সংখ্যালঘু পৰিয়ালৰ ব্যতিক্ৰমী সাফল্যঃ একেলগে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ল পিতৃ-কন্যা

Story by  atv | Posted by  Munni Begum • 4 h ago
একেলগে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ল পিতৃ-কন্যা
একেলগে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ল পিতৃ-কন্যা
 
নুৰুল হক / আগৰতলা
 
শিক্ষাৰ কোনো নিৰ্দিষ্ট বয়স নাথাকে; ইচ্ছা আৰু অধ্যৱসায় থাকিলে যিকোনো বয়সতে মানুহে সফলতা অৰ্জন কৰিব পাৰে। এই কথাষাৰকেই যেন বাস্তৱত প্ৰমাণ কৰি দেখুৱালে ত্ৰিপুৰাৰ এজন পিতৃয়ে। জীৱনৰ বহুতো ঘাত-প্ৰতিঘাত, চাকৰি হেৰুৱাৰ বেদনা আৰু আৰ্থিক অনাটনক নেওচি নিজৰ কন্যাৰ লগতে একেলগে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা অৰ্জন কৰিলে এইগৰাকী অদম্য পিতৃয়ে। 
 
চিপাহীজলা জিলাৰ জম্পুইজলা ব্লকৰ প্ৰমোদনগৰৰ প্ৰাক্তন শিক্ষক দুদু মিঞা বৰ্তমান এজন কৃষক। তেওঁ এইবাৰ নিজৰ কন্যা ৰুমা আক্তাৰৰ সৈতে একেলগে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
 
 
শুকুৰবাৰে ঘোষিত ফলাফলত পিতৃ-কন্যা দুয়ো একেলগে উত্তীৰ্ণ হৈছে। কন্যা ৰুমা আক্তাৰে ৫০ শতাংশ নম্বৰ লাভ কৰাৰ বিপৰীতে পিতৃ দুদু মিঞাই লাভ কৰিছে ৪২ শতাংশ নম্বৰ। এই ব্যতিক্ৰমী ঘটনাত পিতৃ-কন্যাৰ এই সাফল্যক লৈ পৰিয়ালৰ লগতে চুবুৰীয়াৰ মাজতো আনন্দৰ লহৰ উঠিছে। বিশেষকৈ পিতৃ দুদু মিঞাৰ এই ব্যতিক্ৰমী প্ৰয়াস আৰু বিভিন্ন প্ৰতিকূলতা নেওচি লাভ কৰা সাফল্যই এক বিৰল নিদৰ্শন দাঙি ধৰিছে।
 
দুদু মিঞাই জানিবলৈ দিয়ে যে ১৯৯৭ চনত তেওঁ মেট্ৰিক পাছ কৰিছিল। তেওঁৰ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ বৰ হেঁপাহ আছিল। কিন্তু আৰ্থিক অনাটনৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। পৰিয়ালৰ দায়িত্ব ল’বলৈ তেওঁ পঢ়া-শুনা এৰি উপাৰ্জনৰ পথ বাছি ল'বলগীয়া হয়। খেতি-বাতি, দিন হাজিৰা আৰু সৰু-সুৰা ব্যৱসায়ৰ মাজেৰে তেওঁ জীৱন নিৰ্বাহ কৰিবলৈ আৰম্ভ কৰে।
 
২০১৪ চনত তেওঁ ত্ৰিপুৰা চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত অ-স্নাতক শিক্ষক হিচাপে চাকৰি লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁলোকৰ এজনী কন্যা সন্তান জন্ম হয়। কিন্তু ভাগ্যৰ নিৰ্মম পৰিহাসত ২০২০ চনত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ১০,৩২৩ জন শিক্ষকৰ লগতে দুদু মিঞায়ো নিজৰ চাকৰি হেৰুৱায়। পৰিয়ালটোক লৈ তেওঁ তীব্ৰ সংকটত পৰে। কন্যাৰ পঢ়া-শুনা আৰু সংসাৰৰ খৰচ চলাবলৈ তেওঁ পুনৰ খেতি-বাতি আৰু শ্ৰমিকৰ কাম কৰিবলৈ বাধ্য হয়।
 
কিন্তু এই কাম-কাজৰ মাজতে কন্যাই যেতিয়া উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময় আহে, তেতিয়া দুদু মিঞাৰ মনলৈ এক নতুন আৰু ব্যতিক্ৰমী চিন্তা আহে। তেওঁ কন্যাৰ সৈতে একেলগে উচ্চতৰ মাধ্যমিক পৰীক্ষা দিয়াৰ সিদ্ধান্ত লয়। পিতৃৰ এই সিদ্ধান্তত কাষত থিয় দিয়ে কন্যা ৰুমা আক্তাৰ। দুদু মিঞাৰ পত্নীয়েও তেওঁক পূৰ্ণ সমৰ্থন জনায়। কন্যাৰ সৈতে পিতৃৰ পুনৰ নতুনকৈ আৰম্ভ হয় শিক্ষাৰ সংগ্ৰাম।
 
দুদু মিঞা তেওঁৰ পত্নী আৰু তেওঁলোকৰ কন্যা ৰুমা
 
দিনটোৰ পৰিশ্ৰমৰ অন্তত কন্যাৰ নোটছৰ পৰাই তেওঁ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰস্তুতি চলায়। ব'ৰ্ডৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত তেওঁক সহায়-সহযোগিতা আগবঢ়ায় প্ৰমোদনগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলে। ২০২৬ চনত ত্ৰিপুৰা ব'ৰ্ডৰ দ্বাৰা পৰিচালিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত কন্যাৰ সৈতে একেলগে অৱতীৰ্ণ হয় দুদু মিঞা।
 
শুকুৰবাৰে এই পৰীক্ষাৰ ফলাফল ঘোষিত হয়। কন্যা ৰুমা আক্তাৰে য'ত ৫০ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে, পিতৃ দুদু মিঞাই উত্তীৰ্ণ হৈছে ৪২ শতাংশ নম্বৰ লাভ কৰি। এই ফলাফলত তেওঁ অত্যন্ত আনন্দিত আৰু অনাগত দিনত কন্যাৰ সৈতেই কলেজীয়া শিক্ষা গ্ৰহণ কৰি স্নাতক ডিগ্ৰী অৰ্জন কৰিব বিচাৰে।
 
দুদু মিঞাই কয়, "মোৰ দৰে এনে বহু লোক আছে যিয়ে অভাৱৰ বাবে নিজৰ শিক্ষা গ্ৰহণৰ সপোন পূৰণ কৰিব পৰা নাই। তেওঁলোকে নতুন মানসিকতাৰে পুনৰ চেষ্টা কৰা উচিত। প্ৰচেষ্টাৰ জৰিয়তেহে সফলতা আহে।"


শেহতীয়া খবৰ