আৱাজ-দ্য ভইচ ব্যুৰো
ছিডনীৰ বণ্ডী বিচত গণ গুলীবৰ্ষণৰ বাতৰি প্ৰকাশ পোৱাৰ পিছত সৃষ্টি হোৱা চাঞ্চল্যৰ মাজতে এজন ব্যক্তি, এজন বন্দুকধাৰীক নিৰস্ত্ৰীকৰণ কৰাৰ প্ৰচেষ্টাৰ বাবে বিশ্বব্যাপী নায়কলৈ পৰিণত হয়। তেওঁ হ'ল আহমেদ আল-আহমেদ। এই ব্যক্তিগৰাকী অষ্ট্ৰেলিয়াত অতি সোনকালে এটা পৰিচিত নাম হৈ পৰে আৰু বীৰত্বপূৰ্ণ কাৰ্যৰ বাবে তেওঁ বিশ্বজনীন স্বীকৃতি লাভ কৰে।
নিজৰ দেশ ছিৰিয়াত আহমেদে এজন বন্দুকধাৰীক নিৰস্ত্ৰীকৰণ প্ৰচেষ্টাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। আহমেদৰ পৰিয়ালে সেই ভাইৰেল ভিডিঅ'ৰ জৰিয়তে তেওঁক চিনাক্ত কৰে আৰু গৌৰৱেৰে উজলি উঠে।
বন্দুকধাৰীক নিৰস্ত্ৰীকৰণ কৰাৰ প্ৰচেষ্টা আহমেদ আল-আহমেদৰ
আহমেদৰ খুৰাক মহম্মদ আল-আহমেদে সংবাদ মাধ্যমক জনায় যে, পৰিয়ালটোৱে ৪৩ বছৰীয়া যুৱকজনক ভাইৰেল ভিডিঅ'ৰ জৰিয়তে চিনাক্ত কৰে আৰু আহমেদৰ কাৰ্যৰ বিষয়ে জানিব পাৰে। তেওঁৰ খুৰাকে কয় যে, আমি সামাজিক মাধ্যমৰ যোগেদি এই বিষয়ে জানিব পাৰো। মই তেওঁৰ পিতৃক ফোন কৰো আৰু তেওঁ মোক কয় যে, তেওঁ আহমেদ। আহমেদ এজন নায়ক, আমি তেওঁৰ কাৰ্যত গৌৰৱান্বিত। ছিৰিয়া তেওঁৰ বাবে আজি গৌৰৱান্বিত।
তেওঁৰ খুৰাই লগতে কয় যে, ১৪ ডিচেম্বৰত আহমেদে কৰা কাৰ্যই তেওঁক শৈশৱত শিকোৱা মূল্যবোধক প্ৰতিফলিত কৰে। সাহস আৰু সহানুভূতি শৈশৱৰ পৰাই আহমেদৰ চৰিত্ৰৰ অংগ আছিল বুলি তেওঁ উল্লেখ কৰে। তেওঁৰ খুৰাকে কয়, "তেওঁ সৰুৰে পৰা সাহসী আৰু এজন হিৰো আছিল।" আহমেদক এজন সুখী, উদ্যমী আৰু সহানুভূতিশীল ব্যক্তি বুলি তেওঁ অভিহিত কৰে।
চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আহমেদ আল-আহমেদ
তেওঁ কয়, "তেওঁ একো নভবাকৈয়ে হঠাৎ উক্ত কাৰ্য সংঘটিত কৰিছিল, নিহত ব্যক্তিসকল কোন আছিল নজনাকৈয়ে- তেওঁলোকৰ ধৰ্ম কি আছিল, তেওঁলোক মুছলমান, খ্ৰীষ্টান বা ইহুদী নে কোন আছিল, সেয়া নজনাকৈ তেওঁ সেই বীৰত্বপূৰ্ণ কাৰ্য কৰিবলৈ আগবাঢ়িছিল।"
সাংবাদিকসকলক ছিৰিয়াত থকা আহমেদৰ ঘৰৰ অৱশেষ দেখুৱাই তেওঁৰ খুৰাকে কয় যে, বছৰ বছৰ ধৰি সংঘৰ্ষৰ ফলত আহমেদৰ ঘৰ এনেদৰে ক্ষতিগ্ৰস্ত হৈছে। আহমেদৰ বীৰত্বপূৰ্ণ কাৰ্যই বিশ্বক দেখুৱায় যে মুছলমানসকল শান্তি প্ৰতিষ্ঠাতা, যুদ্ধৰ প্ৰবক্তা নহয়।
চিকিৎসালয়ত আহত আহমেদ আল-আহমেদক সাক্ষাৎ অষ্ট্ৰেলিয়াৰ গৱৰ্নৰ জেনেৰেল ছেম মোষ্টিনৰ
আহমেদ আল-আহমেদ ২০ বছৰ পূৰ্বে ছিৰিয়াৰ পৰা অষ্ট্ৰেলিয়ালৈ প্ৰব্ৰজন কৰিছিল। তেওঁৰ খুৰাকৰ উদ্ধৃতি দি এক সংবাদ প্ৰতিষ্ঠানে কয় যে, আহমেদে আলেপ্পো বিশ্ববিদ্যালয়ত ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত ২০০৬ চনত ঘৰ ত্যাগ কৰিছিল। ছিৰিয়াৰ এই ব্যক্তিজনে কামৰ সন্ধানত অষ্ট্ৰেলিয়ালৈ গৈছিল আৰু বিগত ২০ বছৰ ধৰি তেওঁ এই মহাসাগৰীয় দেশখনত আছে।
দেওবাৰৰ গুলীচালনাৰ সময়ত ৪৩ বছৰীয়া লোকজনক বন্দুকধাৰী এজনৰ সৈতে যুঁজি থকা দেখিবলৈ পোৱা গৈছিল। বন্দুকধাৰীটোক নিৰস্ত্ৰ কৰাৰ পিছত আহমেদে আক্ৰমণকাৰীৰ ফালে বন্ধুকটো টোৱাই তেওঁক মাটিত পৰি থাকিবলৈ বাধ্য কৰায়।
যোৱা ৩০ বছৰৰ ভিতৰত অষ্ট্ৰেলিয়াৰ আটাইতকৈ ভয়ংকৰ গুলীচালনাৰ ঘটনা হিচাপে চিহ্নিত এই আক্ৰমণত এজন আক্ৰমণকাৰীকে ধৰি ১৬ জন লোকৰ মৃত্যু হৈছে।
আহমেদ নিজেও এই ঘটনাত আহত হয় আৰু বৰ্তমান তেওঁ ছিডনীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনি আলবেনিজ, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু আনকি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পেও এই ব্যক্তিজনক প্ৰশংসা কৰিছে। এইসকল নেতাৰ প্ৰশংসাই এজন ব্যক্তিৰ বিশ্বজনীন স্বীকৃতি প্ৰতিফলিত কৰিছে, যিয়ে নিজৰ জীৱনকো বিপদাপন্ন কৰি, পক্ষপাতহীনভাৱে আনৰ জীৱন ৰক্ষা বাবে কাম কৰিছিল।