গুৱাহাটী
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ তৃতীয় বৰ্ষৰ এজন বি টেক শিক্ষাৰ্থীক দেওবাৰে দুপৰীয়া প্ৰতিষ্ঠানখনৰ একাডেমিক কমপ্লেক্সত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে ঘটনাটোক সন্দেহজনক আত্মহত্যাৰ ঘটনা হিচাপে তদন্ত আৰম্ভ কৰিছে। অৱশ্যে, মৰণোত্তৰ পৰীক্ষা আৰু তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে মৃত্যুৰ সঠিক কাৰণ স্পষ্ট হ'ব।
জানিব পৰা মতে, দেওবাৰে প্ৰায় দুপৰীয়া ২:৩০ বজাত এই ঘটনা সংঘটিত হয়। প্ৰাথমিক তথ্য অনুসৰি, শিক্ষাৰ্থীগৰাকী একাডেমিক ভৱনৰ পঞ্চম মহলাৰ পৰা তললৈ পৰি যায় বুলি সন্দেহ কৰা হৈছে।
মৃত শিক্ষাৰ্থীগৰাকীক ৰিতেশ ৰাজ সিং বুলি চিনাক্ত কৰা হৈছে। তেওঁ আই আই টি গুৱাহাটীৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিকী বিভাগৰ তৃতীয় বৰ্ষৰ বি টেকৰ ছাত্ৰ আছিল আৰু ব্ৰহ্মপুত্ৰ ছাত্ৰাবাসত বাস কৰিছিল।
সূত্ৰসমূহে জনোৱা মতে, ৰিতেশ এগৰাকী মেধাৱী শিক্ষাৰ্থী আছিল আৰু শেহতীয়াকৈ বিশ্বখ্যাত বিনিয়োগ বেংকিং সংস্থা গোল্ডমেন চেক্সত ইণ্টাৰ্নশ্বিপ লাভ কৰিছিল।
ঘটনাটোৰ পিছত আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক ড° দেৱেন্দ্ৰ জলিহালে প্ৰতিষ্ঠানখনৰ শিক্ষক-শিক্ষাৰ্থীসকললৈ প্ৰেৰণ কৰা এক ই-মেইল বাৰ্তাত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ কয় যে, ৰিতেশৰ অকাল বিয়োগ আই আই টি গুৱাহাটীৰ বাবে এক অপূৰণীয় ক্ষতি। এই কঠিন সময়ত প্ৰতিষ্ঠানখন মৃত শিক্ষাৰ্থীগৰাকীৰ পৰিয়ালৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰাৰ লগতে সকলোধৰণৰ সহায় আগবঢ়াই আছে।
ইফালে, কামৰূপ আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, মৃত্যুৰ আঁৰৰ প্ৰকৃত পৰিস্থিতি এতিয়াও স্পষ্ট হোৱা নাই আৰু সকলো দিশৰ পৰা ঘটনাটোৰ তদন্ত চলি আছে।
উল্লেখ্য যে, যদি এই ঘটনাটো আত্মহত্যা বুলি নিশ্চিত হয়, তেন্তে ২০২৬ চনত আই আই টি গুৱাহাটীত শিক্ষাৰ্থীৰ সন্দেহজনক আত্মহত্যাৰ এয়া প্ৰথমটো ঘটনা হ'ব। ইয়াৰ পূৰ্বে ২০২৪ চনত প্ৰতিষ্ঠানখনত চাৰিজন শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল, যাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য, শৈক্ষিক চাপ আৰু পৰামৰ্শ ব্যৱস্থাক লৈ ব্যাপক আলোচনা আৰম্ভ হৈছিল।