বিদুষী গৌৰ
লক্ষ্ণৌৰ লৰেটো কনভেণ্ট ইণ্টাৰমিডিয়েট কলেজ মোৰ বাবে কেৱল এখন স্কুল নাছিল। তাতেই মই প্ৰথমে শিকিছিলোঁ যে, ভাৰতে মতানৈক্যবোৰক বিভাজনলৈ পৰিণত নকৰাকৈ কিমান সুন্দৰভাৱে গ্ৰহণ কৰিব পাৰে।
এটা স্মৃতি বিশেষকৈ অতি উষ্ণ, ৰঙীন আৰু কোমল হৈ সদায়ে মোৰ মনত থাকে। সেইয়া হৈছে মোৰ ইংৰাজী শিক্ষয়িত্ৰী মিচেছ ইয়াছমিনৰ কথা। তেওঁ মোক ব্যাকৰণ, বুজাবুজি বা শ্বেক্সপীয়েৰতকৈ বহু বেছি শিকাইছিল।
Unforgettable Experiences
তেওঁ মোক বহুত ডাঙৰ কিবা এটা শিকাইছিল, যিটো সেই বয়সত প্ৰকাশ কৰাৰ বাবে মোৰ শব্দৰ অভাৱ আছিল। যাক আজি মই সমন্বয় বুলি বুজি পাইছো। লৰেটো কনভেণ্ট এখন কেথলিক স্কুল আছিল। আমাৰ ৰাতিপুৱাৰ সভাবোৰত একেলগে গীত গোৱা হৈছিল। দেৱালত ওলমি আছিল মাদাৰ মেৰীৰ ছবি। শিক্ষকসকলে বিদ্যালয়খন এনে অনুশাসনেৰে চলাইছিল, যিয়ে যত্ন আৰু মৰম অনুভৱ কৰিছিল।
সেই সময়ত প্ৰতিটো ধৰ্ম ক্ৰমে হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ আদিৰ ছোৱালীয়ে একত্ৰিত হৈ একে কণ্ঠৰে প্ৰাৰ্থনা কৰাটো স্বাভাৱিক যেন লাগিছিল। আমাৰ বাবে সেয়া আছিল দৈনন্দিন জীৱন, তথাপিও ই আছিল অতি বিশেষ কিবা এটা।
মই সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে মিচেছ ইয়াছমিন মোৰ জীৱনলৈ আহিছিল। তেওঁ ওখ আৰু ৰূপৱতী হোৱাৰ লগতে বিৰক্তিকৰ যেন লগা কবিতা এটাও আকৰ্ষণীয় যেন লগাব পৰা কণ্ঠৰ অধিকাৰী আছিল। তেওঁ মুছলমান ধৰ্মালম্বীৰ আছিল, আৰু স্কুলৰ সকলোৱে গম পাইছিল তেওঁৰ বিয়া কেতিয়া কাৰণ কেইবা সপ্তাহ ধৰি ষ্টাফৰুমটো অভিনন্দনেৰে ভৰি আছিল।
তেওঁৰ ধুনীয়া ওৰণি লৈ আৰু হাতত মেহেন্দি লগাই মুছলমানৰ পৰম্পৰাগত পদ্ধতিৰে নিকাহ হৈছিল। আমি তেওঁৰৰ বিয়াৰ ফটোবোৰ দেখিছিলোঁ আৰু লক্ষ্ণৌৰ প্ৰকৃত কইনাৰ দৰে তেওঁক মাৰ্জিত আৰু উজ্জ্বল দেখা গৈছিল। কিন্তু মোৰ মনত যিটো থাকি গ’ল, সেয়া হ’ল তেওঁৰ বিয়াৰ পিছত কি হৈছিল।
