ক্ৰিকেটে মোক জাতি-ধৰ্মৰ ঊৰ্ধত ভাৰতীয়ত্বৰ পাঠ শিকাইছিল

Story by  atv | Posted by  [email protected] • 2 h ago
AIৰ দ্বাৰা নিৰ্মিত মধুপুৰত ক্ৰিকেট খেলি থকা যুৱকৰ ছবি
AIৰ দ্বাৰা নিৰ্মিত মধুপুৰত ক্ৰিকেট খেলি থকা যুৱকৰ ছবি
 
 মঞ্জিত ঠাকুৰ

আমাৰ দেশত ক্ৰিকেট এনে এবিধ খেল, যাৰ বিষয়ে প্ৰতিটো চুকে-কোণে, প্ৰায় প্ৰতিটো আলাপ-আলোচনাত এবাৰ হ'লেও চৰ্চা কৰা হয়। কিন্তু মোৰ বাবে ক্ৰিকেট শৈশৱ আৰু যৌৱনৰ খেলৰ লগতে মোৰ জীৱনত সম্প্ৰদায় আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ বীজ হিচাপেও চিহ্নিত হৈছে। লগতে জীৱনত ক্ৰিকেটৰ সৈতে জড়িত এটা অভিযানে ধৰ্ম আৰু জাতিৰ ভেদা-ভেদৰ ঊৰ্ধত ক্ৰীড়াৰ মনোভাৱ (আৰু ৰাষ্ট্ৰৰ ভৱিষ্যত)ক আগত ৰাখিবলৈও মোক শিকাইছে।   
 
এয়া সেই সময়ৰ কথা, যেতিয়া দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা দি মই মোৰ গৃহ চহৰ মধুপুৰলৈ উভতি আহিছিলো। মধুপুৰ ঝাৰখণ্ডৰ অলস যেন লগা এখন সৰু চহৰ। মালগুৰি চহৰৰ দৰে মোৰ মধুপুৰো তাৰ মনোভাৱ আৰু আচৰণত অলসতো হয়েই, কিন্তু ইয়াত সাংস্কৃতিক কাৰ্যকলাপ জীপাল হৈয়েই আছে আৰু ক্ৰিকেট-ফুটবল খেলো অতি জনপ্ৰিয়। বিশেষকৈ বংগৰ ওচৰত থকাৰ বাবে ফুটবল ইমানেই জনপ্ৰিয় যে, স্থানীয় ক্লাবৰ খেল মানুহে টিকট কাটি চাইছিল।
 
Unforgettable Experiences 
 
যি কি নহওঁক, মোৰ  জ্যেষ্ঠ ভাতৃ মংগল ঠাকুৰে চৰকাৰী চাকৰিত যোগদান কৰাৰ আগলৈকে জিলা পৰ্যায়লৈকে ভাল ক্ৰিকেট খেলিছিল আৰু মাজু ভাতৃ ৰতন ঠাকুৰেও উচ্চ শিক্ষাৰ বাবে চহৰ এৰাৰ আগলৈকে ক্লাব পৰ্যায়ৰ ক্ৰিকেট খেলিছিল আৰু পিছত তেওঁ নিজৰ বিশ্ববিদ্যালয়ৰ দলৰ হৈ খেলিছিল।  
 
গতিকে, ক্ৰিকেটৰ এই গুণ শৈশৱৰ পৰাই উত্তৰাধিকাৰী সূত্ৰে মই পাইছিলো আৰু কিছু পৰিমাণে ক্ৰিকেট খেলিছিলো। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ পিছত মই মুক্তভাৱে পুৱা, দুপৰীয়া, গধূলি ক্ৰিকেট খেলিছিলো। 
 
সেই সময়ত মধুপুৰত এটা ভাল ক্ৰিকেট ক্লাব আছিল (নাম উল্লেখ কৰি বিব্ৰত নকৰো), সেই ক্লাবত মধুপুৰৰ সকলো ডাঙৰ ক্ৰিকেটাৰ জড়িত আছিল। মধুপুৰৰ মোৰ চুবুৰীৰ কাষৰীয়া এলেকাৰ আধা অংশত অনুসূচীত জাতি আৰু দলিতসকলৰ বসতি আছিল আৰু এক ফালংমান দূৰত্বত মুছলমানসকলৰ বসতি আছিল, য'ৰ অধিকাংশই আছিল পাছমাণ্ডা মুছলমান। বেছিভাগেই আছিল বস্ত্ৰ ব্যৱসায়ী বা শিপিনী, যিসকলে হস্ততাঁত শেষ হোৱাৰ পিছত দৰ্জীৰ কাম আৰম্ভ কৰিছিল আৰু তেওঁলোকে কলকাতাৰ ব্যৱসায়ীসকলৰ বাবে সৰহ পৰিমানে ৰেডিমেড কাপোৰ চিলাই কৰিছিল।    
 
