স্বচ্ছ আৰু নিকাভাৱে নীট পৰীক্ষা অনুষ্ঠিত কৰাৰ উদ্দেশ্যে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ ৰাজ্য চৰকাৰৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
স্বচ্ছ আৰু নিকাভাৱে নীট পৰীক্ষা অনুষ্ঠিত কৰাৰ উদ্দেশ্যে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ ৰাজ্য চৰকাৰৰ
স্বচ্ছ আৰু নিকাভাৱে নীট পৰীক্ষা অনুষ্ঠিত কৰাৰ উদ্দেশ্যে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ ৰাজ্য চৰকাৰৰ
 
গুৱাহাটী
 
২১ জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া নীট পৰীক্ষাক লৈ ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ পুনৰ অনুষ্ঠিত হ’বলগীয়া নীট পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল ৰোধ কৰিবলৈ আৰু নিৰাপত্তাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে সাময়িকভাৱে টেলিগ্ৰাম নিষিদ্ধ কৰিছে। অসমটো নীট পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
 
বুধবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নীট পৰীক্ষা সন্দৰ্ভত সংশ্লিষ্ট সকলো অংশীদাৰ কৰ্তৃপক্ষৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত কেতবোৰ নির্দেশনাৰ লগতে কিছু পদক্ষেপ গ্রহণৰ কৰা হৈছে বুলি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। স্বচ্ছ আৰু নিকাভাৱে নীট পৰীক্ষা অনুষ্ঠিত কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে।
সেই নিৰ্দেশনাসমূহৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই এক্সত এক পোষ্টৰ কয়, "সকলো প্ৰাৰ্থীৰ বাবে দ্বৈত স্তৰত পৰীক্ষণ ব্যৱস্থা কৰা হৈছে। সেইদৰে পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসার্ধত ধাৰা ১৪৪ বলৱৎ থাকিব। বৈধ এডমিট কার্ড থকা প্ৰাৰ্থীৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছত বিনামূলীয়া যাত্রাৰ ব্যৱস্থা কৰা হৈছে। পৰীক্ষাস্থলীত 'মোবাইল জেমাৰ' স্থাপনৰ ব্যৱস্থা কৰা হৈছে। পৰীক্ষা কেন্দ্ৰত ২৪ ঘণ্টাই আৰক্ষী সুৰক্ষা ব্যৱস্থা থাকিব।" 
 
তেওঁ লগতে কয়, "সামৰিক বিষয়াসকলে কঢ়িয়াই নিব প্রশ্নকাকত। সকলো পৰীক্ষা কেন্দ্রতে চিচিটিভি নিৰীক্ষণ কেন্দ্ৰ থাকিব। অসমৰ ১৭ খন চহৰৰ ৮৭ টা কেন্দ্ৰত ৪৩,৩১৯ গৰাকী পৰীক্ষাৰ্থী নীট পৰীক্ষাত অৱতীৰ্ণ হ'ব। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ প্ৰতি কেতবোৰ নিৰ্দেশনা জাৰি কৰা হয়।"
 
তেওঁ জিলা প্ৰশাসনক নিৰ্দেশনা প্ৰদান কৰি কয় যে, কোনো ব্যক্তিক কেৱল অত্যন্ত জৰুৰী পৰিস্থিতিত আৰু জিলা দণ্ডাধীশৰ পূৰ্ব অনুমোদন সাপেক্ষেহে লকাৰ গৃহত প্ৰৱেশৰ অনুমতি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইয়াৰ উপৰি তেনে লকাৰসমূহৰ নিৰাপত্তা আৰু নিৰীক্ষণৰ বাবে প্রতিখন জিলাতে উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াক দায়িত্ব অর্পণ কৰিব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