১১ এপ্রিলত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী  
 
বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণৰ পিচদিনাই ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। নির্বাচনী প্ৰচাৰৰ বাবে গৈ বোকাজানত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই। 
 
উল্লেখযোগ্য যে, বিগত বৰ্ষৰ মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হৈছিল ১১ এপ্রিলত। সেয়ে এইবাৰো বিহুৰ পূৰ্বে ফলাফল ঘোষণা হ'বনে নাই তাক লৈ পৰীক্ষার্থী আৰু অভিভাৱকসকল উৎকণ্ঠাত আছিল। 
 
বিশেষকৈ ৯ এপ্রিলত বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণৰ বাবে ফলাফলত কিছু পলম হ'ব বুলি ভবা হৈছিল। কিন্তু সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই  ১০ এপ্রিলত মেট্ৰিকৰ ফলাফল ঘোষণা হোৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্রীয়ে। 
 
উল্লেখযোগ্য যে, এই বর্ষত মুঠ ৪,৩৮,৫৬৫ গৰাকী পৰীক্ষার্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ১,৯০,২৪৩ জন ছাত্র আৰু ২,৪৮,৩২২ গৰাকী ছাত্রী। ৰাজ্যৰ মুঠ ১,০৪৬ পৰীক্ষা কেন্দ্ৰত যোৱা ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা।