BBCI-এ আৰ্জিছে নতুন কৃতিত্ব; ডাঃ আছিফ ইকবালৰ নেতৃত্বত উত্তৰ-পূৰ্বত প্ৰথমবাৰৰ বাবে MUD ষ্টেম চেল ট্ৰান্সপ্লান্ট

Story by  atv | Posted by  [email protected] • 6 h ago
উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম কৰ্কট চিকিৎসা প্ৰতিষ্ঠান ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান
উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম কৰ্কট চিকিৎসা প্ৰতিষ্ঠান ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান
 
আৰিফুল ইছলাম আৰু সুদীপ শৰ্মা চৌধুৰী / গুৱাহাটী
 
উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ বাবে সুখবৰ। উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম কৰ্কট চিকিৎসা প্ৰতিষ্ঠান ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে (বিবিচিআই) চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত এক ঐতিহাসিক খ্যাতি অৰ্জন কৰিছে। চিকিৎসা প্ৰতিষ্ঠানখনে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো মেচড আনৰিলেটেড ড'নাৰ (এমইউডি) এল'জেনিক ষ্টেম চেল ট্ৰান্সপ্লান্ট সম্পন্ন কৰি এক গুৰুত্বপূৰ্ণ চিকিৎসা সাফল্য অৰ্জন কৰিছে।
 
পৰিয়ালৰ বাহিৰৰ এজন দাতাৰ পৰা ষ্টেম চেল ব্যৱহাৰ কৰা এই প্ৰক্ৰিয়াই অঞ্চলটোত চিকিৎসাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। শেহতীয়াকৈ চিকিৎসকসকলে ১৯ বছৰীয়া এজন ৰোগীৰ দেহত এই ট্ৰান্সপ্লান্ট সম্পন্ন কৰিছিল। বৰ্তমান তেওঁ সুস্থিৰ হৈ উঠিছে আৰু তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। 
 
সহযোগী অধ্যাপক ডাঃ আছিফ ইকবাল 
 
কৰ্কট ৰোগকে ধৰি তেজৰ ৰোগৰ চিকিৎসাত ষ্টেম চেল ট্ৰান্সপ্লাণ্ট অতি গুৰুত্বপূৰ্ণ। কিন্তু ইয়াৰ এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে দাতা আৰু  গ্ৰহণকাৰীৰ মাজত হিউমেন লিউকোচাইট এন্টিজেন (HLA)ৰ মিল হোৱাটো নিশ্চিত কৰা। চিকিৎসক তথা গৱেষকসকলে এটা কথা লক্ষ্য কৰিছে যে, নিজৰ ভাই-ভনীৰ মাজত এইচ এল এ-মেচ হোৱাৰ সম্ভাৱনা মাত্ৰ ২৫%, যাৰ ফলত পৰিয়ালৰ বাহিৰত উপযুক্ত দাতা বিচাৰি পোৱাটো আৰু অধিক কঠিন হৈ পৰে। উত্তৰ-পূবত বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠী আৰু সম্প্ৰদায়ে এই প্ৰত্যাহ্বান আৰু অধিক জটিল কৰি তুলে। যাৰ ফলত দাতা বিচাৰি পোৱাটো যথেষ্ট কঠিন।   
 
সহযোগী অধ্যাপক ডাঃ আছিফ ইকবালে কয়, "ৰোগীজন ১৯ বছৰীয়া এজন সৰু ল'ৰা, যাৰ ৰিলেপছড আৰু ৰিফেক্টৰী কৰ্কট ৰোগত আক্ৰান্ত আছিল। তেওঁৰ পৰিয়ালৰ কোনো উপযুক্ত দাতা নাছিল। তেওঁৰ বাবে পঞ্জীয়ন ভিত্তিক পৰিয়ালৰ বাহিৰৰ অন্য দাতাই আছিল দীৰ্ঘম্যাদী জীৱিত থকাৰ একমাত্ৰ কাৰ্যকৰী আৰু একমাত্ৰ বিকল্প।"  
 
ৰোগীয়ে সম্পূৰ্ণ মাত্ৰাত টোটেল বডী ইৰেডিয়েচন গ্ৰহণ কৰাৰ মুহূৰ্তত
 
উল্লেখযোগ্য যে, যোৱা জুন মাহৰ পৰাই বিবিচিআইৰ তৰফৰ পৰা ভাৰতৰ অন্যতম বৃহৎ পঞ্জীয়ন 'দাত্ৰী ব্লাড ষ্টেম চেল ড'নাৰ ৰেজিষ্ট্ৰি'ৰ জৰিয়তে দেশজুৰি দাতাৰ অনুসন্ধান কৰিছিল। জুলাই মাহলৈকে এগৰাকী সম্ভাব্য দাতা চিনাক্ত কৰা হৈছিল। 
 
এবাৰ দাতাগৰাকী নিশ্চিত হোৱাৰ পিছত, এক জটিল প্ৰক্ৰিয়া আৰম্ভ হয়। ভেৰিফিকেচন টাইপিং, সংক্ৰামক ৰোগৰ পৰীক্ষা, দাতাৰ চিকিৎসা অনুমোদন, ক্ৰিঅ'প্ৰেজাৰ্ভেশ্যনৰ অনুমোদন ইত্যাদি। লুধিয়ানাত অৱস্থিত এই দাতাগৰাকীৰ বাবে কেইবাখনো ৰাজ্যৰ মাজেৰে ষ্টেম কোষসমূহক কঢ়িয়াই আনিবলগীয়া হৈছিল। সেই সময়ত, ৰোগীৰ অন্য অৱশিষ্ট ৰোগ (এমআৰডি) নাছিল। যাৰ ফলত ট্ৰেন্সপ্লাণ্ট কৰোঁতে সুবিধা হৈছিল। 
 
