বিভাজনৰ পিছত প্ৰথমবাৰৰ বাবে পাকিস্তানৰ ভূমিত পুনৰ ধ্বনিত হব ‘সংস্কৃত’ ভাষা

Story by  atv | Posted by  Munni Begum • 3 h ago
এগৰাকী ছাত্ৰীৰ সৈতে ডঃ আলী উছমান কাছমী আৰু ডঃ শ্বাহিদ ৰছিদ
এগৰাকী ছাত্ৰীৰ সৈতে ডঃ আলী উছমান কাছমী আৰু ডঃ শ্বাহিদ ৰছিদ
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো 
 
বিভাজনৰ পিছত প্ৰথমবাৰৰ বাবে ইছলামিক ৰিপাব্লিক অৱ পাকিস্তানৰ শ্ৰেণীকোঠাসমূহত সংস্কৃতৰ পাঠদান পুনৰ আৰম্ভ কৰা হৈছে। লাহোৰ ইউনিভাৰ্ছিটী অৱ মেনেজমেণ্ট ছায়েন্সে (LUMS)এই প্ৰাচীন ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে। প্ৰথমে তিনিমাহীয়া  ছুটিৰ দিনৰ কৰ্মশালা হিচাপে আৰম্ভ হোৱা এই কাৰ্যসূচীয়ে যথেষ্ট সঁহাৰি লাভ কৰাৰ পিছত লাহে লাহে সম্পূৰ্ণ চাৰিটা ক্ৰেডিটৰ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমলৈ ৰূপান্তৰিত কৰা হৈছে।
 
গুৰমানী কেন্দ্ৰৰ সঞ্চালক ডঃ আলী উছমান কাছমীয়ে জনোৱা অনুসৰি, পাকিস্তানত থকা পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত আটাইতকৈ চহকী কিন্তু কম অধ্যয়ন কৰা এক সংস্কৃত পুথিভঁৰালৰ আছে। তেওঁ কয়, "১৯৩০ৰ দশকত পণ্ডিত জে চি আৰ ৱুলনেৰে সংস্কৃতৰ পাণ্ডুলিপিৰ এক উল্লেখযোগ্য সংগ্ৰহৰ তালিকা প্ৰস্তুত কৰিছিল। কিন্তু ১৯৪৭ চনৰ পৰা কোনো পাকিস্তানী শিক্ষাবিদে এই সংগ্ৰহৰ সৈতে জড়িত হোৱা নাই। কেৱল বিদেশী গৱেষকসকলেহে ইয়াক ব্যৱহাৰ কৰি আহিছে। স্থানীয়ভাৱে প্ৰশিক্ষণ দিয়া পণ্ডিতসকলে সেই পৰিস্থিতি সলনি কৰিব।" 
 
লাহোৰ ইউনিভাৰ্ছিটী অৱ মেনেজমেণ্ট ছায়েন্সে
 
লুমছ-এ (LUMS) 'মহাভাৰত' আৰু 'ভাগৱত গীতা'ৰ বিষয়তো পাঠ্যক্ৰম আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে। ড° কাছমীয়ে কয়,  "আশাকৰোঁ এই বিকাশে গতি লাভ কৰিব। যাৰফলত ১০–১৫  বছৰৰ ভিতৰত আমি পাকিস্তানত হয়তো গীতা আৰু মহাভাৰতৰ পণ্ডিতসকল দেখিবলৈ পাম।" 
 
ডঃ কাছমীয়ে কয় যে,  প্ৰথম অৱস্থাত ছুটিৰ দিনত এক কাৰ্যসূচী আগবঢ়োৱা হৈছিল, যি সকলোৰে বাবে মুকলি আছিল। য'ত ছাত্ৰ-ছাত্ৰী, গৱেষক, অধিবক্তা আৰু শিক্ষাবিদসকলে অংশগ্ৰহণ কৰিছিল। এই ইতিবাচক সঁহাৰি দেখি আমি ইয়াক বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম হিচাপে আৰম্ভ কৰাৰ সিদ্ধান্ত ল'লো। যদিও ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এতিয়াও কম আছিল, তথাপিও আমি আশা কৰোঁ যে, আগন্তুক কেইবছৰমানত ইয়াৰ সংখ্যা বৃদ্ধি পাব। ২০২৭ চনৰ ভিতৰত আমি এই ভাষাটো এটা বছৰীয়া পাঠ্যক্ৰম হিচাপে পাঠদান কৰোৱাব পাৰিব।   
 
