আৱাজ - দ্য ভইচ/নতুন দিল্লী
চিকিৎসক হোৱাৰ সপোন আছিল, কিন্তু NEET ক্লিয়াৰ হোৱা নাই? চিন্তা নকৰিব। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত কেৰিয়াৰৰ বাবে বহু উৎকৃষ্ট বিকল্প আছে। প্ৰতি বছৰে লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে NEET (National Eligibility cum Entrance Test) ত উত্তীৰ্ণ হ’বলৈ চেষ্টা কৰে।
চিকিৎসা ক্ষেত্ৰৰ কথা আহি পৰিলেই প্ৰথমতে চিকিৎসক হোৱাৰ কথা মনলৈ আহে। কিন্তু MBBSৰ বাহিৰেও চিকিৎসা ক্ষেত্ৰখনত এনে বহু কেৰিয়াৰ বিকল্প আছে, যিয়ে কেৱল উৎকৃষ্ট চাকৰিৰ সুযোগেই নহয়, আজীৱন সুস্থিৰ আৰু সন্মানজনক বৃত্তিমূলক সফলতাও প্ৰদান কৰিব পাৰে।
চিকিৎসা ক্ষেত্ৰত নিযুক্তিৰ আন পথসমূহ
স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত ১৫-২০ শতাংশ লোক চিকিৎসক হোৱাৰ বিপৰীতে ৮০-৮৫ শতাংশ স্বাস্থ্যসেৱা কৰ্মচাৰী হৈছে সহযোগী স্বাস্থ্যসেৱা কৰ্মী। ইয়াৰ ভিতৰত আছে নাৰ্ছিং, ৰেডিঅ'লজি, লেব টেকন'লজী, ফিজিঅ'থেৰাপি, ফাৰ্মাচী, অপাৰেচন থিয়েটাৰ টেকনিচিয়ান আদি। তদুপৰি, চিৰ'প্ৰেক্টিক আৰু কছমেটিক মেডিচিনেও উদীয়মান ক্ষেত্ৰসমূহত জনপ্ৰিয়তা লাভ কৰিছে। সেইদৰে, NEETত বিফল হোৱাৰ অৰ্থ এইটো নহয় যে আপোনাৰ কেৰিয়াৰ শেষ হৈ গৈছে।
প্ৰতিনিধিত্বমুলক ফটো
কেৰিয়াৰ কাউন্সেলৰ ডাঃ অমিত ত্ৰিপাঠীয়ে কয়, "স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত চিকিৎসকৰ উপৰি আৰু বহু কেৰিয়াৰ বিকল্প আছে, যিবোৰ সমানেই সন্মানজনক আৰু লাভজনক।"
সহ-প্ৰতিষ্ঠাপক নলিন ছলুজা(বিৰোহন)ই কয়, "ভাৰতত এনে বহু পাঠ্যক্ৰম আছে যিবোৰৰ বাবে অতিৰিক্ত প্ৰস্তুতিৰ প্ৰয়োজন নাই। বিএছচি নাৰ্ছিং, ফিজিঅ'থেৰাপি আৰু এলায়েড হেল্থকেয়াৰ পাঠ্যক্ৰমৰ আধাৰ হ'ল একাদশ আৰু দ্বাদশ শ্ৰেণীত পঢ়া পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞান, যিবোৰ ছাত্ৰ-ছাত্ৰীসকলে NEETৰ বাবে প্ৰস্তুতিৰ সময়ত অধ্যয়ন কৰে।
বিকল্প পাঠ্যক্ৰমসমূহ কি কি?
B.Sc নাৰ্ছি
BPT (ফিজিঅ'থেৰাপিৰ স্নাতক)
BMLT (মেডিকেল লেব টেকন'লজিৰ স্নাতক)
B.Sc ৰেডিঅ’লজী/ইমেজিং
ফাৰ্মাচীৰ স্নাতক
কছমেট'লজী এণ্ড এষ্টেটিক মেডিচিন
ক'ত ক’ত নিযুক্তি লাভ কৰিব?
এই পাঠ্যক্ৰমসমূহ সম্পূৰ্ণ কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ঠাইত চাকৰিৰ সুযোগ বিচাৰি পাব পাৰেঃ
চৰকাৰী বা বেচৰকাৰী চিকিৎসালয়ত চাকৰিৰ সুযোগ
ডায়েগ’নষ্টিক লেবত টেকনিচিয়ানৰ চাকৰি
ৰিহেবিলিটেচন চেণ্টাৰত কাম কৰা (ফিজিঅ'থেৰাপি)
নাৰ্ছিংহোম আৰু ব্যক্তিগত ক্লিনিকত কৰ্মসংস্থাপনৰ সুযোগ
চিকিৎসা ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ কিছুমান মুখ্য পাঠ্যক্ৰম আৰু সেইসমূহৰ বাবে বিখ্যাত প্ৰতিষ্ঠানসমূহঃ
১. B.Sc নাৰ্ছিং
প্ৰধান প্ৰতিষ্ঠানসমূহঃ
এইমছ(AIIMS), দিল্লী
কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটি, লক্ষ্ণৌ
জিজিএছআইপি (GGSIPU), দিল্লী
মাদ্ৰাজ মেডিকেল কলেজ, চেন্নাই
নাৰ্ছিং কলেজ, পুণে
বেনাৰস হিন্দু বিশ্ববিদ্যালয় (BHU), বাৰাণসী
প্ৰতিনিধিত্বমুলক ফটো
২. BPT (ফিজিঅ’থেৰাপি স্নাতক)
প্ৰধান প্ৰতিষ্ঠানসমূহঃ
মণিপাল কলেজ অৱ হেল্থকেয়াৰ, মণিপাল
ৰাঁচী বিশ্ববিদ্যালয়, ৰাঁচী
কিংছ কলেজ, দিল্লী
জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয়, আলিগড়
পাটনা মেডিকেল কলেজ, পাটনা
লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটি, পঞ্জাৱ
৩. BMLT (মেডিকেল লেব টেকন'লজীৰ স্নাতক)
প্ৰধান প্ৰতিষ্ঠানসমূহঃ
এইমছ (AIIMS), দিল্লী
দীনদয়াল উপাধ্যায় মহাবিদ্যালয়, দিল্লী
আলিগড় মুছলিম বিশ্ববিদ্যালয় (AMU), আলিগড়
পঞ্জাৱ বিশ্ববিদ্যালয়, চণ্ডীগড়
জি বি পন্ত ইনষ্টিটিউট অৱ টেকন'লজী, দিল্লী
ৰাজীৱ গান্ধী চিকিৎসা মহাবিদ্যালয়, কৰ্ণাটক
৪. B.Sc ৰেডিঅ’লজী/ইমেজিং
প্ৰধান প্ৰতিষ্ঠানসমূহঃ
কিং এডৱাৰ্ড মেম’ৰিয়েল হাস্পতাল, মুম্বাই
মণিপাল বিশ্ববিদ্যালয়, মণিপাল
এন আই টি (NIT), দিল্লী
ৰাজীৱ গান্ধী কলেজ, পুণে
চৰণ সিং বিশ্ববিদ্যালয়, মীৰাট
দীনদয়াল উপাধ্যায় মহাবিদ্যালয়, দিল্লী
৫. ফাৰ্মাচীত স্নাতক
প্ৰধান প্ৰতিষ্ঠানঃ
জে. এছ. এছ. কলেজ অৱ ফাৰ্মাচী, মণিপাল
পুণে কলেজ অৱ ফাৰ্মাচী, পুণে
দিল্লী বিশ্ববিদ্যালয়, দিল্লী
এন আই টি (NIT), হায়দৰাবাদ
ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, বেংগালুৰু
ড০ এ পি জে আব্দুল কালাম কাৰিকৰী বিশ্ববিদ্যালয়, লক্ষ্ণৌ
প্ৰতিনিধিত্বমুলক ফটো
৬. ভকেচন(Vocation)ত স্নাতক পাঠ্যক্ৰম
প্ৰধান প্ৰতিষ্ঠানসমূহঃ
National Institute of Vocational Studies (NIVS), দিল্লী
সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ(AICTE)ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিভিন্ন প্ৰতিষ্ঠান
