বহিঃৰাষ্ট্ৰত ভিক্ষা মাগিবলৈ যোৱা ৫১ হাজাৰ পাকিস্তানী ভীক্ষাৰীক বিতাড়ন

Story by  atv | Posted by  [email protected] • 8 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
ভিক্ষাৰ অভিযোগত প্ৰায় বিভিন্ন দেশৰ পৰা বিতাড়িত কৰা হৈছে ৫১ হাজাৰ পাকিস্তানীক। ইয়াৰে সৰ্বাধিক ব্যৱস্থা গ্ৰহণ কৰি ভিক্ষাৰ বাবে ২৪ হাজাৰ লোকক বিতাড়ন কৰিছিল ছৌদি আৰবে। ইয়াৰ উপৰিও সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা ৬ হাজাৰ পাকিস্তানী, আজাৰবাইজানৰ পৰা ২৫০০ আৰু আন দেশৰ পৰা আৰু হাজাৰ হাজাৰ পাকিস্তানীক বিতাড়িত কৰা হয়। এই তথ্য প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় বিধানসভাৰ বহিঃৰাজ্যৰ পাকিস্তানী আৰু মানৱ অধিকাৰৰ স্থায়ী সমিতিৰ বৈঠকত।
 
কমিটীৰ অধ্যক্ষ আঘা ৰফিউল্লাই উল্লেখ কৰে যে, বহু লোকে উমৰাহৰ আৱৰণত ইউৰোপত উপনীত হ’বলৈ চেষ্টা কৰিছিল যদিও সুনিৰ্দিষ্ট প্ৰমাণ পোৱাৰ পিছত মাজভাগতে বিতাড়িত কৰা হয়। এইবাৰ ২৪ হাজাৰ লোকে কম্বোডিয়ালৈ যাত্ৰা কৰিছিল, ইয়াৰে ১২ হাজাৰ লোক এতিয়াও ঘূৰি অহা নাই। একেদৰে ৪ হাজাৰ লোকে পৰ্যটন ভিছাত ম্যানমাৰলৈ যাত্ৰা কৰিছিল যদিও ২৫০০ লোক ঘূৰি অহা নাই।
 
এফ আই এ (ফেডাৰেল ইনভেষ্টিগেচন এজেন্সী)ৰ সঞ্চালকে কয় যে, অবৈধ অনুপ্ৰৱেশ ৰোধ কৰাৰ প্ৰচেষ্টাৰ বাবে পাকিস্তানৰ পাছপ’ৰ্ট ৰেংকিং ১১৮ৰ পৰা ৯২লৈ উন্নত হৈছে। তেওঁ কয়, “পূৰ্বতে অবৈধ অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত পাকিস্তান বিশ্বৰ শীৰ্ষ পাঁচখন দেশৰ ভিতৰত আছিল যদিও কঠোৰ নীতিৰ বাবে এতিয়া এই তালিকাৰ পৰা নামি আহিছে।” তেওঁৰ মতে, “যোৱা বছৰ ৮ হাজাৰ লোকে অবৈধভাৱে ইউৰোপ ভ্ৰমণ কৰিছিল, আনহাতে এই বছৰ এই সংখ্যা ৪ হাজাৰলৈ হ্ৰাস পাইছে।”
 
এফ আই এৰ সঞ্চালকে লগতে কয় যে, ভিক্ষাৰ অভিযোগত ছৌদি আৰৱৰ পৰা ৫৬ হাজাৰ পাকিস্তানীক বিতাড়িত কৰা হৈছে। তেওঁ লগতে কয় যে ডুবাই আৰু জাৰ্মানীয়ে পাকিস্তানী পাছপ’ৰ্ট ভিছামুক্ত কৰিছে। জানুৱাৰী মাহত মুকলি কৰা হ’ব এএমআই এপ্লিকেচন, যাৰ ফলত বিদেশ ভ্ৰমণ কৰা নাগৰিকে ভ্ৰমণৰ ২৪ ঘন্টা পূৰ্বে অনলাইন প্ৰব্ৰজন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব।
 
ইয়াৰ পূৰ্বে মে’ মাহত প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে উল্লেখ কৰিছিল যে, ভিক্ষাৰ সমস্যা গুৰুতৰ হৈ পৰিছে, যাৰ ফলত পাকিস্তানীসকলৰ বাবে আন দেশলৈ ভিছা লাভ কৰাত অসুবিধা হৈছে। তেওঁ উল্লেখ কৰে যে পাকিস্তানত প্ৰায় ২ কোটি ২০ লাখ লোক ভিক্ষাৰ লগত জড়িত, যাৰ ফলত বছৰি প্ৰায় ৪২ বিলিয়ন টকা আয় হয়।
 
২০২৩ চনত তেতিয়াৰ বৈদেশিক সচিব জুলফিকাৰ হাইডাৰে ছিনেটৰ এখন কমিটীক জনাইছিল যে বিদেশত ধৰা পৰা ভিক্ষাৰীসকলৰ প্ৰায় ৯০ শতাংশই পাকিস্তানী নাগৰিক, যিসকলে ছৌদি আৰব, ইৰাক, মালয়েছিয়া, ওমান, কাটাৰ, ইউ এ ইৰ দৰে দেশত ভিক্ষা কৰি থকা দেখা গৈছে।