বিয়াৰ বন্ধৰ এসপ্তাহ পিছত তেওঁ স্কুললৈ আহিছিল। মই দ্বিতীয় শাৰীত বহি ডেস্কৰ তলত ভৰি দুখন দোলা দি আছিলো, তেতিয়া তেওঁ শ্ৰেণীকোঠাত সোমাই আহিছিল। সেই সময়ত মই তেওঁৰ শিৰত উজ্জ্বল ৰঙা ৰঙৰ সেন্দুৰ প্ৰত্যক্ষ কৰিছিলোঁ। তেওঁ হাতৰ আঁচলৰ তলত ৰঙা আৰু বগা খাৰু পিন্ধি আছিল, আৰু কুৰ্তাৰ ওপৰত মংগলসূত্ৰ জিলিকি আছিল।
শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ সৈতে খাৰু, সিন্দুৰ আৰু মংগলসূত্ৰ পিন্ধা এগৰাকী মুছলমান ইংৰাজী শিক্ষয়িত্ৰী
গোটেই ক্লাছটো যেন একে মুহূৰ্ততে আচৰিত হৈ পৰিছিল। আমি সৰু আছিলো, কিন্তু আমি অনুভৱ কৰিছিলো যে, কিবা এটা অস্বাভাৱিক ঘটনা ঘটিছে। এজন সাহসী ছাত্ৰই কোমল মাতেৰে তেওঁক সুধিছিল, "মেম... আপুনি... পিন্ধিছে...?"
মিচেছ ইয়াছমিনে উষ্ম হাঁহি এটা মাৰি তেওঁৰ মংগলসূত্ৰডাল চুইছিল। তেওঁ কৈছিল, “হয়। এইবোৰ পিন্ধিছিলো কাৰণ মই হিন্দু কইনাক ধুনীয়া বুলি ভাবো। এই ৰংবোৰ আৰু সুখবোৰ মোৰ বৰ ভাল লাগে।" তেওঁৰ মাতত কোনো ক্ষমা বিচৰা বা দ্বিধাবোধ নাছিল, মাথোঁ আছিল মৰম। সেইদিনা তেওঁ আমাক জুলিয়েটৰ বেলকনিৰ ঘটনাটো শিকাইছিল, যদিও আচল পাঠটো আছিল বেলেগ।
পৰিয়ালৰ পৰম্পৰাক সন্মান জনাই তেওঁ মুছলমান ৰীতি-নীতি অনুসৰি বিয়া হৈছিল। একে সময়তে তেওঁ আন ধৰ্মৰ পৰা প্ৰশংসা কৰা বস্তু পিন্ধিবলৈ বাছি লৈছিল। তেওঁ কাকো প্ৰত্যাহ্বান জনাবলৈ নহয়, কেৱল প্ৰেমৰ বাবেহে এনে কৰিছিল। তেওঁৰ সেই সৰলতা আৰু সাহসে মোৰ মনত গভীৰ ছাপ পেলাইছিল।
কেথলিক স্কুল এখনত এগৰাকী মুছলমান মহিলাই হিন্দু কইনাৰ দৰে সাজ-পোছাক পিন্ধিছিল, আৰু কোনেও তেওঁক প্ৰশ্ন কৰা নাছিল। স্কুলখন চলোৱা লৰেটো চিষ্টাৰসকলেও আপত্তি কৰা নাছিল। শিক্ষকসকলে বিচাৰ কৰা নাছিল। ছাত্ৰ-ছাত্ৰীসকলে স্বাভাৱিকতে মানি লৈছিল। মনত আছে, কৰিড’ৰত চিষ্টাৰ এন্নে তেওঁক চাই হাঁহি হাঁহি কৈছিল, "আপোনাক দেখাত মৰম লগা হৈছে।”
মিচেছ ইয়াছমিনে প্ৰতিদিনে এই কইনা প্ৰতীকবোৰ পিন্ধা নাছিল। তেওঁৰ যেতিয়া মন গৈছিল তেতিয়াহে পিন্ধিছিল। কিছুদিন পিছত তেওঁ সাধাৰণ সাজ-পোছাক পিন্ধিবলৈ লৈছিল। আন দিনত তেওঁ আমাক পাঠদান কৰোৱাৰ সময়ত মসৃণ শব্দ কৰা ৰঙা ৰঙৰ খাৰু আৰু কপালত সৰু ফোট এটাহে পিন্ধিছিল।