এই পদক্ষেপৰ চালিকা শক্তি হৈছে ফৰমান খ্ৰীষ্টান কলেজৰ সমাজবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ শ্বাহিদ ৰছিদ। যাৰ সংস্কৃতৰ প্ৰতি আগ্ৰহ আৰম্ভ হৈছিল লুমছ(LUMS)ৰ  সৈতে যোগাযোগ কৰাৰ বহু আগতেই। তেওঁ কয় যে, "ধ্ৰুপদী ভাষাত মানৱ জাতিৰ বাবে বহু জ্ঞানেৰে ভৰা। মই আৰবী আৰু পাৰ্চী ভাষা শিকি আৰম্ভ কৰিছিলো, তাৰ পিছত সংস্কৃত অধ্যয়ন কৰিছিলো। কোনো স্থানীয় শিক্ষক বা পাঠ্যপুথি নথকাৰ বাবে মই অনলাইন প্লেটফৰ্মৰ পৰা ইয়াৰ অধ্যয়ন আৰম্ভ কৰিছিলো। মই কেম্ব্ৰিজৰ সংস্কৃত পণ্ডিত এণ্টনিয়া ৰুপেল আৰু অষ্ট্ৰেলিয়াৰ ইণ্ডোলজিষ্ট মেককমাছ টেইলৰৰ অধীনত অধ্যয়ন কৰিছিলো। ধ্ৰুপদী সংস্কৃত ব্যাকৰণ সামৰি ল’বলৈ মোৰ প্ৰায় এবছৰ সময় লাগিছিল। আৰু মই এতিয়াও অধ্যয়ন কৰিয়ে আছো৷"   
 
'মহাভাৰত' আৰু 'ভাগৱত গীতা'
 
ড° কাছমীয়ে তেওঁক নিমন্ত্ৰণ জনোৱাৰ পিছত ড° ৰছিদে এফচি কলেজৰ পৰা ছেব্বাটিকেল লৈ লুমছ(LUMS)ত পাঠ্যক্ৰমটো অধ্যাপনা কৰোৱাইছিল। তেওঁ কয়, "মই মূলতঃ ব্যাকৰণ শিকাওঁ। মই যেতিয়া 'সুভাষিত' শ্লোক শিকাইছিলো, তেতিয়া বহু ছাত্ৰ-ছাত্ৰীয়ে জানি আচৰিত হৈছিল যে, কেইবাটাও উৰ্দু শব্দ সংস্কৃতৰ পৰা আহিছে। সংস্কৃত হিন্দীৰ পৰা পৃথক বুলিও বহুতে জনা নাছিল। প্ৰথম সপ্তাহত ছাত্ৰ-ছাত্ৰীসকলে সংস্কৃত ভাষাক প্ৰত্যাহ্বানমূলক ভাষা বুলি বিবেচনা কৰিছিল, যদিও ইয়াৰ যুক্তিসংগত গঠন বুজি পোৱাৰ পিছত তেওঁলোকে ইয়াক উপভোগ কৰিবলৈ আৰম্ভ কৰিছিল। কিয়নো প্ৰত্যাহ্বানমূলক কিবা এটা সমাধান কৰিলে যথেষ্ট সন্তুষ্টি পোৱা যায়।"  
 
তেওঁ লগতে কয় যে, আধুনিক ভাষাসমূহ পুৰণি ধ্ৰুপদী পৰম্পৰাৰ পৰাই আহিছে। মাত্ৰ এখন পাতল পৰ্দাই সিহঁতক পৃথক কৰি ৰাখিছে। সেই পৰ্দাখন আতঁৰালেই আপুনি উপলব্ধি কৰিব যে এই সকলোবোৰ ভাষা সংযুক্ত আৰু আমাৰ নিজৰেই হয়। 
 
