অসম আন্দোলনৰ শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনোৱা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
গুৱাহাটী
ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকলৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনোৱা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম Xত পোষ্টৰ জৰিয়তে এই স্মাৰক ক্ষেত্ৰক ত্যাগ আৰু সাহসৰ প্ৰতীক বুলি অভিহিত কৰিছে। তেওঁ উল্লেখ কৰে যে ছবছৰীয়া আন্দোলনৰ সময়ত প্ৰাণ আহুতি দিয়া “বীৰ শ্বহীদ”সকলক সন্মান জনোৱাৰ উদ্দেশ্যে দেওবাৰে প্ৰধানমন্ত্ৰীয়ে সেই স্থানত উপস্থিত হ’ব। এই ভ্ৰমণৰ পূৰ্বে এজন শ্বহীদ পৰিয়ালৰ সদস্যৰ অনুভৱো শ্বেয়াৰ কৰে মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে ২০ আৰু ২১ ডিচেম্বৰত অসমত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীয়ে ২১ ডিচেম্বৰৰ পুৱা প্ৰায় ৯:৪৫ বজাত গুৱাহাটীৰ বৰাগাঁৱত অৱস্থিত হৈ শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।
মুখ্যমন্ত্ৰীয়ে পোষ্টটোত মৰিগাঁও জিলাৰ ধৰমতুলৰ অসম আন্দোলনৰ শ্বহীদ বেদেলা বৰদলৈৰ পৰিয়ালৰ এজন সদস্যৰ ভিডিঅ’ বাৰ্তা সন্নিবিষ্ট কৰা হয়। ভিডিঅ’টোত পৰিয়ালৰ সদস্যজনে শ্বহীদসকলৰ ত্যাগক স্বীকৃতি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী আৰু বিজেপি নেতৃত্বাধীন চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ প্ৰতিগৰাকী শ্বহীদৰ পৰিয়ালে ৫ লাখ টকাৰ আৰ্থিক সাহায্য লাভ কৰাৰ কথা উল্লেখ কৰি আন্দোলনৰ উত্তৰাধিকাৰীক ৰক্ষাৰ বাবে বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ স্থাপন কৰাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনৰ ২.৪৫ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব বিমানবন্দৰৰ নতুন টাৰ্মিনেল। প্ৰায় ১৫ মিনিট সময় নতুন টাৰ্মিনেলটো পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব ৰাজহুৱা সভা। নতুন টাৰ্মিনেলত উন্মোচন কৰিব অসমৰ প্রথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ ৮০ফুট উচ্চতাৰ প্ৰতিমূৰ্তি।
ইয়াৰ পিছত বাজপেয়ী ভৱনলৈ বিশাল ৰোডশ্ব’ৰে আদৰিব নিয়া হ’ব প্ৰধানমন্ত্ৰীগৰাকীক। দলীয় কাৰ্যকৰ্তাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কৰিব মত-বিনিময়। ৰাজ্যিক অতিথিশালাত নিশাটো কটাব প্ৰধানমন্ত্ৰী মোদীয়ে। ২১ ডিচেম্বৰ, দেওবাৰে পুৱা ৮ বজাত মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’ শীৰ্ষক বিশেষ অনুষ্ঠানটো অনুষ্ঠিত হ’ব। তাৰ পৰা বৰাগাঁৱৰ শ্বহীদ স্মাৰকলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী।
শ্বহীদ স্মাৰকত অসম আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰপাছতে ডিব্ৰুগড়লৈ ৰাওনা হ’ব প্রধানমন্ত্ৰীগৰাকী। ডিব্ৰুগড়ৰ পৰা নামৰূপত উপস্থিত হ’বগৈ দিনৰ ১২ বজাত। নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে। নামৰূপৰ পৰা পুনৰ ডিব্ৰুগড়লৈ উভতি দিল্লীলৈ উৰা মাৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
ইপিনে, প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আগমনক লৈ মহানগৰী গুৱাহাটীত দিয়া হৈছে পথ নিৰ্দেশনা। বিশেষ পথ নিৰ্দেশনা নাথাকিলেও কিছু কিছু পথ এৰাই চলিবলৈ আহ্বান জনাইছে প্ৰশাসনে। পাণবজাৰ, ফাঁচীবজাৰত যান–জঁটৰ প্রতি লক্ষ্য ৰাখি উক্ত পথ এৰি চলাৰ আহ্বান জনোৱা হৈছে। লখৰা, বৰগাঁও অঞ্চলৰ পথ, River Frontৰ পথ এৰাই চলাৰ আহ্বান জনোৱা হৈছে। উক্ত সময়ছোৱাত মহানগৰীত নিষিদ্ধ কৰা হৈছে গধুৰ বাহনৰ চলাচল।