মোৰ বাবে এইবোৰ কেৱল অলংকাৰ নাছিল। স্বাধীনতা আৰু প্ৰশংসাৰ প্ৰতীক হৈ পৰিছিল। এবাৰ সাহস গোটাই মই তেওঁক সুধিছিলোঁ, “মেম, কাৰো আপত্তি নাই নেকি?” তেওঁ হাঁহি হাঁহি উত্তৰ দিছিল, “অন্তৰত প্ৰেম কম থাকিলেহে মানুহে মন কৰে। অন্তৰত প্ৰেম বেছি হ’লে সকলো বস্তুৰ বাবে ঠাই থাকে।" সেই উত্তৰে মোৰ ভিতৰৰ কিবা এটা সলনি কৰি দিছিল।
এগৰাকী মুছলমান কইনাৰ
বছৰ বছৰ পিছত যেতিয়া মই ধৰ্ম, কাপোৰ বা মহিলাসকলে কি পিন্ধিব লাগে সেইবোৰক লৈ হোৱা বিতৰ্কৰ কথা পঢ়ো, তেতিয়া তেওঁৰ প্ৰতিচ্ছবিখন সদায় মোৰ মনত পৰে। হাতত চক লৈ ক্লাছত থিয় হৈ, হাতত ৰঙা ৰঙৰ খাৰু পিন্ধি, নিজকে লৈ সম্পূৰ্ণ আৰামদায়ক এগৰাকী মহিলা। তেওঁ মোক দেখুৱাই দিছিল যে, পৰিচয় কেতিয়াও দুৰ্বল নহয়। বা আন এটা সংস্কৃতিক লগ পালে ই ভাঙি নাযায় বৰং ই শক্তিশালীহে হৈ পৰে।
লৰেটো কনভেণ্টে মোক ইংৰাজী, গণিত, বিজ্ঞান, অনুশাসন আদি বিষয় শিকাইছিল। কিন্তু মিচেছ ইয়াছমিনে মোক শিকাইছিল যে, পৰিচয়বোৰ কেনেকৈ সুন্দৰকৈ একেলগে থাকিব পাৰে। তেওঁ মোক দেখুৱাই দিছিল যে, ধৰ্মবোৰৰ সংঘৰ্ষ সৃষ্টি নকৰে, মানুহে সংঘৰ্ষৰ সৃষ্টি কৰে।
কেতিয়াবা এজন ব্যক্তিয়ে আমাক দেখুৱাব পাৰে যে, পৃথিৱীখন কিমান শান্তিপূৰ্ণভাৱে একত্ৰিত হৈ থাকিব পাৰে। কোৰাণৰ আয়াতৰ কাষত কেনেকৈ সেন্দুৰ থাকিব পাৰে। ৰাতিপুৱাৰ বতাহ প্ৰাৰ্থনাৰে ভৰি থকা স্কুল এখনত কেনেকৈ হাতৰ খাৰু জিলিকি উঠিব পাৰে। আজিও কোনোবাই যদি মোক সাম্প্ৰদায়িক সম্প্ৰীতি কেনেকুৱা বুলি সোধে, মই তেওঁক কিতাপ বা ভাষণৰ উদ্ধৃতি নিদিওঁ।
মোৰ কেৱল মনত পৰে মোৰ ইংৰাজী শিক্ষয়িত্ৰী, কেথলিক স্কুলৰ এগৰাকী মুছলমান মহিলা, হিন্দু কইনাৰ প্ৰতীক পিন্ধি, আত্মবিশ্বাসেৰে থিয় হৈ হাঁহি হাঁহি আমাক কেৱল সাহিত্যই নহয়, সকলোতকৈ সুন্দৰ পাঠটো শিকাইছিল। যিটো পাঠ আছিল সহাৱস্থানৰ সৌন্দৰ্য্যতা ।