সেয়ে অঞ্চলটোৰ আমাৰ দৰে দুই-চাৰিজন উৎসাহী ক্ৰিকেট খেলুৱৈয়ে সেই ক্লাবত খেলিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল আৰু তেওঁলোকৰ খেলপথাৰলৈ গৈছিল। মোৰ লগত যোৱা ক্ৰিকেট খেলুৱৈসকলৰ ভিতৰত হয়তো তিনিজন দলিত আৰু চাৰি বা পাঁচজন মুছলমান ব্যক্তি আছিল।
 
যি কি নহওঁক, ক্লাবটোৰ বেছিভাগ লোক আছিল বঙালী ভাষী, কিন্তু বৃহৎ সংখ্যক উচ্চবৰ্ণৰ হিন্দু আৰু আশ্ৰাফ মুছলমান আছিল। তেওঁলোকে মোক খেলিবলৈ অনুমতি দিছিল, কিন্তু মোৰ সতীৰ্থসকলক অপমান কৰি কয়, "আমাৰ সৈতে খেলিবলৈ বিচাৰিলেও, এই 'চেথ্ৰী’সকলক আমি খেলিবলৈ দিব নোৱাৰো।" 
 
মধুপুৰৰ যুৱ ক্ৰিকেটাৰসকলৰ সৈতে বাৰ্তালাপ কৰিছে লেখকৰ জ্যেষ্ঠ ভাতৃয়ে(AIৰ দ্বাৰা নিৰ্মিত চিত্ৰ)
 
সেই সময়ত মই বুজি পোৱা নাছিলো যে, যদি মই খেলিব পাৰো, তেন্তে মোৰ লগৰবোৰে কিয় খেলিব নোৱাৰে, যিসকলৰ সৈতে মই হোলী আৰু ঈদ উদযাপন কৰি আহিছো। যিয়েই নহওঁক, মোৰ লগৰবোৰক যদি খেলিবলৈ নিদিয়েই, তেন্তে মই এই অচিনাকি ভাইসকলৰ সৈতে কিয় খেলিম? আমি দুখী মনেৰে উভতি আহিছিলো। 
 
সন্ধিয়া প্ৰায় পাঁচ বজাত যেতিয়া মোৰ জ্যেষ্ঠ ভাতৃ অফিচৰ পৰা উভতি আহিছিল, তেতিয়া তেওঁ আমাক  পথত এনেদৰে থিয় হৈ কথা পাতি থকা দেখি সুধিলে যে, আজি আমি খেলিবলৈ কিয় নগ’লো। আমি সকলো কথা তেওঁক বিবৰি ক’লো। তেওঁ আচৰিত হৈ প্ৰশ্ন কৰিছিল, "তোমালোকক কি 'চেথ্ৰী’ বুলি কৈছে?" এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে, মধুপুৰত স্থানীয়ভাৱে হৰিজন-দলিত আৰু পাছমাণ্ডা মুছলমানসকলক চেথ্ৰী (দৰিদ্ৰ ফটা-চিটা কাপোৰ পিন্ধা লোক) বুলি কোৱা হৈছিল।
 
সেইদিনা সন্ধিয়া মোৰ জ্যেষ্ঠ ভাতৃয়ে এই ল’ৰাবোৰৰ বাবে এটা নতুন ক্ৰিকেট দল গঠন কৰাৰ সিদ্ধান্ত লয়। সম্পদৰ অভাৱ আছিল। আমাৰ চুবুৰীত এখন বালিকা বিদ্যালয় আছে, তাৰ পিছফালে এটা বৃহৎ চৌহদ আছে, কমেও সাত-আঠ হেক্টৰ ভূমিৰ। আঞ্চিদেৱী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পিছফালৰ চৌহদত যথেষ্ট সংখ্যক লতা, গোলাপ, চেগুন, আম, কঁঠাল, চম্পা, প্লাম গছ আছিল। আমি সকলোৱে প্ৰথমতে পিটচ প্ৰস্তুত কৰিছিলো। আমাৰ চুবুৰীৰ ছোৱালী স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী হাছি ৰাশি বসুৰ পৰা ভাতৃয়ে খেলাৰ অনুমতি লৈ আহিছিল।
 
