পাণবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক-মানসিক বিকাশৰ বাবে কৰ্মশালাৰ আয়োজন
গুৱাহাটী
পাণবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সকলৰ দ্বাৰা আয়োজিত এক সন্মিলনত DRIPBL STEAM Analytics-ৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া, Lemelson-MIT-ৰ বক্তা/অধ্যাপক, আৰু National Geographic-ৰ পৰামৰ্শদাতা ৰাস্না নাথৰ উপস্হিতিত আৰু পৰিচালনাত এক কৰ্মশালা অনুষ্ঠিত কৰা হয়।
উক্ত কৰ্মশালাখনত তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ভিতৰত লুকাই থকা সুপ্ত প্ৰতিভা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক বৌদ্ধিক, মানসিক বিকাশৰ দিশসমূহ উপস্থাপন কৰে। আনহাতে, বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত যুক্তিসংগত আৰু বিশ্লেষাত্মক পৰীক্ষাৰ বাবেও অনুপ্ৰাণিত কৰে।
কৰ্মশালাৰ দৃশ্য
উল্লেখযোগ্য যে আমেৰিকা নিৱাসী ৰাস্না নাথ গুৱাহাটী নিৱাসী অক্ষয় মজুমদাৰ আৰু ৰেখা মজুমদাৰৰ সুযোগ্য সন্তান। উক্ত অনুষ্ঠানটিত প্ৰাক্তন ছাত্ৰী সকল আৰু বিদ্যালয় খনৰ অধক্ষ্যা হাৱিবা চুলতানাৰ লগতে কেইবা গৰাকীও শিক্ষক শিক্ষয়ত্ৰী উপস্হিত থাকে। অধক্ষ্যা গৰাকীয়ে ৰাস্না নাথক এখনি ফুলাম গামোচাৰে আদৰণি জনায়। প্ৰাক্তন ছাত্ৰী সমিতি তৰফৰ পৰা সম্পাদিকা মিনাক্ষী শ্যামে এখনি এৰী চাদৰ, এটি ফুলৰ থোপা, এটি মিঠাইৰ টোপোলা আৰু বিদ্যালয়ৰ আলোচনী এখনেৰে সম্বৰ্ধনা জনায়।
এই কৰ্মশালা আৰু বাৰ্তালাপৰ দ্বাৰা ছাত্ৰছাত্ৰী সকলে যথেষ্ট আগ্ৰহ প্ৰকাশ কৰাৰ লগতে উপকৃত ও হয়।