১৮.৫ লাখ টকাৰ এই প্ৰক্ৰিয়াটো দূৰ সম্পৰ্কীয় দাতাজনৰ বাবেই সম্ভৱ হৈ উঠিছিল। দাতাগৰাকীৰ কোষ বহু কেইখন ৰাজ্য অতিক্ৰম কৰি আনিবলগীয়া হোৱাৰ বাবেই হাস্পতালৰ কৰ্তৃপক্ষই আগতীয়াকৈ সতৰ্ক হৈছিল। হাস্পতালৰ কৰ্তৃপক্ষই ৰোগীৰ নিজৰ ষ্টেম চেলসমূহো অট'ট্ৰান্সফুজন কৰি সংগ্ৰহ কৰিছিল। ডাঃ ইকবালে কয়, "সচেতনতাৰ অভাৱৰ বাবে, উত্তৰ-পূৰ্বাঞ্চলত ষ্টেম চেল ড'নাৰ সংখ্যা যথেষ্ট কম। সেই ল'ৰাজন যথেষ্ট ভাগ্যৱান আছিল, কিন্তু এনে ৰোগীক সহায় কৰিবলৈ আমাক অধিক দাতাৰ প্ৰয়োজন।" 
 
ৰোগী আৰু আন সহযোগীৰ সৈতে অধ্যাপক ডাঃ আছিফ ইকবাল
 
ডাঃ ইকবালে কয় যে, "পাঞ্জাৱৰ লুধিয়ানাৰ পৰা ৰাজ্যসমূহৰ মাজেৰে জীৱন ৰক্ষাকাৰী ষ্টেম চেলৰ পৰিবহণ কৰোৱাৰ সময়ত যথেষ্ট সাৱধান হ'বলগীয়া হৈছিল, য'ত দাতা সংস্থা, বিমানবন্দৰ কৰ্তৃপক্ষ, চৰকাৰী বিভাগ, লুধিয়ানাৰ এফেৰেচিছ কেন্দ্ৰ আৰু বিবিচিআইৰ ট্ৰান্সপ্লান্ট ইউনিটৰ মাজত নিখুঁত সমন্বয়ৰ প্ৰয়োজন হৈছিল।"
 
উল্লেখযোগ্য যে, এবিঅ'(ABO) তেজৰ গ্ৰুপ মিল খোৱা নাছিল, যদিও 'ষ্টেম চেল' সমূহ নিৰপদে আহি পাইছিল আৰু লগে লগে সংৰোপন কৰা হৈছিল। ৰোগীজনক সম্পূৰ্ণ মাত্ৰাৰ মুঠ শৰীৰ বিকিৰণ (TBI) ভিত্তিক কণ্ডিচনিং ৰেজিমেন কৰা হৈছিল। যিয়ে বিবিচিআইৰ উন্নত প্ৰতিস্থাপন ক্ষমতাক প্ৰতিফলিত কৰিছিল।
 
ডাঃ আছিফ ইকবালে কয় যে, এই সাফল্যই চিকিৎসালয়খনৰ বিভাগৰ নিষ্ঠাক প্ৰতিফলিত কৰিছে। ৰক্ত সঞ্চালন চিকিৎসা, হেমাটোপেথ'লজী, মাইক্ৰ'বায়'লজী, ৰেডিয়েচন অনক'লজী আৰু বিএমটি নাৰ্ছিং ষ্টাফ আদি বিভাগৰ কৰ্মকৰ্তাসকলে অতি নিখুঁত আৰু নিষ্ঠাৰে এই কাম কৰিছিল।
 
ৰোগীৰ সৈতে চিকিৎসক ডাঃ আছিফ ইকবাল
 
ডাঃ আছিফ ইকবালে 'ষ্টেম চেল দান'ক অধিক জনপ্ৰিয় কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে, জানুৱাৰী মাহত ৰাজ্যত সজাগতা অভিযান আৰম্ভ কৰিব। আৱাজ-দ্য ভইচ'ক তেওঁ জনায় যে, উত্তৰ-পূৰ্বাঞ্চলত ২০০ৰো অধিক জনজাতীয় লোক আছে আৰু তেওঁলোকৰ মাজত সজাগতাৰ অভাৱ। যেতিয়া তেওঁলোক কৰ্কট ৰোগত আক্ৰান্ত হয়, তেতিয়া তেওঁলোকে আন ঠাইৰ পৰা ষ্টেম চেল দাতা বিচাৰিবলৈ বি কে এম এছৰ দৰে সংস্থাৰ কাষ চাপিবলগীয়া হয়। 
 
তেওঁ কয় যে, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ষ্টেম চেল দানৰ কোনো নজিৰ নাই। মানুহৰ শৰীৰত ৫ লিটাৰ হাড়ৰ মজ্জা থাকে, কিন্তু এজন ব্যক্তিয়ে যদি মাত্ৰ ১৫০ মিলি লিটাৰ দান কৰে, তেন্তে কৰ্কট ৰোগৰ বাবে হাড়ৰ মজ্জা হেৰুৱাই পেলোৱা ব্যক্তিজনে নতুন জীৱনৰ লাভ কৰিব পাৰে। ৰক্তদানৰ দৰেই সহজভাৱে ষ্টেম চেল দান কৰি যোদ্ধা হোৱাৰ এক সোণালী সুযোগ সকলোৰে হাতত আছে।