নতুন দিল্লী
প্ৰশ্নকাকত ফাদিলৰ ঘটনাত সাঙোৰ খাই পৰা নেচনেল টেষ্টিং এজেন্সী আৰু কেন্দ্ৰীয় চৰকাৰে ২১ জুনত হ’বলগীয়া নীট-ইউজি পৰীক্ষাত কোনো ধৰণৰ বিজুতি বা খেলিমেলিৰ পুনৰাবৃত্তি হোৱাটো বিচৰা নাই। ইয়াৰ মাজতে নেচনেল মেডিকেল কমিচনেও এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।
২১ জুনত হ’বলগীয়া নীট-ইউজি পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কমিচনে সমগ্ৰ দেশৰ চিকিৎসা মহাবিদ্যালয় আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক হাই এলাৰ্টত থাকিবলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে মেডিকেল কলেজসমূহ ২০ আৰু ২১ জুনত খোলা ৰাখিবলৈ আৰু ইউজি তথা পিজি ছাত্ৰ-ছাত্ৰীসকলৰ ছুটি বাতিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। অতি বিশেষ পৰিস্থিতিতহে কোনোবাই ছুটি পাব।
এনএমচিয়ে বৃহস্পতিবাৰে এটা জাননী জাৰি কৰি সকলো মেডিকেল কলেজৰ ডীন আৰু অধ্যক্ষসকলক পৰীক্ষা সন্দৰ্ভত কঠোৰ নিৰ্দেশ দিছে। লগতে পৰীক্ষাৰ সৈতে জড়িত নিয়ম-নীতিসমূহ কঠোৰভাৱে পালন কৰাত সহযোগিতা কৰিবলৈ কৈছে।
ৰাজ্য চৰকাৰসমূহকো ইয়াৰ পালন নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এনএমচিয়ে এই পদক্ষেপ এনে এক সময়ত গ্ৰহণ কৰিছে, যেতিয়া যোৱা নীট-ইউজি পৰীক্ষাসমূহত মেডিকেলৰ ছাত্ৰই আন ছাত্ৰৰ হৈ পৰীক্ষা দিয়াৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছিল।
ধাৰণা কৰা হৈছে যে এই পদক্ষেপৰ ফলত কোনো ছাত্ৰই আন কাৰোবাৰ ঠাইত পৰীক্ষাত বহিব নোৱাৰিব। এনএমচিয়ে এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশাৱলীত মেডিকেল কলেজসমূহক কৈছে যে কোনো ছাত্ৰ-ছাত্ৰীক ২০ আৰু ২১ জুনত কেৱল এৰাব নোৱাৰা কাৰণৰ বাবেহে উপস্থিত থকাৰ পৰা ৰেহাই দিব পৰা যাব। অৱশ্যে ছুটি লোৱাৰ কাৰণৰ বিতং তথ্য তেওঁলোকে দিয়াটো বাধ্যতামূলক হ’ব।
ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষা কেন্দ্ৰত সোনকালে উপস্থিত হৈ তালাচী প্ৰক্ৰিয়াত সহযোগিতা কৰিবলৈ আহ্বান জনোৱা হৈছে। ছাত্ৰ-ছাত্ৰীসকলক পাতল ৰঙৰ আৰু আধা বাউলৰ কাপোৰ, চটি জোতা বা কম হিল থকা চেণ্ডেল পিন্ধিবলৈ পৰামৰ্শ দিয়া হৈছে।
নীট-ইউজিৰ কাইলৈ অনুষ্ঠিত হ’বলগীয়া পুনৰ পৰীক্ষাক লৈ এনটিএ-ই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা ড্ৰেছ ক’ড জাৰি কৰিছে, য’ত পাগুৰি, মংগলসূত্ৰ, হিজাব বা ধৰ্মীয় প্ৰতীক আৰু সেন্দূৰৰ দৰে বস্তু পিন্ধাৰ ওপৰত কোনো বাধা নাই। এনে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষা কেন্দ্ৰত নিৰ্ধাৰিত সময়তকৈ আগেয়ে উপস্থিত হৈ তালাচী বা পৰীক্ষণ কৰাই ল’বলৈ অনুৰোধ কৰা হৈছে।
এনটিএ-ই ইয়াৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যি ড্ৰেছ ক’ড জাৰি কৰিছে, সেয়া পালন কৰাটো সকলোৰে বাবে বাধ্যতামূলক। ছাত্ৰ-ছাত্ৰীসকলক পাতল ৰঙৰ আৰু আধা হাতৰ কাপোৰ, চপ্পল বা কম হিলৰ চেণ্ডেল পিন্ধি আহিবলৈ পৰামৰ্শ দিছে।
এনটিএ-ৰ সৈতে জড়িত বিষয়াসকলৰ মতে, সকলো পৰীক্ষা কেন্দ্ৰৰ গেটত তালাচীত নিয়োজিত বিষয়া আৰু কৰ্মীসকললৈ ড্ৰেছ ক’ডৰ সম্পূৰ্ণ তালিকা পঠিয়াই দিয়া হৈছে, যাতে ইয়াক লৈ কোনো ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি নহয়।
ইয়াৰ লগতে ডাঙৰ আকাৰৰ বেল্ট, গধুৰ অলংকাৰ, ওখ হিলৰ চেণ্ডেল, ব্লুটুথ, স্মাৰ্ট ৱাটচ আৰু ম’বাইল ফোন নিয়াৰো অনুমতি নাই।
পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ সকলো ছাত্ৰ-ছাত্ৰীক বাধ্যতামূলক নিৰাপত্তা পৰীক্ষাৰ পিছতহে প্ৰৱেশ কৰিবলৈ দিয়া হ’ব। পৰীক্ষা কেন্দ্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষণ দুটা পৰ্যায়ত হ’ব।
প্ৰথম পৰীক্ষণ প্ৰৱেশ পত্ৰ আৰু পৰিচয় পত্ৰৰ আধাৰত হ’ব। দ্বিতীয়টো হ’ব বায়’মেট্ৰিক পৰীক্ষণ। এই পৰীক্ষণসমূহৰ সময়ত চিচিটিভিৰ জৰিয়তে পোনপটীয়া নিৰীক্ষণ কৰা হ’ব। এই সময়ছোৱাত এনটিএ সদৰ কাৰ্যালয়ৰ লগতে জিলা আৰু ৰাজ্যৰ আৰক্ষীয়েও চোকা নজৰ ৰাখিব।