঠান। ২১ ডিচেম্বৰ অৰ্থাৎ দেওবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত 'চৰাইদেউ' নামৰ জাহাজখনত অনুষ্ঠিত হবলগীয়া এই কাৰ্যসূচীত ৰাজ্যৰ ১২ খন জিলাৰ ২৫ গৰাকী শিক্ষার্থীৰে মত-বিনিময় কৰিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানৰ বাবে ২৫ গৰাকী শিক্ষার্থীক ইতিমধ্যে বাছনি কৰা হৈছে আৰু তেওঁলোকে প্রধানমন্ত্ৰীৰ সৈতে কেনেধৰণে বাৰ্তালাপ কৰিব সেই বিষয়ে প্রশিক্ষণ দি থকা হৈছে।  
 
শিক্ষা বিভাগে সমগ্র শিক্ষা অসমৰ জৰিয়তে ইয়াৰ কাৰ্যালয়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ যিসকল শিক্ষার্থীক প্ৰধানমন্ত্ৰী সৈতে মত-বিনিময় কৰিবলৈ বাছনি কৰা হৈছে, সেইসকল ক্ৰমে কামৰূপ (মহানগৰ) জিলাৰ ক্ৰমে ৰয়েল গ্ল'বেল স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ ৱিহান উপাধ্যায়, ডনবস্ক' স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী অনহিতা সিং, উত্তৰ গুৱাহাটী ছোৱালী বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী অর্পিতা দাস, অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্রী নিষ্ঠা বৰগোহাঁই, শংকৰদেৱ বিদ্যা নিকেতন বিষ্ণুপথৰ নৱম শ্ৰেণীৰ ছাত্ৰী শুভ্রজিতা বর্মন, খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী ত্রিদিশা মালাকাৰ আৰু মালিগাঁও কেন্দ্রীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ অভিনীৎ বৰুৱা। 
 
মৰিগাঁও জিলাৰ তিনিজন মৈৰাবাৰীৰ পি পি এমশ্রী আদর্শ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী কৃষ্টিজিনা বৰা, নৱোদয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ নঈম মাছুদ আৰু পি এমশ্রী মালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী জেনিফা আহমেদ। কামৰূপ জিলাৰ তিনি শিক্ষার্থী ক্রমে দকুছি আদর্শ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী আশীতা শর্মা, ৰাজ্যিক নৱোদয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ছফিউৰ ৰহমান আৰু দমদমাৰ পি এমশ্রী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ৰঞ্জন কলিতা। ডিব্ৰুগড় জিলাৰ তিনি শিক্ষার্থী ক্রমে মৰাণৰ বাল্য বিকাশ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ তন্ময় চুতীয়া, মাইজান চাহ বাগিচা আদর্শ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী পল্লৱী কৰ্মকাৰ আৰু দিৰিয়াল চাহ বাগিচা আদর্শ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ বিকাশ ভূমিজ। 
 
কাছাৰ জিলাৰ শিলচৰৰ সৰস্বতী বিদ্যা নিকেতনৰ দশম শ্ৰেণীৰ ছাত্রী দেৱাঞ্জলি ভট্টাচাৰ্য আৰু নৰসিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ পীযূষ দেৱনাথ। শ্রীভূমি জিলাৰ বি ভি পি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী আনন্দিতা মিশ্র। বাক্সা জিলাৰ শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ অমিত দৈমাৰী, ডিমা হাচাও জিলাৰ হাফলং চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ থাই ছিংদেউ থাওছেন, কোকৰাঝাৰ জিলাৰ পাৰ্চাবজিৰ কে জি বি ভিৰ নৱম শ্ৰেণীৰ ছাত্ৰী জ্যোৎস্না বসুমতাৰী, গোলাঘাট জিলাৰ গোলক বৰবৰা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী দিশা মির্ধা, কাৰ্বি আংলং জিলাৰ পি এমশ্রী জেং ৰংপি ইংলিছ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী ক্রিস্টিনা বেপি আৰু নলবাৰী জিলাৰ গৰ্ডন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী দৃষ্টি গোস্বামী আছে। 
 
ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে এই সন্দর্ভত কয় যে, ২১ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'বলগা এই অনুষ্ঠান ব্ৰহ্মপুত্ৰৰ বুকুত 'চৰাইদেউ' নামৰ জাহাজখনত অনুষ্ঠিত হ'ব। সেই সময়ত জাহাজখন নদীৰ বুকুত যাত্রা কৰি থাকিব আৰু তাৰ মাজতে প্রধানমন্ত্রীয়ে শিক্ষার্থীসকলৰ সৈতে মত-বিনিময় কৰিব। এই অনুষ্ঠান ৩০ৰ পৰা ৪০ মিনিটলৈকে চলিব।