তাৰপাছত এক অনন্য সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই দলটোৰ নাম প্ৰথমে 'চেথ্ৰী ক্লাব' ৰখা হৈছিল। অৱশ্যে, পিছত ক্লাবটোৰ নাম নেচনেল ৰাইজিং ক্লাব ৰখা হয়, যদিও সেই চেথ্ৰী ক্লাব নামেৰেই বিখ্যাত হৈ পৰিছিল। দ্বিতীয়টো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু শিক্ষা এয়াই আছিল যে, আমি সকলোৱে সামাজিক জীৱনত খেলপথাৰৰ সৈতে একতা বজাই ৰখাৰ শপত লৈছিলো।
 
ক্ৰিকেট খেলি থকাৰ মুহূৰ্তত মধুপুৰৰ যুৱকসকল(AIৰ দ্বাৰা নিৰ্মিত চিত্ৰ)
 
আমাৰ দলত এজন গুৰুত্বপূৰ্ণ বেটছমেন আছিল, তেওঁ বেটিঙৰ বাবে বিখ্যাত আছিল, আমি তেওঁৰ নাম জয়সূৰ্য ৰাখিছিলো। দলটোৰ উইকেট কীপাৰক পাকিস্তানী ক্ৰিকেটাৰ মঈন খানৰ নামেৰে 'মঈন’ বুলি সম্বোধন কৰিছিলো। বাঁওহতীয়া বেটছমেনক ছাইদ আনৱাৰ, বেগী বলাৰসকল শ্ৰীনাথ, প্ৰসাদ (ভেংকটেছ প্ৰসাদৰ নামেৰে), আন এজন স্পিনাৰ আছিল, যাক আমি ৰাজু (ভেংকটপতি ৰাজু নামেৰে) বুলি কৈছিলো, কাৰণ আমি প্ৰেকটিচ কৰোঁতে তেওঁৰ বলত বহুত কোবাইছিলো আৰু তেওঁৰ বলবোৰ অতি লেহেমীয়াকৈ বাউন্সিং হৈছিল।
 
একেদৰে আমাৰ দলটোত গাংগুলী, টেণ্ডুলকাৰৰ লগতে বহু পাকিস্তানী খেলুৱৈৰ নামো আছিল। ইয়াৰ এটা বিশেষত্ব আছিল যে মুছলমান খেলুৱৈৰ নাম যিমান আছিল, সেইবোৰ ক্লাবৰ হিন্দু খেলুৱৈক দিয়া হৈছিল আৰু বেছিভাগ মুছলমান খেলুৱৈক হিন্দু ক্ৰিকেটাৰসকলৰ নামেৰে সম্বোধন কৰা হৈছিল। এই ক্লাবে আমাক অকল ক্ৰিকেটৰ মনোৰঞ্জন দিয়াই নহয়, বৰং জীৱনৰ শিক্ষা দিছিল যে, খেলৰ উদ্দেশ্য জাতি, ধৰ্মৰ ভিত্তিত মানুহক পৃথক কৰা নহয়, খেলৰ উদ্দেশ্য সকলোকে একত্ৰিত কৰা।
 
আমাৰ দলত এজন মুছলমান খেলুৱৈ, যি বেগী বলাৰ আৰু কাকতালীয়ভাৱে এজন ভাল বেটছমেনো আছিল। আমাৰ দলত বলিং আৰু বেটিং দুয়োটা দিশতে তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল, আমি তেওঁক ইমৰান বুলি মাতিছিলো। এইটোৱেই আছিল একমাত্ৰ ব্যতিক্ৰম। কিন্তু ঈদৰ দিনা আমি তেওঁৰ ঘৰলৈ গৈ ছেৱাই খোৱাটো আমাৰ বাবে নিয়মীয়া ঘটনা আছিল। ঈদ-উল-জোহাত আমি তেওঁৰ ঘৰত বিৰিয়ানী খাইছিলো আৰু জীৱনত প্ৰথমবাৰৰ বাবে বিৰিয়ানীৰ সোৱাদ তেওঁৰ ঘৰতে লৈছিলো। হোলীত সকলোৰে ঠিকনা আছিল মোৰ ঘৰখন, য'ত মোৰ মায়ে হাতেৰে বনাই দিয়া তেতেলীৰ মিঠা চাটনি আৰু মালপোৱাৰ লগতে কেঁচা কঁঠালৰ ব্যঞ্জনৰ বাবে গোটেই দলটো একপ্ৰকাৰ পাগলৰ দৰে আছিল।
 
এই দলটোত মোৰ ভূমিকা কি আছিল সেই কথা উল্লেখ কৰাটো অতি জৰুৰী। ময়ো দ্ৰুতবেগী বলাৰ আছিলো আৰু খেলত দ্বিতীয় অভাৰত বলিং কৰিছিলো। (কিয়নো প্ৰথম অভাৰত ইমৰান খানে বলিং কৰিছিল) 
 
কিন্তু দলত মোক কি নামেৰে মতা হৈছিল, এই কথা মোক নুসুধিব!