ড০ কাছমীয়ে কয় যে, এই পদক্ষেপ বিশ্ববিদ্যালয়খনৰ বিস্তৃত ভাষাৰ কাৰ্যসূচীৰ সৈতেও সংলগ্ন হৈ পৰিছে, য’ত সিন্ধি, পাষ্টো, পাঞ্জাবী, বালুচি, আৰবী আৰু পাৰ্চী ভাষা অন্তৰ্ভুক্ত কৰা হৈছে। আমি এই অবিশ্বাস্য পৰম্পৰাৰ সৈতে সংযোগ স্থাপনৰ গুৰুত্ব বুজি পাওঁ। যি পাকিস্তান-ভাৰতৰ বৈশ্বিক ঐতিহ্যৰ অংশ। আমাৰ সাহিত্য, কবিতা, শিল্প আৰু দৰ্শন আদিৰ বহুখিনি বৈদিক যুগৰ। বহু ইতিহাসবিদৰ মতে, এই অঞ্চলতে বেদ ৰচনা কৰা হৈছিল। ইয়াৰ ফলত ধ্ৰুপদী গ্ৰন্থসমূহ মূল ভাষাত পঢ়াটো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছিল। 
 
পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পুথিভঁৰাল
 
ৰাজনৈতিক সংবেদনশীলতাৰ মাজতো দুয়োগৰাকী পণ্ডিতে অনুভৱ কৰিছে যে, বৌদ্ধিক পৰিৱেশৰ পৰিৱৰ্তন হৈছে। ড° ৰছিদে কয় যে, বহুতে তেওঁক সংস্কৃত কিয় শিকিছে বুলি সোধে। আৰু তেওঁ সকলোকে উত্তৰত কয়, "আমি সংস্কৃত ভাষা কিয় শিকিব নালাগে? ই সমগ্ৰ অঞ্চলটোৰ উমৈহতীয়া ভাষা। বিখ্যাত সংস্কৃত ব্যাকৰণবিদ পাণিনিৰ গাঁও এই অঞ্চলতে আছিল। সিন্ধু উপত্যকা সভ্যতাৰ সময়ত ইয়াত বহু প্ৰাচীন গ্ৰন্থ ৰচনা কৰা হৈছিল। তেওঁ কয় যে, সংস্কৃত হৈছে পৰ্বতৰ দৰে— এক সাংস্কৃতিক স্মৃতিসৌধ আৰু অঞ্চলটোৰ মানুহে ইয়াক নিজৰ বুলি দাবী কৰা উচিত। ই কোনো বিশেষ ধৰ্মৰ ভাষা নহয়। 
 
ড° ৰছিদে এই সিদ্ধান্তত উপনীত হৈছে যে, যদি আমি অঞ্চলটোৰ মানুহবোৰ আমাৰ ওচৰলৈ অহাটো বিচাৰো, তেন্তে আমাৰ ধ্ৰুপদী পৰম্পৰাবোৰ বুজিব লাগিব আৰু গ্ৰহণ কৰিব লাগিব। তেওঁ এনে ভৱিষ্যতৰ কল্পনা কৰে, য’ত ভাৰতত অধিক হিন্দু আৰু শিখে আৰবী শিকিবলৈ আৰম্ভ কৰে, আৰু পাকিস্তানৰ অধিক মুছলমানে সংস্কৃত শিকিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত দক্ষিণ এছিয়াৰ বাবে এক সতেজ আৰু আশাবাদী আৰম্ভণিৰ সৃষ্টি হ’ব পাৰে, য’ত ভাষাই বাধাৰ পৰিৱৰ্তে সেতুৰ হিচাপে কাম কৰিব।  
 
(এই প্ৰতিবেদনটি দ্য ট্ৰিবিউন' নামৰ ইংৰাজী বাতৰি কাকতত প্ৰকাশিত হৈছে। আৰু ইয়াৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে।)