গুৱাহাটী
জনপ্ৰিয় মানুহ এজন ভাল নহ’বও পাৰে আৰু এজন ভাল মানুহ জনপ্ৰিয় নহ’বও পাৰে। ঠিক তেনেদৰে এখন ভাল কিতাপ জনপ্ৰিয় হ’ব পাৰে, কিন্তু আদৰণীয় নহ’ব পাৰে। এখন আদৰণীয় কিতাপ, কিন্তু সেই কিতাপখনক মানুহে ভাল নাপাবও পাৰে।- এই মন্তব্য জ্যেষ্ঠ সাংবাদিক, গীতিকাৰ, লেখক গৌতম শৰ্মাৰ।
অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সেৱাত উৎসৰ্গিত বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন 'স্পন্দন... শব্দৰ পৰা হৃদয়লৈ'ৰ বিশেষ বঁটা প্ৰদান অনুষ্ঠানত দেওবাৰে উপস্থিত থাকি তেওঁ এইদৰে মন্তব্য কৰে৷ গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ এলমনাই ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ সাহিত্যৰ পৰা সংস্কৃতিলৈ, সাম্প্ৰতিক সময়ৰ কেবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোকপাত কৰে৷ জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে স্পন্দনে সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত হাতত লোৱা পদক্ষেপৰ শলাগ লোৱাৰ লগতে বঁটা প্ৰাপকসকলক অভিনন্দন জ্ঞাপন কৰে৷
বঁটা প্ৰদান অনুষ্ঠানৰ দৃশ্য
উল্লেখ্য যে স্পন্দনে প্ৰতি বছৰে আয়োজন কৰি আহিছে এলানি সাহিত্য প্ৰতিযোগিতা। ইয়াৰ লগতে অনুষ্ঠানটিয়ে প্ৰতি বছৰে সাহিত্য-সংস্কৃতিলৈ বিশেষ বৰঙনি আগবঢ়োৱা একোগৰাকী ব্যক্তিক প্ৰদান কৰি আহিছে বিশেষ বঁটা। এই বঁটাসমূহ প্ৰদান কৰাৰ বাবে কটন বিশ্ববিদ্যালয়ৰ এলমনাই ভৱনত দেওবাৰে অনুষ্ঠিত কৰা হয় 'স্পন্দন বঁটা প্ৰদান অনুষ্ঠান ২০২৫'। এই অনুষ্ঠানত লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা-২০২৫, দ্বিজেন নাথ গৱেষণা বঁটা-২০২৫, গোলাপ চন্দ্ৰ বৰা সাহিত্য বঁটা-২০২৫ আৰু লক্ষেশ্বৰ হাজৰিকা যুৱ-অনুপ্ৰেৰণা বঁটা-২০২৫ প্ৰদান কৰা হয়।
এই অনুসৰি 'লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা-২০২৫' যুৱ কবি মিণ্টুল হাজৰিকাক প্ৰদান কৰা হয়। ৪০ টা অপ্ৰকাশিত কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ বাবে আগবঢ়োৱা এই বঁটাত আছে অংগবস্ত্ৰ, এটা স্মাৰক, মানপত্ৰ, নগদ ধন ১৫ হাজাৰ টকা আৰু কিতাপৰ টোপোলা। ‘মেঘৰ মুঠি খোলা’ পাণ্ডুলিপিৰ বাবে এইবেলি মিণ্টুললৈ আগবঢ়োৱা হয় এই বঁটা৷ আনহাতে, 'যাত্ৰা, যাত্ৰাৰ নাট আৰু ভ্ৰাম্যমাণ থিয়েটাৰ' শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে অবন্তিকা পৰাশৰক প্ৰদান কৰা হয় 'দ্বিজেন নাথ গৱেষণা গ্ৰন্থ বঁটা৷ এই বঁটাত আছে এটা স্মাৰক, মানপত্ৰ, নগদ ধন ৩৫ হাজাৰ টকা আৰু ফুলাম গামোচা।
অবন্তিকা পৰাশৰৰ হৈ এই বঁটা গ্ৰহণ কৰে তেওঁৰ পিতৃ-মাতৃয়ে৷ এই অনুষ্ঠানতে কলচুম বিবিক ‘ছিন্নমূল’ শীৰ্ষক উপন্যাসৰ বাবে ২০২৫ বৰ্ষৰ 'গোলাপ চন্দ্ৰ বৰা সাহিত্য বঁটা' প্ৰদান কৰা হয়। এই বঁটাত আছে মানপত্ৰ, স্মাৰক, কিতাপৰ টোপোলা, ফুলাম গামোচা আৰু নগদ ধন ১৫ হাজাৰ টকা। আনহাতে, চন্দ্ৰমণি গগৈক প্ৰদান কৰা হয় লক্ষেশ্বৰ হাজৰিকা যুৱ-অনুপ্ৰেৰণা বঁটা৷ এই বঁটাত আছে অংগবস্ত্ৰ, মানপত্ৰ, ৰূপৰ পদক আৰু নগদ ধন ১০ হাজাৰ টকা। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক-লেখক গৌতম শৰ্মাৰ উপৰি বিশিষ্ট সাহিত্যিক, অনুবাদক পৰী হিলৈদাৰী, ‘কটন কলেজ’ৰ স্ৰষ্টা, প্ৰকাশক, বিশিষ্ট সাহিত্যক নৱীন বৰুৱা, বিশিষ্ট কবি নীলিম কুমাৰ, সাহিত্যক-অনুবাদক বিপুল দেউৰী উপস্থিত থাকে৷
স্পন্দনৰ সভাপতি ময়ূৰী দত্তই আঁত ধৰা অনুষ্ঠানটিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক দেবব্ৰত বৰাই। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিগত দিনত অকালতে হেৰাই যোৱা সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনৰ জ্ঞাত-অজ্ঞাত লোকসকলৰ আত্মাৰ শান্তি কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়৷ অনুষ্ঠানত স্পন্দনৰ প্ৰতিষ্ঠাক নিকুঞ্জ নাথে আদৰণি ভাষণ দাঙি ধৰাৰ পিছতে ডলি তালুকদাৰে এটি গীত পৰিৱেশন কৰি উপস্থিত সকলোকে মুগ্ধ কৰে৷ গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত বঁটাসমূহৰ দাতা পৰিয়ালৰ সদস্য নিবেদিতা হাজৰিকা(লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা), ড০ তেজস্বিনী নাথ(দ্বিজেন নাথ গৱেষণা বঁটা), গীতালি বৰা(গোলাপ চন্দ্ৰ বৰা সাহিত্য বঁটা), স্পন্দন পৰিয়ালৰ সদস্যসকলৰ লগতে শতাধিক সাহিত্যানুৰাগী উপস্থিত থাকে।