দিল্লী বিশ্ববিদ্যালয় (DU), দিল্লী
এমিটি ইউনিভাৰ্চিটি, নয়ডা
সঞ্জয় গান্ধী স্নাতকোত্তৰ আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, লক্ষ্ণৌ
৭. কছমেট'লজী এণ্ড এষ্টেটিক মেডিচিন
প্ৰধান প্ৰতিষ্ঠানসমূহঃ
স্মাইল এণ্ড ফেচ ক্লিনিক, দিল্লী
শৰ্মা কলেজ অৱ বিউটি এণ্ড কছমেট’লজী, মুম্বাই
আই টি এম গ্ৰুপ অৱ কলেজ, মুম্বাই
পঞ্জাৱ বিশ্ববিদ্যালয়, চণ্ডীগড়
কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়, কুৰুক্ষেত্ৰ
কাইৰা স্কিন এণ্ড এষ্টেটিক্স, বেংগালুৰু
এই শিক্ষানুষ্ঠানসমূহৰ পৰা এই পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ যোগ্যতা অৰ্জন কৰে, যেনে চিকিৎসালয়, ডায়েগনষ্টিক লেব, ফিজিঅ’থেৰাপি ক্লিনিক, ফাৰ্মাছিউটিকেল কোম্পানী, কছমেট'লজী এণ্ড এষ্টেটিক ক্লিনিক আদি। এই প্ৰতিষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰৰ বাবে সহায়ক হোৱা স্বীকৃতিপ্ৰাপ্ত আৰু উচ্চমানৰ পাঠ্যক্ৰম আগবঢ়ায়।
মনত ৰাখিব লগা গুৰুত্বপূৰ্ণ কথাঃ
পাঠ্যক্ৰম বাছনি কৰাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ অনুসৰি পাঠ্যক্ৰম বাছনি কৰাটো গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে, যদি কোনোবাই ৰোগীৰ যত্ন ল'ব বিচাৰে, তেওঁ নাৰ্ছিং বা ফিজিঅ'থেৰাপিৰ দৰে পাঠ্যক্ৰমত আগ্ৰহী হ'ব পাৰে, আনহাতে পৰীক্ষাগাৰ আৰু যন্ত্ৰৰ কামত আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে, পৰীক্ষাগাৰ প্ৰযুক্তি, ৰেডিঅ'লজী বা ফাৰ্মাচী ভাল বিকল্প হ'ব পাৰে।
ইয়াৰ উপৰি তলত দিয়া কথাবোৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণঃ
আপুনি যিটো পাঠ্যক্ৰম বাছি লৈছে, তাত চাকৰিৰ সম্ভাৱনা কিমান?
পাঠ্যক্ৰমৰ বৈধতা আৰু সুনাম কি?
মহাবিদ্যালয়ৰ স্বীকৃতি (UGC - AICTE বা সংশ্লিষ্ট প্ৰতিষ্ঠানৰ পৰা)
মাচুল, প্লেচমেণ্ট আৰু অন্যান্য প্ৰয়োজনীয় তথ্য
কলেজৰ মাচুল আৰু পাঠ্যক্ৰমৰ সময়সীমা জনাটো গুৰুত্বপূৰ্ণ।
কলেজখনে ইণ্টাৰশ্বিপৰ সুবিধা প্ৰাদন কৰে নে নকৰে সেয়াও পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ।
কলেজৰ প্লেচমেণ্ট ৰেকৰ্ড কি, সেয়াও এটা গুৰুত্বপূৰ্ণ বিষয়।
এইদৰে NEET ত সফল নহ’লেও চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত আন বহু ভাল আৰু সন্মানজনক কেৰিয়াৰ বিকল্প আছে। মাত্ৰ সঠিক দিশত কঠোৰ পৰিশ্ৰম কৰক আৰু সঠিক পথ বাছি লওক।