১৮ ফেব্ৰুৱাৰীৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সাহিত্য মহোৎসৱ

Story by  atv | Posted by  [email protected] • 14 h ago
১৮ ফেব্ৰুৱাৰীৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সাহিত্য মহোৎসৱ
১৮ ফেব্ৰুৱাৰীৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সাহিত্য মহোৎসৱ
 
গুৱাহাটী
 
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ফ'কেল (Forum for Culture, Arts and Lit-erature)ৰ সহযোগত বিশ্ববিদ্যালয় প্রাংগণত অহা ১৮ ফেব্ৰুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে আন্তর্জাতিক সাহিত্য মহোৎসব-২০২৬ৰ আয়োজন কৰা হৈছে। শনিবাৰে বিশ্ববিদ্যালয়খনৰ ৰংঘৰ প্রেক্ষাগৃহ প্রাংগণত এক সংবাদমেলত এইকথা জানিবলৈ দিয়ে বিশ্ববিদ্যালয়খনৰ উপাচার্য ড° জিতেন হাজৰিকাই।
 
এই মহোৎসৱত ২৫ দেশৰ ১৫০ গৰাকীতকৈও অধিক লেখক-সাহিত্যিক-গৱেষক-প্রকাশক আৰু বুদ্ধিজীবীয়ে অংশগ্রহণ কৰিব বুলি জানিবলৈ দি প্রাধ্যাপক হাজৰিকাই কয় যে সাহিত্যক আন্তঃৰাষ্ট্ৰীয় সেতুবন্ধন হিচাপে প্রতিষ্ঠা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটোৱেই মহোৎসৱখনিৰ লক্ষ্য। ১৮ ফেব্ৰুৱাৰীৰ বিয়লি উদ্বোধনী অনুষ্ঠানত যশস্বী সাহিত্যিক য়েচে দর্জে ঠংছিয়ে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰাৰ লগতে আই এফ এছ আৰু ছৌডি আৰব, ইউ এ ই আৰু ওমানৰ প্ৰাক্তন ৰাষ্ট্রদূত তালমিজ আহমেদে বীজ ভাষণ আগবঢ়াব।
 
তদুপৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ এন মার্গন, জিবুটিৰ আব্দুৰ ৰহমান বেবৰী, দক্ষিণ কোৰিয়াৰ কিয়ং চুক ছিনকে ধৰি যশস্বী সাহিত্যিকে অনুষ্ঠানটোত অংশগ্রহণ কৰিব। মহোৎসৱত দেশৰ লগতে ৰাজ্যখনৰো কেইবাগৰাকী প্রথিতযশা লেখক-সাহিত্যিকে অংশ ল'ব বুলিও তেওঁ জানিবলৈ দিয়ে। মহোৎসৱৰ এইবাৰৰ থীম হৈছে Writings from the Middle East and North Africa চমুকৈ 'মেনা'।
 
সংবাদমেলত উপস্থিত থকা পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে এই মহা আয়োজনে উত্তৰ-পূব ভাৰতক বিশ্ব সাহিত্যৰ মানচিত্ৰত অধিক দৃঢ়ভাবে প্রতিষ্ঠা কৰাত গুৰুত্বপূর্ণ ভূমিকা ল'ব বুলি আশা প্রকাশ কৰে। এনে অনুষ্ঠানৰ বিশাল প্ৰসাৰ-প্ৰচাৰৰ বাবে বিশ্ববিদ্যালয়খনলৈ বিদেশী ছাত্ৰ-ছাত্ৰীৰ আগমন লক্ষণীয়ভাবে বৃদ্ধি পাইছে বুলিও তেওঁ মন্তব্য কৰে। সংবাদমেলৰ পূৰ্বে উপাচাৰ্যগৰাকীয়ে ৰংঘৰ প্ৰাংগণত মহোৎসৱ উপলক্ষে ফ'কেল বুক শ্বপৰ উদ্বোধন কৰে।